Monday, January 23, 2017

দাৰিদ্ৰতাৰ অন্ধকূপৰ পৰা সফলতাৰ শিখৰলৈ মধুসুদন ৰাওৰ সংগ্ৰামী যাত্ৰা



হাইদৰাবাদৰ আটাইতকৈ সম্ভ্ৰান্ত অঞ্চলৰ এটা সুবিশাল অট্টালিকাত মধুসুদন ৰাৱে বাস কৰে। তেওঁ অন্ধ্ৰপ্ৰদেশৰ ২০ টাকৈ কোম্পানীৰ মালিক। তেওঁ দলিত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ অন্ধ্ৰপ্ৰদেশ শাখাৰ অধ্যক্ষ। এই কথা জানিব পাৰিলে সকলোৱে আচৰিত হয় যে, সমাজত আজি অতি উচ্চ স্থানত অধিস্থিত মধুসুদন ৰাও এসময়ত আছিল অতি পিছপৰা সম্প্ৰদায়ৰ সমাজৰ এজন অৱহেলিত, নিষ্পেষিত ব্যক্তি। দাৰিদ্ৰতাৰ অন্ধকূপৰ পৰা সফলতাৰ শিখৰলৈ আৰোহন কৰা মধুসুদন ৰাওৰ জীৱন কাহিনী এক ৰূপকথাতকৈ কোনোগুণে কম নহয়।
অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাত পলকুৰু গাঁৱত পিছপৰা সম্প্ৰদায় এটাত অতি দৰিদ্ৰ পৰিয়ালত মধুসুদন ৰাওৰ জন্ম হৈছিল। দেউতাকৰ নাম পেৰেয়া আৰু মাকৰ নাম ৰামুলম্মা। দেউতাক আছিল জমিদাৰৰ ঘৰত কাম বন কৰা এজন ক্ৰীতদাসমাকেও জমিদাৰৰ ঘৰত আলধৰা কাম কৰিছিল। ঘৰত আঠটা ল’ৰা ছোৱালীৰ মাজত পঞ্চম সন্তান আছিল মধুসুদন।
অতি দুখীয়া আৰু পিছপৰা সম্প্ৰদায়ৰ হোৱা বাবে মধুসুদনৰ ল’ৰালিকাল অতি কষ্টত পাৰ হৈছিল। দুবেলা দুমুঠি খাবলৈ পৰিয়ালটোৱে অনবৰতে সংগ্ৰাম কৰিবলগীয়া হৈছিল। এটা সৰু, জৰাজীৰ্ণ পঁজাত তেওঁলোকে বাস কৰিছিল। মধুসুদনে সৰু কালত মাক দেউতাকক দেখাই পোৱা নাছিল। নিচেই পুৱাই দুয়ো কামলৈ ওলাই গৈছিল আৰু নিশা ঘৰলৈ উভতিছিল। তেওঁলোক নিশা ঘৰত থকা সময়ত সৰু ল’ৰা ছোৱালী কেইটা শুয়েই থাকিছিল
মধুসুদনহঁতৰ দলিত পৰিয়ালটো সমাজৰ মানুহে একেবাৰে নিম্নস্তৰৰ বুলি গণ্য কৰিছিল। দেউতাকে সমাজত মূৰ তুলি কথা ক’ব নোৱাৰিছিল, চুৰিয়া আঠুৰ ওপৰত পিন্ধিবলগীয়া হৈছিল। সমস্ত জীৱন ধৰি দেউতাকে এজন জমিদাৰৰ ওচৰত ক্ৰীতদাস হিচাপে কাম কৰিছিল। মধুসুদনৰ ককাক আৰু আজোককাকেও জমিদাৰৰ ঘৰত ক্ৰীতদাসৰ কাম কৰিছিল। সেই সময়ত জমিদাৰৰ খেতিপথাৰ, তেওঁলোকক জন্তুৰ চোৱাচিটা, ঘৰৰ চাফ-চিকুণ কৰা কাম দেউতাকৰ দৰে শ্ৰমিকে কৰিছিল। জমিদাৰে কাম ভাল পালে পইচা পায়, নহলে নাইআঠটাকৈ লৰা ছোৱালী থকা ঘৰখনত সকলোকে পেট ভৰাই খাবলৈ অসুবিধা হৈছিলসেইকাৰণে মধুসুদনৰ মাকেও পৰিশ্ৰম কৰিবলগীয়া হৈছিল। মাকেও জমিদাৰৰ ঘৰত কাম কৰিছিল আৰু তাত কাম নাথাকিলে আন কামৰ সন্ধান কৰিছিল। পৰিস্থিতি ইমানেই বেয়া আছিল যে অতি কম বয়সতে ডাঙৰজনী ছোৱালীক লগত লৈ মাকে ধঁপাতৰ ফেক্টৰীত কাম কৰিবলগীয়া হৈছিল। মাক জীয়েকে নিতৌ ১২ কিলোমিটাৰ খোজকাঢ়ি ধঁপাত ফেক্টৰীলৈ গৈছিল আৰু ঘণ্টাৰ পিছত ঘণ্টা কাম কৰি পুনৰ খোজকাঢ়ি ঘৰলৈ উভতি আহিছিল। ইমান কষ্ট স্বীকাৰ কৰাৰ পিছতো বহু সময়ত দৰিদ্ৰ পৰিয়ালটো ভোকতেই থাকিবলগীয়া হৈছিল।
মধুসুদন ৰাওৰ জীৱন সেই সময়ত সলনি হবলৈ আৰম্ভ কৰিছিল যেতিয়া তেওঁক পঢ়া-লিখাৰ বাবে বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। দৰিদ্ৰ দেউতাকে আঠোটাকৈ সন্তানৰ ভিতৰত দুজনকহে তেওঁ বিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈ সমৰ্থ আছিলমধুসুদনৰ পূৰ্বে তেওঁৰ ককায়েক মাধৱক বিদ্যালয়লৈ পঠোৱা হৈছিল। পিছত নিৰ্বাচন কৰা হৈছিল মধুসুদনকমাধৱ আৰু মধুসুদন, দুয়ো ভায়েক চৰকাৰী বিদ্যালয়লৈ যাব ধৰিলে। দুয়ো মনোযোগ দি পঢ়া-শুনা কৰিলে। মধুসুদনে সদায়ে পৰীক্ষাত ভাল নম্বৰ লাভ কৰিছিল।
বিদ্যালয়লৈ গ’লেও দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নোপোৱাৰ বাবে মাধৱ আৰু মধুসুদন নিশকতীয়া হৈ যাবলৈ ধৰিলে। সেই সময়ত গাঁৱৰ ওচৰৰ এখন চৰকাৰী ছচিয়েল ৱেলফেয়াৰ হোষ্টেলৰ ৱাৰ্ডেন লক্ষ্মী নৰস্যাৰ বাবে মাধৱ আৰু মধুসুদনৰ জীৱনলৈ এক পৰিৱৰ্তন আহিল। লক্ষ্মী নৰস্যাই মধুসুদনৰ দেউতাকক দুয়োকে সেই হোষ্টেলত ভৰ্তি কৰাবলৈ সৈমান কৰালে পঢ়া শুনাত ভাল হোৱাৰ বাবে অতি ডাল দৰিদ্ৰ পৰিয়ালৰ দুয়ো ভাইৰ বাবে হোষ্টেলত বিনামূলীয়াকৈ থকা-খোৱাৰ সুবিধা দিয়া হল। ককায়েক মাধৱৰ দৰে মধুসুদনো হোষ্টেলত থাকিবলৈ আৰম্ভ কৰিলে।
হোষ্টেলত দিনত তিনিবাৰকৈ পেট পূৰাই খাবলৈ পোৱাটোৱেই মাধৱ আৰু মধুসুদনৰ বাবে  পৰম সৌভাগ্যৰ কথা আছিলখাদ্য বেয়া হলেও দুয়ো কেতিয়াও আপত্তি কৰা নাছিল খাবলৈ পোৱাটোৱেই তেওঁলোকৰ বাবে ডাঙৰ কথা আছিল। হোষ্টেলৰ ৱাৰ্ডেন আৰু দায়িত্বত থকা শিক্ষকে চোকা ছাত্ৰ মধুসুদনক বহুত সহায় কৰিছিল। ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ বাবে তেওঁলোকে নিৰৱচ্ছিন্নভাৱে তেওঁলোকে তেওঁক  উৎসাহিত কৰিছিল। মধুসুদনে সদায়ে শ্ৰেণীত প্ৰথম পাঁচজনৰ ভিতৰত স্থান লাভ কৰিছিল।
সমাজ কল্যাণ বিভাগৰ ছাত্ৰাবাসত থাকি মাধৱ আৰু মধুসুদনে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সুখ্যাতিৰে পাছ কৰিলে। ককায়েক মাধৱে অভিযান্ত্ৰিক মহাবিদ্যালয়ত অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত হৈছিল। মধুসুদনেও অভিযন্তা হ’ব বিচাৰিছিল। কিন্তু দুজনকৈ ল’ৰাৰ বাবে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খৰছ বহন কৰাটো পৰিয়ালৰ বাবে সম্ভৱপৰ নাছিল। বহুতেই পৰামৰ্শ দিছিল যে মধুসুদনে অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ সলনি পলিটেকনিক কৰিলে খৰছো কম হব, চাকৰিও সোনকালে পাই যাব। সেই সময়ত পৰিয়ালটোৰ বাবে চাকৰি এটাৰ বৰ প্ৰয়োজন আছিল। উপায় নাপাই মধুসুদনে অভিযন্তা হোৱাৰ সপোন বাদ দি শ্ৰীভেংকেটেশ্বৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে আৰু দুবছৰ তিৰুপতিত আৰু এবছৰ ঔংগলত অধ্যয়ন কৰি পলিটেকনিক ডিপ্লমা অৰ্জন কৰিলে।
মধুসুদনে কনিষ্ঠ অভিযন্তাৰ ডিপ্লোমা লাভ কৰাৰ লগে লগে পৰিয়ালৰ সকলোৰে প্ৰত্যাশা বৃদ্ধি হল। মাক-দেউতাক আৰু ভায়েক-ককায়েকে আশা কৰিলে যে মধুসুদনে ভাল চাকৰি লাভ কৰিব আৰু তেওঁৰ উপাৰ্জনেৰে ঘৰখনৰ পৰা দৰিদ্ৰতা আঁতৰি যাব । চাকৰিৰ বাবে মধুসুদনে বিভিন্ন ঠাইত আবেদন কৰিলে। দুৱাৰে দুৱাৰে গৈ চাকৰি বিচাৰিলে কেইবাঠাইতো সাক্ষাত্কাৰত অৱতীৰ্ণ হ’লকিন্তু বহু চেষ্টাৰ পিছতো মধুসুদনে চাকৰি পাবলৈ সমৰ্থ নহ সেই সময়ত চাকৰি পাবলৈ আৱশ্যক হৈছিল কোনোবা জনা শুনা মানুহৰ লগত থকা চিনাকী বা টকা পইছা। তেওঁৰ ওচৰত ইয়াৰ এটাও নাছিল।  তদুপৰি সামাজিক বৈষম্যৰ বাবে তেওঁৰ দৰে দলিত সম্প্ৰদায়ৰ এজন দুখীয়া যুৱকৰ বাবে চাকৰি লাভ কৰাটো কঠিন আছিল। নিৰক্ষৰ মাক দেউতাকৰ পৰিয়ালত ডাঙৰ দীঘল হোৱা বাবেও তেওঁ চাকৰিৰ বাবে অযোগ্য বিবেচিত হৈছিল।
জীৱনৰ সেই কঠিন দিনবোৰত মধুসুদন উদাস আৰু ভাৰাক্ৰান্ত হৈ পৰিছিল। তেওঁৰ পঢ়া-শুনাৰ বাবে পৰিয়ালৰ সকলোৱে অত্যন্ত কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল। মাক-দেউতাক, ভায়েক-ভনীয়েক সকলোৱে ভাবিছিল যে উত্তীৰ্ণ হোৱাৰ পিছতে মধুসুদনে ভাল চাকৰি এটা পাব,  উপাৰ্জন কৰিবতেওঁৰ ওপৰতে আছিল সকলোৰে ভৰসা। তেনে পৰিস্থিতিত তেওঁ হাত সাৱটি ঘৰত বহি থাকিব নোৱাৰিলেযিকোনো কাম কৰি দুপইছা উপাৰ্জন কৰাৰ কথা তেওঁ চিন্তা কৰিলে।
মধুসুদনে সিদ্ধান্ত গ্ৰহণ কৰিলেযে তেওঁ চাকৰিৰ কাৰণে বহি নাথাকে। বৰং তেওঁ অন্য ভায়েক ভনীয়েক হঁতৰ দৰে কঠোৰ শাৰীৰিক শ্ৰম কৰিব। তেওঁৰ এজন ভিনিহীয়েকে হায়দৰাবাদত মিস্ত্ৰীৰ কাম কৰিছিল। মধুসুদনেও ভিনিহীয়েকৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ মিস্ত্ৰীৰ সহায়কৰ কাম শিকিলে। মাটি আৰু শিল ধুৱা কাম শিকিলে। চিমেণ্ট, বালি আৰু শিল মিহলি কৰি মচলা বনাই পকীঘৰ সাজিব শিকিলে। নতুন পকীঘৰৰ মজিয়াত পানী দিয়া কাম কৰিলেমিস্ত্ৰী এজনে কৰা  সকলো কামেই তেওঁ কৰিলে।
যিহেতু মজদুৰীৰ পৰা দৈনিক বেছি উপাৰ্জন কৰিব নোৱাৰি, সেই বাবেই তেওঁ অন্য কাম বিচাৰিবলৈ আৰম্ভ কৰি দিলে। দিনটো মজদুৰী কৰাৰ বিনিময়ত তেওঁ ৫০ টকাকৈ পাইছিলতেওঁ খবৰ কৰি জানিব পাৰিলে যে দিনটো মজদুৰি কৰাৰ পিছত নিশা চকীদাৰৰ কাম কৰিলে দিনে অতিৰিক্ত ১২০ টকা উপাৰ্জন কৰিব পাৰি তেতিয়া তেওঁ নিশাও চকীদাৰৰ কাম কৰিবলৈ আৰম্ভ কৰি দিলে এজন শিক্ষিত আৰু ডিপ্লোমাধাৰী কনিষ্ঠ অভিযন্তা হৈয়ো দিনটো মজদুৰী আৰু ৰাতি চকীদাৰৰ কাম কৰি তেওঁ পৰিয়ালৰ বাবে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিলে।
          নিজৰ ওপৰত বিশ্বাস আৰু কষ্ট কৰাৰ মানসিকতা থাকিলে মানুহক ভাগ্যয়ো সহায় কৰে।  মধুসুদনৰ জীৱনলৈকো এদিন সোণালী সুযোগ আহিল। এদিন মজদুৰ হিচাপে তেওঁ টেলিফোনৰ খুঁটাৰ বাবে গাত খান্দি আছিলএজন অভিযন্তাই তেওঁৰ কাম চাই আছিল। এসময়ত অভিযন্তাজন তেওঁৰ ওচৰলৈ আহি সুধিলে- “তুমি এজন শিক্ষিত যুৱক নেকি”?
“হয়, মই পলিটেকনিক কৰিছোঁ”মধুসুদনে উত্তৰ দিলে।
“তোমাৰ কাম কৰাৰ ধৰণ দেখিয়েই মই বুজিব পাৰিছিলো যে তুমি পঢ়া শুনা কৰিছা। অন্য মজদুৰ হলে এইদৰে জোখমাখ কৰি গাত নাখান্দে। মই মাত্ৰ তোমাকেই মাথোঁ দেখিছো যিয়ে জোখ-মাপ কৰি বিজ্ঞানসন্মতভাৱে গাত খান্দিছা”
          প্ৰশংসা শুনি মধুসুদনৰ মনত আনন্দ লাগিল। তেওঁ হাতজোৰ কৰি ক’লে, “বহুত ধন্যবাদ ছাৰ”।
“মোৰ লগত চাকৰি কৰিবা” অপ্ৰত্যাশিত ভাৱে অভিযন্তাজনৰ মুখত এই প্ৰশ্ন শুনাৰ পিছত মধুসুদন আনন্দবিহ্বল হৈ পৰিল।
তেওঁ অভিযন্তাজনৰ ভৰিত পৰি ক’লে, “ছাৰ, মোক চাকৰি এটাৰ সঁচাকৈয়ে বৰ প্ৰয়োজন। মোৰ পৰিয়ালে মোৰ ওপৰতে আশা ৰাখিছে। মই মাথোঁ চাকৰিৰ অপেক্ষাত আছোঁ”।
সেই অভিযন্তাজনে তেওঁক নিজক কাৰ্যালয়লৈ লৈ গল। “চাকৰিৰ বাবে তুমি এটা সাক্ষাত্কাৰ দিব লাগিব। সাক্ষাত্কাৰত উত্তীৰ্ণ হ’লেহে চাকৰিটো পাবা”। অভিযন্তাজনে ক’লে।
মধুসুদনৰ সাক্ষাৎকাৰ আৰম্ভ হল। এফালে সাক্ষাৎকাৰ চলি আছে, আনফালে কাৰ্যালয়টোত এজন মূল ঠিকাদাৰৰ সৈতে তলতীয়া ঠিকাদাৰৰ মাজত কোনো এটা ঠিকাৰ ভাগ বতৰাক কেন্দ্ৰ কৰি বাদ বিবাদ চলি আছে। তলতীয়া ঠিকাদাৰক কাম এটাৰ বাবে বেছি ধন লাগে। কথাবোৰ মধুসুদনৰ কাণত পৰিল।
মধুসুদনে কওঁ নকওঁকৈ ক’লে, “এই কামটো মই বহুত কম পইছাত কৰি দিব পাৰিম। মই মজদুৰৰ পৰিয়ালৰ পৰাই আহিছোঁ, নিজেও মজদুৰি কৰিছোঁ। সেই কাৰণে মজদুৰৰ পৰা কাম উলিওৱাত মই পাকৈত”।
“তুমি সেইবোৰ চিন্তা কৰিব নালাগে। সাক্ষাত্কাৰত মনোযোগ দিয়া”। সাক্ষাত্কাৰ গ্ৰহণ কৰি থকা বিষয়া জনে তেওঁক ধমক দিলে।
কিন্তু ঠিকাদাৰ আৰু উপ ঠিকাদাৰৰ কাজিয়া বাঢ়ি গ’ল। শেষত ঠিকাদাৰজনক মতাই অনা হ’ল“এওঁ মধুসুদন ৰাও। এওঁ কামটো কম পইছাতে কৰি দিব পাৰিব বুলি কৈছে”বিষয়া জনে মধুসুদনলৈ আঙুলিয়াই ঠিকাদাৰজনক ক’লে। ঠিকাদাৰজন সৈমান হ’ল। মধুসুদনে ঠিকাৰ কামটো পালে।
ঠিকাৰ কামটো পালে ঠিকেই কিন্তু মজদুৰক আগতীয়াকৈ পইচা দিবলৈ আৰু কাম আৰম্ভ কৰিবলৈ হাতত তেওঁৰ এটকাও নাছিল। মধুসুদনে সকলো ভাই-ভগ্নীৰপৰা সহায় বিচাৰিলে। এগৰাকী ভনীয়েকে তেওঁক সাঁচতীয়া ৯০০ টকা হাতত দিলে। সেই ৯০০ টকা আছিল মধুসুদনৰ জীৱনৰ বাবে আটাইতকৈ অমূল্য আৰু যুগান্তকাৰী মূলধনএই ধন লৈ তেওঁ মজদূৰৰ ওচৰলৈ গল আৰু কাম কৰিবলৈ মান্তি কৰিলেমাত্ৰ ৯০০ টকাৰ মূলধনেৰে মধুসুদনৰ পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হৈ গল। প্ৰথম ঠিকাতে তেওঁৰ ২০ হাজাৰ টকা উপাৰ্জন হল। সেই উপাৰ্জনে তেওঁৰ জীৱন সলনি কৰি দিলে।
তাৰ পিছত মধুসুদনে পিছলৈ উভতি চাবলগীয়া হোৱা নাই। মধুসুদনৰ কামত সন্তুষ্ট হৈ ঠিকাদাৰজনে মধুসুদনক আৰু কেইবাটাও কাম নতুন ঠিকাৰ কাম হাতত দিলে। কামৰ বাবে নগদ এক লাখ টকা তেওঁক আগতীয়াকৈ দিলে। ইয়াৰ পূৰ্বে তেওঁ কেতিয়াও এক লাখ টকা একেলগে দেখা নাছিলতেওঁ বহুত আনন্দিত হৈ পৰিছিলযেতিয়া গাঁৱলৈ গৈ মা-দেউতাৰ হাতত এক লাখ টকা তুলি দিছিল, তেওঁলোক বিতত হৈ পৰিছিল। তেওঁলোকে বিশ্বাসেই কৰিব পৰা নাছিল। সকলোৱে আচৰিত হৈ সুধিছিল, “ইমান টকা কৰপৰা আহিল? তই কি কৰিলি? ৰপৰা আনিলি ইমান টকা?” যেতিয়া তেওঁ কিদৰে এই টকা উপাৰ্জন কৰিলে ক’লে, আটাইৰে চকুৰে অশ্ৰু নিগৰি আহিছিল। এই ধনৰ বাবে তেওঁৰ এজনী ভনীয়েকৰ বিয়া সম্ভৱ হৈছিল। ভনীয়েকক বিয়া দিয়াৰ পিছত তেওঁ পুনৰ হায়দৰাবাদলৈ উভতি আহি কামত মনোনিৱেশ কৰিলেঠিকা পাই গ, উপাৰ্জন বাঢ়ি গল।
লাহে লাহে সকলোতে পৰিৱৰ্তন আৰম্ভ হৈ গল। দাৰিদ্ৰ্য দূৰ হল। মধুসুদন দোপত দোপে আগবাঢ়ি গ’লকিন্তু এনে সময়তে আন এটা ঘটনা সংঘটিত হ, যিয়ে মধুসুদনৰ হাত পুনৰ খালী কৰি দিলেতেওঁ যিসকল লোকক বিশ্বাস কৰিছিল, তেওঁলোকেই প্ৰবঞ্চনা আৰু বিশ্বাসঘাতকতা  কৰিলে। কেইজনমান সতীৰ্থই কোৱা বাবে তেওঁলোকৰ সৈতে মিলি তেওঁ এটা কোম্পানী আৰম্ভ কৰিছিলকোম্পানীৰ কামো প্ৰত্যাশিত ধৰণেই আগুৱাইছিল। কিন্তু সতীৰ্থসকলে তেওঁক এনেদৰে প্ৰবঞ্চনা কৰিলে যে তেওঁৰ সমস্ত কষ্টোপাৰ্জিত ধন নিমিষতে শেষ হৈ গ’ল তেওঁৰ মূৰত যেন আকৌ কোনোবাই ৰামটাঙোণ পৰিল।
জীৱনৰ সেই কঠিন মুহূৰ্তত তেওঁ ঠিকা আৰু ব্যৱসায় পৰিহাৰ কৰি চাকৰি কৰাটোৱেই ভাল হ’ব বুলি ঠিৰাং কৰিলেমধুসুদনে এক অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চাকৰি আৰম্ভ কৰিলে। সেই চাকৰিটোৰ সময়তে মধুসুদনে বিবাহপাশত আৱদ্ধ হল। আমোদজনক কথাটো হল মধুসুদনৰ পত্নী পদ্মলতাই মধুসুদনৰ আগত এটা চৰ্ত দিছিল যে তেওঁ কেতিয়াও ব্যৱসায় কৰিব নোৱাৰিব, মাত্ৰ চাকৰিতেই মনোনিৱেশ কৰিব লাগিব ব্যৱসায়ত মধুসুদনে সন্মুখীন হোৱা চৰম বিপৰ্যয়ৰ কথা জানিব পাৰিয়েই পত্নীয়ে এই চৰ্ত ৰাখিছিল। তেওঁ চৰ্তত সন্মতি প্ৰকাশ কৰিলে।
কিন্তু চাকৰিয়ে মধুসুদনক বান্ধি ৰাখিব নোৱাৰিলে। তেওঁৰ মনটোৱে বাৰে বাৰে তেওঁক ব্যৱসায়ৰ দিশে আকৰ্ষিত কৰি থাকিলতেওঁ বিশ্বাস কৰিছিল যে এজন সফল ব্যৱসায়ী হবলৈ তেওঁৰ গাত সকলো গুণ আছে আৰু চাকৰি কৰি থাকিলেএই গুণসমূহ এদিন অনাহকত মৰহি যাব।
পত্নীক নোকোৱাকৈয়ে মধুসুদনে এটা কোম্পানী আৰম্ভ কৰি দিলে। কোম্পানীটোৱে ঠিকা পাবলৈ আৰম্ভ কৰিলে আৰু তেওঁ কামত নিয়োজিত হৈ পৰিল। ইয়াৰ মাজতে পত্নীয়ে ঘৰলৈ অহা এখন চিঠি পঢ়ি জানিব পাৰিলে যে মধুসুদন পুনৰ ব্যৱসায়ত লাগিছে। পত্নী খঙত অগ্নিশৰ্মা হ’ল, মধুসুদনক ব্যৱসায় বন্ধ কৰি পুনৰ চাকৰিত মনোনিৱেশ কৰিবলৈ কলে। মধুসুদনে পত্নীক বুজালে, তেওঁলোক দুয়ো মিলি চাকৰি কৰি এবছৰত যিমান উপাৰ্জন কৰে, তাতকৈ বেছি টকা তেওঁ ব্যৱসায় কৰি এমাহতে উপাৰ্জন কৰিব পাৰিব। অৱশেষত পত্নী সৈমান হ’ল। তেওঁৰ ব্যৱসায়ৰ প্ৰতি থকা আকৰ্ষণ পত্নীয়ে অনুভৱ কৰিব পাৰিলে। পত্নীয়ে তেওঁৰ সকলো কামতে সংগ দিবলৈ ল’লে। পত্নীৰ সহায় আৰু সহযোগে তেওঁক আৰু দ্ৰুতগতিত আগবাঢ়ি যাবলৈ সহায় কৰিলে।
মধুসুদনে তাৰ পিচত আৰু পিচলৈ উভতি চাবলগীয়া হোৱা নাই। ইটোৰ পিছত সিটোকৈ তেওঁ এতিয়ালৈ ২০টা কোম্পানী আৰম্ভ কৰিলে। সেইবোৰৰ ভিঅতৰত তথ্য প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি ফুড প্ৰছেচিঙলৈ বহু ধৰণৰ কোম্পানীনিজৰ কোম্পানীসমূহৰ বাবে মধুসুদন ৰাও কেৱল ভাৰততেই নহয়, বৰং বিশ্বৰ বহু দেশত প্ৰসিদ্ধ হৈ পৰিছে। তেওঁ দলিত ইণ্ডিয়ান চেম্বাৰ অব্ কমাৰ্চৰ অন্ধ্ৰপ্ৰদেশ শাখাৰো অধ্যক্ষ। ২০টাকৈ কোম্পানী তেওঁ অকলে কেনেকৈ চম্ভালে সেয়াও এক বিস্ময়। তেওঁ কোৱা মতে তেওঁ অকলশৰীয়া নহয়। পৰিয়ালৰ লোকসকলে তেওঁক সহায় কৰে। ভাতৃসকলেও তেওঁৰ হৈ কাম চম্ভালে। তদুপৰি কোম্পানীৰ সকলো বিষয়া কৰ্মচাৰীয়ে নিস্থাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰে। তেওঁ প্ৰতিটো কোম্পানীতে একোজন বিশেষজ্ঞ মুৰব্বী হিচাপে আছে। সকলোৱে নিজৰ কাম কৰি গৈছে। প্ৰতিদিনে তেওঁ আটাইবোৰ মুৰব্বীৰ সৈতে কথা পাতে আৰু সকলো সময়তে ব্যৱসায়িক সুযোগৰ সন্ধান কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰে। সকলোৰে প্ৰতি থকা বিশ্বাসে তেওঁক  ২০ টাকৈ কোম্পানী নিয়ন্ত্ৰণ কৰাৰ বাবে সুবিধা কৰি দিছে।
মধুসুদন ৰাৱে কয়, ‘মা-দেউতা মোৰ বাবে প্ৰেৰণা। তেওঁলোকে দিনটোত ১৮ ঘণ্টালৈকে কাম কৰাটো মই দেখিছো। তেওঁলোকৰ দৰে ময়ো ১৮ ঘণ্টা কাম কৰো। মোৰ কোম্পানীত কাম কৰা সকলোৱেই অতি নিস্থা আৰু সততাৰে মনোযোগ দি কাম কৰে। কোনেও তেওঁ কিমান ঘণ্টা কাম কৰে সেইটো হিচাপ নকৰেলক্ষ্য পূৰণ নোহোৱালৈকে কোনেও জিৰণী নলয়।
নিৰক্ষৰ, দৰিদ্ৰ আৰু সমগ্ৰ জীৱন জুৰি আনৰ ক্ৰীতদাস হৈ জীৱন কটোৱা নিজৰ পিতৃ মাতৃকে তেওঁ প্ৰেৰণাৰ উৎস বুলি বিবেচনা কৰে। তেওঁলোকৰ পৰাই তেওঁ প্ৰেৰণা লাভ কৰিছে তেওঁৰ ভাষাত, “যেতিয়াই মই সমস্যাৰ মাজত সোমাই পৰোঁ, তেতিয়াই মই পিতৃ-মাতৃক মনত পেলাও। মই অনুভৱ কৰিব পাৰো মোৰ কোনো সমস্যাই মোক পিতৃ-মাতৃৰ সমস্যাতকৈ ডাঙৰ হব নোৱাৰে। তেওঁলোকে যি দুখ সহ্য কৰিবলগীয়া হৈছিল তাৰ তুলনাত মোৰ দুখ একোৱেই নহয়। এয়াই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা”।
 তেওঁৰ সফলতাৰ গোপন মন্ত্ৰ কি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মধুসুদনে কয় যে, ‘মানুহ, সামগ্ৰী আৰু মুদ্ৰা (Man, Material & Money)... এই তিনিটাৰ যিজনে সফল ব্যৱহাৰ কৰিছে, তেওঁক সফলতাৰ পৰা কোনেও বাধা দি ৰাখিব নোৱাৰে। মোৰ সফলতাৰ গোপন মন্ত্ৰ হ’ল মানুহ, সামগ্ৰী আৰু মুদ্ৰাৰ সঠিক ব্যৱহাৰ আৰু প্ৰয়োগ”।


Friday, June 24, 2016

ডাইনী প্ৰথাৰ বিৰুদ্ধে বীৰুবালা ৰাভাৰ সংগ্ৰাম




গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা প্ৰায় কুৰি কিল’মিটাৰ দূৰত গাৰোপাহাৰৰ পাদদেশৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন অতি ভিতৰুৱা গাওঁ ঠাকুৰভিলা গাওঁখনত আধুনিক শিক্ষা, চিকিত্সাৰ অভাৱত এতিয়াও মানুহে ভূত প্ৰেত, ডাইনীক বিশ্বাস কৰে। মানুহৰ বেমাৰ আজাৰ হ’লে এতিয়াও বেজ, কবিৰাজ, দেওধানীৰ ওচৰ চাপে। যাউতি যুগীয়া কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ চাদৰে আৱৰি ৰাখিছে সেই গাওঁখন আৰু ওচৰ পাজৰৰ বহুতো অঞ্চল।
সেই গাওঁখনতে ১৯৪৯ চনত দুখীয়া কৃষক কলিয়া ৰাভাৰ ঘৰত তেওঁৰ পত্নী সাগৰবালাৰ গৰ্ভত এজনী মৰমলগা বগা বৰণৰ ছোৱালীৰ জন্ম হৈছিল। মাক দেউতাকে মৰমতে বগী বুলি মাতিছিল। সৰুৰে পৰা বগী আছিল তজবজীয়া, সকলো কামতে পাৰ্গত। তাইক গাওঁখনৰ সকলো মানুহে তাইক বৰ মৰম কৰিছিল।
বগীৰ বয়স ছয় বছৰ হোৱাৰ সময়তে তাইৰ পিতৃ বিয়োগ ঘটে। পিতৃৰ অবিহনে ঘৰখনৰ সকলো দায়িত্ব মাকৰ মূৰৰ ওপৰত আহি পৰে। মাকে ৰাতিপুৱাই ওলাই গৈ মানুহৰ ঘৰে ঘৰে কাম কৰি সন্ধিয়া ঘৰলৈ উভতি আহে। ঘৰৰ সমষ্ট কাম কাজৰ দায়িত্ব মূৰ পাতি ল’ব লগীয়া হ’ল বৰ জীয়ৰী বগীয়ে।  ৰাতিপুৱা বগী স্কুললৈ গৈছিল। স্কুলৰ পৰা আহি মাছ মাৰি আহি ঘৰৰ ভাত পানী ৰন্ধা, ঘৰ চফা কৰা, কাপোৰ ধোৱা আদি কাম কৰিছিল। সন্ধিয়াহে কেতিয়াবা কিতাপ মেলিবলৈ সময় পাইছিল। ৰাতি ভাত পানী খাই শুই আকৌ পুৱতি নিশাতে উঠি ধান বানিছিল। মুঠতে সাৰে থকা সময়খিনিত এখন্তেকো বগীৰ জিৰণি নাছিল।
বগীয়ে প্ৰাথমিক বিদ্যালয়ৰ দেওনা পাৰ হৈ অলপ দূৰত থকা মজলীয়া বিদ্যালয়ত নাম লগালে। তাতেই চিনাকী হ’ল চণ্ডীচৰণ ৰাভা নামৰ এজন যুৱকৰ লগত। ইপিনে মাকেও গাভৰু জীয়েকক  বিয়া দিবলৈ পাত্ৰৰ সন্ধান কৰিছিল। পোন্ধৰ বছৰ বয়সতে দুখীয়া কৃষকৰ ল’ৰা চণ্ডীচৰণ ৰাভাৰ লগত বগীৰ বিয়া হৈ হ’ল। বিয়াৰ পিছত নতুন পৰিৱেশত বগী জনাজাত হ’ল তাইৰ ভাল নামটোৰে। বীৰুবালা ৰাভা
বিয়াৰ কিছুদিন পিছত বীৰুবালাৰ জীৱনলৈ আহিল এটা ধুনীয়া ল’ৰা। বৰ মৰমেৰে তাৰ নাম ৰাখিলে ধৰ্মেশ্বৰ। লাহে লাহে মাক দেউতাকৰ মৰমৰ মাজত ধৰ্মেশ্বৰ ডাঙৰ হৈ আহিল। সি যেতিয়া পঞ্চম শ্ৰেণী পালে হঠাতে সি নৰিয়াত পৰিল। মাজে মাজে সি মুৰ্চা যায়, কথা বতৰা অসংলগ্ন হয়, কি কৰে নিজেই ক’ব নোৱাৰে। ওচৰত দেখুৱাবলৈ কোনো ডাক্তৰ বা হস্পিতালো নাই। গাওঁৰ মানুহে কোৱা কুই কৰিলে ধৰ্মেশ্বৰৰ গাত ভূত লম্ভিছে। কিন্তু মাক বীৰুবালাই এইবোৰ কথা মানি ল’বলৈ টান পালে বহুত কষ্ট কৰি পইচা যোগাৰ কৰি ধৰ্মেশ্বৰক গুৱাহাটী মেডিকেল কলেজ হষ্পিতাললৈ লৈ গ’ল। ডাক্তৰে চাই চিতি ক’লে সি স্নায়ু ৰোগত ভূগিছে। ডাক্তৰে দৰৱ দিলে। সেই দৰৱ খুৱায়ো একো বিশেষ একো লাভ নহ’ল। বাৰে বাৰে তাক গুৱাহাটীলৈ নিয়াও সম্ভৱ নাছিল। সকলোৱে কৈছিল, তাৰ বেমাৰ বেজেহে ভাল কৰিব পাৰিব। এনে বেমাৰত ডাক্তৰী ঔষধৰ কাম নাই। উপায় নাপাই পৰিয়ালটো গাৱঁতে থকা মঙল চোৱা দেওধনী আৰু বেজৰ ওচৰ চাপিলে।
দেওধনীয়ে মঙল চাই ক’লে, ধৰ্মেশ্বৰৰ গাত পৰী লম্ভিছে। ধৰ্মেশ্বৰৰ গাত লম্ভা পৰীজনী গৰ্ভৱতী হৈ আছে। সেই পৰীজনীৰ গৰ্ভৰ সন্তানটো জন্ম নোহোৱালৈকেহে ধৰ্মেশ্বৰ জীয়াই থাকিব। দুই এদিনতে পৰীজনীয়ে সন্তান এটা জন্ম দিব আৰু সন্তানটোৰ জন্মৰ তিনিদিনৰ পিছতে ধৰ্মেশ্বৰ মৰি যাব। এই কথা শুনি মাক বীৰুবালাই হিয়া ঢাকুৰি কান্দিলে। ধৰ্মেশ্বৰৰ আসন্ন মৃত্যুৰ বাতৰিয়ে বীৰুবালাক বৰকৈ ব্যাকুল কৰিলে।
কিন্তু ধৰ্মেশ্বৰ নমৰিল। কিন্তু দিনে দিনে তাৰ মূৰৰ বিকৃতি বাঢ়ি যাবলৈ ধৰিলে। সি যেতিয়া নৱম শ্ৰেণী পালে, সি সম্পূৰ্ণভাৱে পগলা গ’ল। তাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হঅৱশেষত ৰাইজে তাক হাত- ভৰি বান্ধি জন্তুৰ দৰে গৰালত থব লগীয়া হ'ল । ধৰ্মেশ্বৰৰ এনে অৱস্থা দেখি মাক বীৰুবালাও বাউলী হৈ পৰিছিল। উপায়হীন হৈ প্ৰশাসনৰ সহযোগত চিকিৎসাৰ বাবে এদিন ধৰ্মেশ্বৰক শ্বিলঙলৈ পঠাই দিয়া হ’লডেকা পুতেকক জন্তুৰ দৰে ধৰি বান্ধি লৈ যোৱা দৃশ্য মাকৰ বাবে অসহনীয় হৈ পৰিছিল।
বৰপুত্ৰৰ অসহনীয় বেথাৰ মাজতে বীৰুবালাৰ জীৱনলৈ নতুন বিপৰ্যয় নামি আহিল। হঠাতে স্বামীও অসুখীয়া হৈ পৰিল। স্বামীকো গাঠিৰ ধন ভাঙি চহৰত ডাক্তৰৰ ওচৰলৈ নিবলগীয়া হ’ল। ডাক্তৰে পৰীক্ষা কৰি জানিবলৈ দিলে স্বামী দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈছে। তেওঁৰ কৰ্কট ৰোগ হৈছে। ডাক্তৰে এই কথাও জনালে যে কৰ্কট ৰোগৰ পৰিণতি হ’ল আসন্ন মৃত্যু। পৰিয়ালটোত এটাৰ পিছত এটাকৈ নামি অহা বিপৰ্যয়ৰ বাবে বীৰুবালা অসহায় হৈ পৰিল। সেই সময়ত তেওঁৰ প্ৰয়োজন আছিল গাৱঁৰ মানুহৰ সহায় আৰু সহানুভূতি। কিন্তু বীৰুবালাক আচৰিত কৰি গাৱঁৰ কুসংস্কাৰপূৰ্ণ মনৰ মানুহবোৰে কোনোবা বেজৰ প্ৰৰোচনাত ঘোষণা কৰিলে পৰিয়ালটোৰ এনে অমংগল এজনী ডাইনীৰ বাবে হৈছে। আৰু নিজৰ বৰপুত্ৰক পাগল কৰা, স্বামীক অসুস্থ কৰা ডাইনীজনী হ’ল আন কোনো নহয়, স্বয়ং বীৰুবালা।
বীৰুবালাৰ মূৰত সৰগ ভাঙি পৰিল। সেই অন্ধ সংস্কাৰপূৰ্ণ গাওঁখনত কাৰোবাক ডাইনী অভিহিত কৰা মানে কি হ’ব পাৰে তেওঁ ভালদৰেই জানে। কোনো মানুহৰ অপায় অমংগলৰ বাবে কাৰোবাক ডাইনী সজাই মাৰ পিট কৰাতো সেইখন গাৱঁত সাধাৰণ কথা। ডাইনী অভিহিত মানুহে কেতিয়াবা গঞাৰ ৰোষত পৰি প্ৰাণ পৰ্যন্ত বিসৰ্জন দিবলগীয়া হয়। কিন্তু বীৰুবালা বিতত নহ’ল। তেওঁ মন ঠিৰাং কৰিলে সমাজে তেওঁক ডাইনী বুলি অভিহিত কৰিলেও তেওঁ ইয়াৰ বিৰুদ্ধে যুঁজ দিব। তেওঁ মানুহক সুধিব, কোনোবা মাইকী মানুহে ডাইনী হৈ নিজে জন্ম দিয়া সন্তানক পগলা কৰিব বা নিজৰ স্বামীক ৰুগীয়া কৰিব পাৰে নেকি? বীৰুবালাই এই কাৰ্যত স্বামীৰ সমৰ্থন পালে। দুয়ো মিলি এই ডাইনী সজোৱা কামৰ তীব্ৰ বিৰোধিতা কৰিলে। এই কথাটোক লৈ গাৱঁৰ মানুহৰ লগত বীৰুবালাৰ পৰিয়ালটোৰ বাক বিতণ্ডাও হয়।
১৯৯৯ চনৰ কথা গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ দদান মন্দিৰৰ প্ৰাংগনত এখন ৰাজহুৱা সভা অনুস্থিত হৈছিল। সভাত সেই অঞ্চলৰ ৫ গৰাকী মহিলা যুৱতীক ডাইনী সজাই অভিযুক্ত কৰা হৈছিল । কিন্তু সেই সভাত বীৰুবালা ৰাভাই সেই ৰ্দুভগীয়া মহিলাৰ পক্ষে থিয় হৈ গৰজি উঠিছিল। তেওঁলোক ডাইনী কেতিয়াও হব নোৱাৰে, এয়া অন্ধবিশ্বাসবুলি তেওঁ ৰাইজৰ আগত সাহসেৰে প্ৰতিবাদ কৰিছিলসেইখন সভাতে বীৰুবালা ৰাভাই সাহসেৰে কৈছিল, “মোৰ ল’ৰা ধৰ্মেশ্বৰক দেওধনীয়ে মংগল চাই তিনিদিনৰ ভিতৰতে মৰিব বুলি কৈছিল। কিন্তু ক’ত, সি আজিলৈকে জীয়াই আছে। দেওধনীৰ কথা যদি সঁচা হ’লহেতেন, সি কেতিয়াবাই মৰিব লাগিছিল। এইবোৰ বেজ, দেওধনী সৱ ভণ্ড”কিন্তু উপস্থিত ৰাইজে বীৰুবালাৰ কথাত পতিয়ন নগ’ল। বৰং ৰাজহুৱা সভাত এইদৰে মাত মতাৰ অপৰাধত বীৰুবালা ৰাভাৰ পৰিয়ালটোক এঘৰীয়া কৰা হ’ল।
সঁচা কথা কোৱা বাবেই এইদৰে অন্যায় ভাৱে ৰাইজৰ ৰোষৰ বলি হ’বলগীয়া হোৱা কথাটোৱে বীৰুবালাৰ সাহস দুগুনে বঢ়াই তুলিলে। সমাজে এঘৰীয়া কৰিলেও এইগৰাকী সাহসী নাৰী পিছ হুহকি নগ’ল। বৰং সম্পূৰ্ণ নিজৰ উচ্ছাহেৰে ইখনৰ পিছত সিখন গাৱলৈ গৈ, কেতিয়াবা বহু দুৰ বাট অকলে খোজ কাঢ়ি ডাইনী অন্ধবিশ্বাস যে অযুক্তিকৰ ধাৰণা, এই কথা বুজাই গল। য’তেই মানুহে কাৰোবাক অন্যায়, অবিচাৰ কৰি ডাইনী সজোৱাৰ খবৰ পায়, তাতেই হাজিৰ হয়গৈ বীৰুবালা ৰাভা। লাহে লাহে বীৰুবালা গাৱঁৰ দুখীয়া, অৱলা নাৰীসকলৰ সাহসৰ প্ৰতীক হৈ পৰিল। বহুতো মহিলা তেওঁক সংগ দিবলৈ আগবাঢ়ি আহিল। অসম মহিলা সমতা সমিতিয়ে বীৰুবালা ৰাভাক সহায়, সহযোগ আবধঢ়ালে। মানুহৰ অন্যায়, অবিচাৰত নিজৰ সৰ্বস্ব হেৰুওৱা মানুহবোৰ আহি বীৰুবালাৰ সাহস আৰু সামৰ্থ আৰু বৃদ্ধি কৰিলে। লাহে লাহে তেওঁৰ কথা ৰাইজৰ কিছুমানে বুজিবলৈ আৰম্ভ কৰিলে। তেনে ৰাইজৰ সহযোগত তেওঁ ওচৰ পাজৰ গাৱঁৰ বহুতো মানুহক ৰাইজে ডাইনী সজাই মাৰি পেলোৱাৰ পৰা ৰক্ষা কৰিলে। লাহে লাহে অন্ধ বিশ্বাস, কু-সংস্কাৰত পোত গৈ থকা সমাজৰ মানুহে বুজি উঠিল যে ডাইনী বুলি একো নাই ঠাকুৰভিলা আৰু ওচৰ পাজৰৰ গাওঁবোৰত বীৰুবালা ৰাভাই এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ল।
অসমৰ এখন অতি পিছপৰা গাৱঁত এগৰাকী সাহসী মহিলাৰ নিজাববীয়া উদ্যোগত সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ নিৰ্মূল কৰাৰ প্ৰয়াসে লাহে লাহে বিদ্বত সমাজৰ সৃষ্টি আকৰ্ষণ কৰিলে। ২০০৫ চনত বীৰুবালা ৰাভাই  প্ৰজেক্ট থাউজেণ্ড উইমেনৰ মনোনয়নত শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত প্ৰথম অসমীয়া হোৱাৰ যোগ্যতা অৰ্জন কৰে ।
বীৰুবালা ৰাভাৰ সাহস, সততা, দৃঢ়তা দেখি অসমৰ বহু অঞ্চলৰ যুৱক, যুৱতী, পুৰুষ, মহিলা একে উদ্দেশ্যতে কাম কৰি যাবলৈ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে যাত্ৰাত বীৰুবালা ৰাভাৰ সতীৰ্থ হৈ পৰিছে২০১২ চনত আনুষ্ঠানিক ভাবে জন্ম হয় মিছন বীৰুবালাৰবীৰুবালা ৰাভাৰ আৰ্দশৰে পুৰিপুষ্ট মিছন বীৰুবালাৰ ৰ্বত্তমান সদস্যৰ সংখ্যা ৮০০ ৰো অধিক । ইতিমধ্যে ইয়াৰ প্ৰায় ১০০ সদস্যই অসমৰ মুঠ ১৪ খন জিলাত অন্ধবিশ্বাস অথবা ডাইনী সন্দৰ্ভত সজাগতা সভা কৰ্মশালা অনুষ্ঠিত কৰি সেৱা আগবঢাইছে। উল্লেখযোগ্য যে মিছন বীৰুবালাই ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি, দুধনৈ মহাবিদ্যালয়, চাবুৱা ডি ডি আৰ কলেজ, ডিব্ৰু মহাবিদ্যালয়, ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয় আৰু ছেৰফাংগুৰি মিছন বীৰুবালাৰ কোষ (Working Cell) গঠন কৰিছেমিছন বীৰুবালাৰ কোষৰ সদস্যই গাঁৱৰ সচেতন শিক্ষিত ব্যক্তি, প্ৰশাসনৰ সহযোগত অসমৰ বিভিন্ন ঠাইত গৈ জনসজাগতামূলক সভা, বাটৰ নাট পাতি অন্ধবিশ্বাস দূৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছেমিছন বীৰুবালা হৈ পৰিছে ডাইনী প্ৰথাৰ ভুক্তভোগী অসহায় মানুহৰ বাবে আশাৰ কিৰণ।
ইতিমধ্যে বহু সন্মানেৰে বিভূষিত হৈছে বীৰুবালা ৰাভা২০১০ চনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লিমিটেডৰ পৰা ৰিয়েল হিৰখিতাপ, তাই আহোম যুৱ পৰিষদৰ পৰা বীৰাংগনা মুলা গাভৰুবঁটা, “জয়মতীবঁটা, “সমাজ প্ৰাণ সৰ্বেশ্বৰ দত্ত স্মাৰক” বঁটা তেওঁ লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্তৰেট উপাধিও লাভ কৰিছে পঞ্চম শ্ৰেণীতে শিক্ষা জীৱন সামৰা বীৰুবালা ৰাভাই আজিও ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজৰ অক্লান্ত ভাৱে যুঁজি গৈছে বীৰুবালা ৰাভাই বীৰুবালা ৰাভাৰ এই প্ৰয়াসে পিছপৰা, কুসংস্কাৰপূৰ্ণ সমাজক প্ৰগতিৰ নতুন বাট দেখুৱাইছে।



Sunday, May 8, 2016

জীৱন যুঁজৰ অক্লান্ত সৈনিক জ্যোতি ধাৱালে


প্ৰেগনেন্সি কিটৰ বগা বাৰ ডালত দুডাল ৰেখা সুষ্পষ্ট ভাৱে জিলিকি উঠিছিল। ২৮ বছৰীয়া জ্যোতি আনন্দত আত্মহাৰা হৈ পৰিছিল। তাইৰ বাবে জীৱনৰ এটা অতি আপুৰুগীয়া, আকাংক্ষিত খবৰ। তাই মাতৃ হ’বলৈ ওলাইছে। সেয়া আছিল ২০০৪ চনৰ কথা।
অতি আগ্ৰহেৰে তাই স্বামীক জনাইছিল এই ভাল খবৰটো। তাই আশা কৰিছিল, স্বামীও তাইৰ সমানেই আনন্দত জঁপিয়াই উঠিব। কিন্তু তাইক হতভম্ব কৰি স্বামীয়ে তাইক কৈ দিলে, “এই সন্তানটো তুমি জন্ম দিব নোৱৰা। তুমি গৰ্ভপাত কৰোৱাব লাগিব”।
সেইদিনা জ্যোতিৰ মূৰত সৰগ ভাঙি পৰিছিল। স্বামীয়ে তাইক জোৰ কৰি চিকিত্সকৰ ওচৰলৈ লৈ গৈ গৰ্ভপাত কৰোৱাইছিলস্বামীৰ এই ৰূপ দেখি তাইৰ সমগ্ৰ সত্বা কঁপি উঠিছিল। কিয় এনে ব্যৱহাৰ কৰিছে তেওঁ? কিয় মানুহজনে দুয়োৰে যুগ্ম জীৱনৰ প্ৰতীক, তাইৰ পেটৰ সন্তানটোক মাৰি পেলাব বিচাৰে? তাইৰ এইবোৰ প্ৰশ্নৰ কোনো উত্তৰ নাছিল।
জ্যোতি ভাঙি পৰিছিল। মানুহজনৰ ওপৰত তাইৰ খং উঠিছিল। তেওঁক ওচৰ চাপিবলৈ দিব বিচৰা নাছিল তাই। কিন্তু মানুহজনে মন গ’লেই হিংস্ৰ পশুৰ দৰে সকলো বাধা নেওচি প্ৰায় তাইৰ ওপৰত জঁপিয়াই পৰি তেওঁৰ কামনা চৰিতাৰ্থ কৰি গৈছিল। বিবাহিত হৈয়ো তাই ধৰ্ষিতা যেন অনুভৱ কৰিছিল। প্ৰথম সন্তানৰ ক্ষেত্ৰত হোৱা তিক্ত অভিজ্ঞতাৰ পিছত জ্যোতিয়ে আৰু সন্তান বিচৰা নাছিল। তাই মানুহজনক সাৱধানতা অৱলম্বন কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল। কিন্তু মানুহজনে তাইৰ কোনো কথাই শুনিব বিচৰা নাছিল। নিজৰ স্বামীৰ হাততে প্ৰায়ে ধৰ্ষিতা হোৱা জ্যোতিয়ে কিছুদিনৰ পিছতে গম পাইছিল, তাই আকৌ সন্তান সম্ভৱা হৈছে।
এইবাৰো খবৰটো পায়েই মানুহজনে তাইক গৰ্ভপাত কৰিবলৈ নিৰ্দেশ দিছিল। তাই মুক, মৌন শিলৰ দৰে হৈ পৰিছিল। তাইক জোৰ কৰি আকৌ চিকিত্সকৰ ওচৰলৈ লৈ গৈ গৰ্ভপাত কৰা হৈছিল। দ্বিতীয় গৰ্ভপাতৰ পিছত দুৰ্বল হৈ পৰা জ্যোতিৰ শৰীৰৰ ওপৰত স্বামীৰ উত্পীড়ন আগৰ দৰেই চলি গৈছিল।
জ্যোতিয়ে যেতিয়া তৃতীয় বাৰৰ বাবে গৰ্ভধাৰণ কৰিলে, তাই কথাটো স্বামীৰ পৰা গোপনে ৰাখিলে। তাই এইবাৰ কোনোপধ্যে গৰ্ভপাত কৰিবলৈ বিচৰা নাছিললাহে লাহে গৰ্ভপাতৰ বাবে সুৰক্ষিত সময় অতিক্ৰম হ’বলৈ লৈছিল। তেনে সময়তে স্বামীয়ে কথাটো গম পাই তাইৰ ওপৰত অগ্নিশৰ্মা হৈ পৰিছিল। তাইৰ হেজাৰ কাকূতি মিনতিকো অগ্ৰাহ্য কৰি তাইক আকৌ চিকিত্সকৰ ওচৰলৈ লৈ গৈছিল গৰ্ভপাতৰ বাবে। চিকিত্সকেও জনাইছিল এই সময়ত গৰ্ভপাত কৰাটো খুব বিপদজনক। কিন্তু মানুহজনে সেইবোৰ কথাত কেৰেপ নকৰিলে। আকৌ জ্যোতিৰ শৰীৰৰ ওপৰত চিকিত্সকৰ অস্ত্ৰ চলিল। সেইবাৰ গৰ্ভপাতৰ সময়ত প্ৰচুৰ ৰক্তক্ষৰণ হৈ জ্যোতিৰ জীৱনেই সংকটাপন্ন হৈ পৰিছিল। তাইক পেছাদাৰী দাতাৰ পৰা তেজ দিবলগীয়া হৈছিল।
জীৱনৰ এই কুটিল সন্ধিক্ষণত জ্যোতি মানসিকভাৱে ভাঙি পৰিছিল। তাইৰ জীয়াই থকাৰ ইচ্ছাই হেৰাই গৈছিল। এজন আবেগ, অনুভূতিহীন স্বামীৰ উত্পীড়ন আৰু অত্যাচাৰত তাই দিশহাৰা হৈ পৰিছিল। মানসিকভাৱে সৰ্বশ্ৰান্ত হৈ তাই বলিয়াৰ দৰে আচৰণ কৰিবলৈ লৈছিল। এদিন তাই তিনিবাৰকৈ গৰ্ভপাত কৰা প্ৰমাণ থকা সকলো কাগজ পত্ৰ খঙৰ ভমকত নষ্ট কৰি পেলাইছিল।
চতুৰ্থ বাৰ যেতিয়া তাই মাক হ’বলৈ ওলাল, তাইৰ মনত এক দৃঢ় সংকল্প জাগিল যে এই সন্তানক তাই মৰিবলৈ নিদিয়ে। যিকোনো মূল্যৰ বিনিময়ত হ’লেও তাই সন্তানটোক জন্ম দিব। পাষাণ হৃদয়ৰ স্বামীয়ে এইবাৰো গৰ্ভপাত কৰোৱাবলৈ জোৰ কৰি তাইক চিকিত্সকৰ ওচৰলৈ লৈ গৈছিল। কিন্তু এইবাৰ চিকিত্সকে তাইৰ তেজ পৰীক্ষা কৰি ভয় খাই উঠিছিল। শাৰীৰিক আৰু মনসিকভাৱে বিদ্ধস্ত হৈ পৰা জ্যোতিক চিকিত্সকে জনাইছিল তাইৰ দেহত সংগোপনে আহি বাস কৰিছে এক মাৰাত্মক ব্যাধি। তৃতীয়বাৰ গৰ্ভপাতৰ সময়ত অপৰিচিত দাতাৰ পৰা লোৱা তেজৰ জৰিয়তে তাইৰ দেহত প্ৰৱেশ কৰিছে ভয়ংকৰ বীজাণু। তাই হৈ পৰিছে “HIV পজিটিভ”।
জ্যোতিৰ মূৰত সৰগ ভাঙি পৰিল। তৃতীয়বাৰৰ গৰ্ভপাতৰ সময়ত চিকিত্সালয়ৰ গাফিলতিৰ বাবে কোনোবা পেছাদাৰী ৰক্তদাতাৰ তেজৰ পৰা তাইৰ দেহলৈ HIV বীজাণু সংক্ৰমিত হোৱা বুলি জানিও স্বামীয়ে তাইৰ লগত নিদাৰুণ ব্যৱহাৰ কৰিবলৈ ল’লে। তাই স্বামীৰ হাতে ভৰিয়ে ধৰি প্ৰাৰ্থনা কৰিলে এইবাৰযেন তাইক গৰ্ভপাত কৰিবলৈ বাধ্য নকৰে। তাই যিহেতু HIV পজিটিভ, সন্তানটো হয়তো তেনে হৈয়েই উপজিব আৰু এনেয়ো বেছি দিন জীয়াই নাথাকিব। এইবাৰ মানুহজনে তাইৰ কথা ৰাখিলে। তাইৰ সন্তানটোৱে পৃথিৱীৰ পোহৰ দেখিবলৈ পালে।
জ্যোতিৰ শিশুকালো সুখৰ নাছিল। তাইৰ শৈশৱ আছিল তেজীমলাৰ সাধুৰ দৰে। নিচেই সৰু হৈ থাকোঁতেই তাইক মাকে এৰি গুচি গৈছিল। বায়ু সেনাৰ বিষয়া দেউতাকে দ্বিতীয় বিবাহ কৰাইছিল আৰু জ্যোতি মাহীমাকৰ হাতত ডাঙৰ দীঘল হৈছিল। মাহীমাকৰ আন এজনী ছোৱালী জন্ম হোৱাৰ পিছত জ্যোতি ঘৰখনত এলাগি হৈ পৰিছিল। মাহীমাকে তাইক চকুপাৰি দেখিব নোৱাৰিছিল। তাইৰ ওপৰত চলিছিল মাহীমাকৰ নিৰ্যাতন। দুৰ্ভাগ্যই লগ নেৰা ছোৱালীজনীয়ে সৰু হৈ থাকোঁতে এটা মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ নিজৰ শ্ৰৱণশক্তি বহু পৰিমাণে হেৰুৱাই পেলাইছিল। তাই চাইৰেণ বা ৰেলৰ উকিৰ দৰে তীব্ৰ শব্দহে শুনিব পাৰিছিল। সৰুতেই কাণ গধুৰ হৈ পৰা জ্যোতিয়ে কথা কওঁতেও অসুবিধা পাইছিল। তাই কেইবাটাও বৰ্ণ উচ্চাৰণ কৰিব নোৱৰা বাবে তাইৰ কথা আনে বুজি পোৱাত অসুবিধা হৈছিল। সকলোৱে কিছু পৰিমাণে কলা, ভালদৰে কথা ক’ব নোৱৰা ছোৱালীজনী কিবা অভিশাপৰ ফল বুলিয়েই ভাবিবলৈ লৈছিল।
জ্যোতি নৱম শ্ৰেণীত থাকোঁতে হঠাতে এদিন তাই নিজৰ জন্মদাত্ৰী মাকক লগ পাইছিল। কিন্তু ইমান দিনৰ পিছত মাকৰ সৈতে হোৱা দেখা দেখি তাইৰ বাবে সুখকৰ নহ’ল। জন্মদাত্ৰী মাকৰ পৰা আশা কৰি থকা মৰম আৰু সঁহাৰি নাপাই তাই মানসিক ভাৱে ভাঙি পৰিছিল। তাইৰ পঢ়া শুনাত মন নবহা হৈছিল আৰু ফলশ্ৰুতিত তাই স্কুলৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিলস্কুলীয়া শিক্ষাৰো তাইৰ তাতেই সামৰণি পৰিছিল পিছলৈ পৰিস্থিতিৰ লগত সংগ্ৰাম কৰি জ্যোতিয়ে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ পৰা পৰীক্ষা দি নিজৰ শিক্ষা জীৱন আগবঢ়াই নিছিল।
জীৱনৰ সেই কঠিন সময়তে তাইৰ জীৱনলৈ এজন মানুহৰ আগমন ঘটিছিল। সেই মানুহজনৰ মৰম আৰু আদৰত তাই বিচাৰি পাইছিল জীয়াই থকাৰ উত্সাহ আৰু প্ৰেৰণা। সৰুৰে পৰা ঘৰখনত মৰম চেনেহ আদৰৰ অভাৱ অনুভৱ কৰি অহা জ্যোতি এই মানুহজনৰ প্ৰেমত পৰিল আৰু সেইজনৰ লগত বিবাহ পাশত আৱদ্ধ হ’ল।
বিয়াৰ পিছত জ্যোতিয়ে আৱিষ্কাৰ কৰিলে তাই ভাল পাই বিয়াত বহা মানুহজনৰ অন্য এটা ৰূপ। মানুহজনে কোনোদিনে তাইৰ আৱেগ, অনুভূতিবোৰ বুজিবলৈ চেষ্টা নকৰিলে। মাথোন তাইৰ শৰীৰটো এটা খেলা পুতলাৰ দৰে মন গ’লেই উপভোগ কৰিলে। অথচ তাইৰ গৰ্ভত স্থিতি লোৱা প্ৰতিটো সন্তানকে নিৰ্মম ভাৱে হত্যা কৰি গ’ল, চতুৰ্থ সন্তানটোৰ বাহিৰে। এটা দুৰাৰোগ্য ব্যাধিৰ যন্ত্ৰণা আৰু এটা সন্তানৰ মাতৃ হোৱাৰ আকুলতাৰে জ্যোতিয়ে পাৰ কৰিছিল চতুৰ্থ সন্তানটো গৰ্ভত ধাৰণ কৰা সেই দিনকেইটা।
অতি আচৰিতভাৱে জ্যোতিৰ চতুৰ্থ সন্তানটোৰ গাত HIV বীজাণু পোৱা নগ’ল। জ্যোতিয়ে এটা সুস্থ ল’ৰা সন্তানৰ জন্ম দিলে। তাই আশা কৰিলেযে এই সন্তানটোৱে তাইৰ ভাগিব ধৰা ঘৰখন আকৌ জোৰা লগাব। তাইৰ মানুহজনে তাইৰ লগত এখন সুখৰ সংসাৰ গঢ়ি তুলিব।
কিন্তু জ্যোতিৰ এই সপোন ভাঙিবলৈ বেছি দিন নালাগিল। সন্তানটোৰ জন্মৰ পিছতে এদিন তাইৰ স্বামীয়ে হৃদয়হীন ভাৱে জনালে যে তেওঁ তাইৰ পৰা বিবাহ বিচ্ছেদ বিচাৰে, কাৰণ তেওঁৰ আন এগৰাকী নাৰীৰ লগত সম্পৰ্ক গঢ়ি উঠিছে। আৰ্থিক ভাৱে সম্বলহীন, স্বামীৰ ওপৰতে সম্পূৰ্ণভাৱে নিৰ্ভৰশীল জ্যোতিৰ বাবে সেয়া আছিল বিনামেঘে বজ্ৰপাত। কণমানি সন্তানটোক বুকুত বান্ধি তাই জীৱনৰ লগত যুঁজিবলৈ বুকুত বল বান্ধিলে। কিন্তু নিষ্ঠুৰ স্বামীয়ে তাইৰ বুকুৰ পৰা আজুৰি লৈ গ’ল তাইৰ একমাত্ৰ সন্তানক। মানুহজনে নিজাববীয়াকৈ তৈয়াৰ কৰিলে বিবাহ বিচ্ছেদৰ সকলো চৰ্ত। জ্যোতিক জোৰ কৰি বাধ্য কৰোৱা হ’ল এখন আইনী কাগজত চহী কৰিবলৈ, য’ত লিখা আছিল তাই নিজৰ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে সন্তানটোৰ ৰক্ষণাবেক্ষণৰ সমষ্ট দায়িত্ব স্ব-ইচ্ছাই দান কৰিছে সন্তানটোৰ পিতৃক !
২০০৮ চনত বিবাহ বিচ্ছেদ হোৱাৰ পিছত জ্যোতিৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিল। তাই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি জন্ম দিয়া সন্তানটো সতিনীৰ হাতত পৰিলএগৰাকী মাহীমাকৰ ক্ৰুড়তাৰ লগত ভালদৰে পৰিচিত জ্যোতিয়ে হাহাকাৰ কৰি উঠিল। মাতৃ হৈয়ো মাতৃত্বৰ পৰা বঞ্চিত হোৱা জ্যোতিয়ে যেন দিনতে আন্ধাৰ দেখিলে। বহুতে তাইক গাৰ্হস্থ্য হিংসা প্ৰতিকাৰ আইনৰ সুবিধালৈ স্বামীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ পৰামৰ্শ দিলে। কিন্তু তাইযে আগতে তিনিবাৰকৈ গৰ্ভপাত কৰোৱা সকলো নথি পত্ৰ এদিন খঙতে নষ্ট কৰি পলাইছিল। তাই পঢ়ি নোচোৱাকৈ চহী কৰি দিছিল বিবাহ বিচ্ছেদৰ কাগজত, যিখনৰ জৰিয়তে তাই নিজৰ সন্তানটোক দেখা কৰাৰো অধিকাৰ হেৰুৱাইছিল। পূৰ্ব স্বামীৰ পৰা সকলো সহায় সুবিধাৰ পৰা বঞ্চিত জ্যোতিয়ে নিজৰ ভৰিত থিয় দিয়াৰ বাবে মন বান্ধিলেতাই বহুত কষ্টৰ মূৰত এটা IT কোম্পানীত মুৰটো গুজিলে।
তিনিবছৰ জীৱনৰ লগত যুঁজি সংগ্ৰাম কৰাৰ পিছত ২০১১ চনত জ্যোতিৰ জীৱনলৈ আন এজন পুৰুষৰ আগমণ ঘটিল। ছ’ছিয়েল নেটৱৰ্কিং ছাইট ফে’চবুকৰ জৰিয়তে চিনাকী হোৱা বিবেক নামৰ যুৱকজনে তাইক জীয়াই থকাৰ প্ৰেৰণা দিলে। সকলো পুৰুষকে ঘিণ কৰিবলৈ লোৱা জ্যোতিয়ে বিবেকৰ মাজত বিচাৰি পালে এজন সহৃদয় বন্ধু আৰু উদাৰ মনৰ সহানুভূতিশীল পুৰুষক। জীয়াই থকাৰ সকলো উত্সাহ উদ্দীপনা হেৰুৱাই পেলোৱা জ্যোতিক বিবেকে সংগ্ৰাম কৰি আগুৱাই যোৱাৰ সাহস দিলে। বিবেকৰ সাহসতে জ্যোতিয়ে HIV আৰু AIDS আক্ৰান্ত সকলৰ অধিকাৰ আৰু সামাজিক নিৰাপত্তাৰ বাবে বক্তৃতা দিয়া আৰু লেখা মেলা কৰা আৰম্ভ কৰিলে। নিজে HIV পজিটিভ হোৱাৰ বাবে নিজৰ জীৱন সংগ্ৰামৰ আদৰ্শৰে বহুজনকে অনুপ্ৰাণিত কৰি সোনকালেই জ্যোতি ধাৱালেৰ নাম জনপ্ৰিয় হৈ উঠিল।
২০১৩ চনত প্ৰায় আঢ়ৈ বছৰীয়া বন্ধুত্বৰ পিছত বিবেক আৰু জ্যোতিৰ সম্পৰ্ক প্ৰেমত পৰিণত হ’ল। দুয়ো বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত ল’লে। কিন্তু বিবেকৰ পৰিয়ালে কথাটো সহজভাৱে ল’ব নোৱাৰিলে। এজনী ‘HIV পজিটিভ’, বিবাহ বিচ্ছেদ হোৱা মহিলাৰ লগত তেওঁলোকৰ সম্পূৰ্ণ স্বাভাৱিক পুত্ৰ বিবেকৰ বিবাহ পৰিয়ালটোৰ বাবে অকল্পনীয় আছিল। সমাজত আজিও ‘HIV পজিটিভ’ লোক সকলক অষ্পৃশ্য বুলি গণ্য কৰা হয়। আনহাতে এই বিবাহৰ ফলশ্ৰুতিত ‘HIV নিগেটিভ’ বিবেক মাৰাত্মক বীজাণু বিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। বিবেকে তেওঁৰ পিতৃ মাতৃক বুজালে কিদৰে আধুনিক চিকিত্সাৰ দ্বাৰা HIV পজিটিভ ব্যক্তি এজনেও সুস্থজীৱন যাপন কৰিব পাৰে, কিদৰে কিছুমান সাৱধানতা অৱলম্বন কৰিলে এজন সংগী HIV  পজিটিভ হ’লেও বৈবাহিক জীৱন যাপন কৰিব পৰা যায়। অৱশেষত বিবেকৰ পিতৃ মাতৃয়ে নিজৰ পুত্ৰৰ জ্যোতিৰ প্ৰতি থকা প্ৰেমৰ গভীৰতা উপলব্ধি কৰি এই বিবাহত সন্মতি দিলে।
দ্বিতীয় বিবাহে জ্যোতিৰ জীৱন সম্পূৰ্ণ ভাৱে সলনি কৰি দিলে। বিবেকে তাইক ইতিবাচক ভাৱেৰে জীৱনটো নতুনকৈ গঢ়িবলৈ প্ৰেৰণা যোগালে। পূৰ্বৰ সকলো তিক্ত অভিজ্ঞতা পাহৰি, তাইক দুখ দিয়া, প্ৰতাৰণা কৰা সকলোকে ক্ষমা কৰি দি এক নতুন জীৱনৰ বাটত অগ্ৰসৰ হ’বলৈ বিবেকে তাইক সাহস দিলেবিবেকৰ সহযোগে জ্যোতিৰ সৃজনিশীলতাক এক নতুন মাত্ৰা প্ৰদান কৰিলে। এগৰাকী সমাজ কৰ্মী আৰু মেডিয়া প্ৰফেছনেল হিচাপে জ্যোতিয়ে নিজৰ এক নতুন পৰিচয় ডাঙি ধৰিলে।
এতিয়া দুকুৰি বছৰীয়া জ্যোতি ধাৱালে দেশৰ সমাজসেৱী সংগঠন সমূহৰ মাজত এক পৰিচিত নাম হৈ পৰিছে। HIV  পজিটিভ আৰু AIDS  আক্ৰান্ত ৰোগী সকলক ইতিবাচক ভাৱেৰে জীৱন যাপনৰ কৌশল আয়ত্ব কৰাত তেওঁ সহযোগ কৰি আহিছে। তেওঁৰ এই কাৰ্য দেশে বিদেশে সমাদৃত হৈছে আৰু দেশ বিদেশৰ বহুতো বেচৰকাৰী সংস্থাই তেওঁক সমৰ্থন আৰু সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে। পাকিস্তানৰ ‘বেদাৰ’ নামৰ বেচৰকাৰী সংস্থাটোৱে তেওঁক ব্ৰেণ্ড এম্বাছাডৰ হিচাপে নিযুক্ত কৰিছে। আনহাতে মেডিয়াৰ জৰিয়তে মহিলা সকলক সচেতন আৰু সজাগ কৰাৰ কামতো তেওঁ ব্যস্ত হৈ পৰিছে। তেওঁ বৰ্তমান Black Swan Entertainment  নামৰ কোম্পানীটোত ক্ৰিয়েটিভ মেনেজাৰ আৰু জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কৰ্মৰত হৈ আছে। এই কোম্পানীটোৰ জৰিয়তে তেওঁ দুৰদৰ্শনৰ বাবে “স্ত্ৰীশক্তি” নামৰ এখন বিপুল ভাৱে সমাদৃত ধাৰাবাহিক প্ৰস্তুত কৰিছিল।    
জ্যোতি ধাৱালেৰ অভাৱনীয় সাফল্যৰ এক কাৰক হ’ল সকলো শ্ৰেণীৰ মানুহৰ লগত গঢ়ি উঠা তেওঁৰ সংষ্পৰ্শ আৰু সহৃদয়তা। ছ’ছিয়েল নেটৱৰ্কিং ছাইট ‘ফেচবুক’ৰ জৰিয়তে তেওঁ দৈনিক অসংখ্য মানুহৰ লগত মত বিনিময় কৰে, তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়ে আৰু আৰ্ত সকলক ইতিবাচক দৃষ্টিভংগীৰে জীয়াই থাকিবলৈ উত্সাহিত কৰে। HIV পজিটিভ হিচাপে চিনাক্ত হোৱাৰ দহ বছৰ পিছতো অক্লান্ত ভাৱে জীৱন যুঁজত আগুৱাই গৈ থকা জ্যোতি ধাৱালে হৈ পৰিছে লক্ষ লক্ষ মানুহৰ জীয়াই থকাৰ প্ৰেৰণা।
জ্যোতি ধাৱালেৰ অবিস্মৰণীয় কাহিনী ইণ্টাৰনেটৰ এটা ৱেব ছাইটত পঢ়াৰ পিছত মই তেওঁলৈ ফে’চবুকত বাৰ্তা পঠিয়াইছিলোঁ। মই আশা নকৰাকৈয়ে তেওঁৰ পৰা বাৰ্তাৰ উত্তৰৰ লগতে আহিছিল এটা Friend Requestএতিয়া জ্যোতি ধাৱালেৰ নাম মোৰ ফে’চবুকৰ বন্ধুৰ তালিকাত আছে। তেওঁক মই সুধিছিলোঁ, “জীৱনৰ অটল গহ্বৰৰ পৰা উঠি আপুনি লাভ কৰা এই সাফল্যৰ মূল কাৰক কি”? তেওঁ উত্তৰ দিলে, “Rising above HATE and REVENGE. Learning the art of COMPASSION and FORGIVENESSঘৃণা আৰু প্ৰতিশোধৰ ভাৱনাৰ পৰা ওপৰলৈ উঠি ক্ষমা আৰু সহৃদয়তাক আকোঁৱালি লোৱাটোৱেই তেওঁৰ সাফল্যৰ মূলমন্ত্ৰ।
আমি জীৱনত বহুবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হওঁ, যেতিয়া কোনো এক ব্যক্তিয়ে আমাক প্ৰতাৰণা কৰে, কাৰোবাৰ বঞ্চনাৰ বাবে আমাৰ সপোন ভাঙি টুকুৰা টুকুৰ হয়। কিন্তু সেই পৰিস্থিতিৰ বাবে সেইজন ব্যক্তিৰ প্ৰতি মনত ঘৃণা আৰু প্ৰতিশোধৰ ভাৱ পোষণ কৰি ৰখাতকৈ সেই ব্যক্তিজনক ক্ষমা কৰি দি জীৱনৰ বাটত আগুৱাই যোৱাতহে জীৱনৰ সাৰ্থকতা থাকে। ক্ষমা আৰু সহৃদয়তাৰ ভাৱনাৰ পৰা মনত সুখ পোৱা যায়। জ্যোতি ধাৱালে সেয়েহে সুখক এইদৰে বৰ্ণনা কৰিছে, “Happiness is from within. You don’t get it from others. If you want to be happy, BE! Don’t let the situations, consequences or the surroundings affect you. Motivation also comes from following people who inspires you. Once you find inspiration in life, happiness will follow of its own accord”

মাডাৰ টেৰেছা আৰু ৰাজকুমাৰী ডায়েনাক জ্যোতি ধাৱালে তেওঁৰ জীৱনৰ আদৰ্শ হিচাপে গণ্য কৰে। মাদাৰ টেৰেছাই তেওঁক চৰ্তহীন ভাৱে ভাল পাবলৈ আৰু ৰাজকুমাৰী ডায়েনাই চৰ্তহীন ভাৱে বিলাই দিবলৈ শিকাইছে। সেয়ে তেওঁ এই দুটা কাম আনৰ বাবে সদায় কৰি যাবলৈ বিচাৰে। 

Monday, May 2, 2016

লাজৰীণা বাজাজ



আজিৰ পৰা প্ৰায় দহ বছৰ আগৰ কথা।

ভাৰতৰ ৰাজধানী দিল্লীৰ নিকটৱৰ্তী নয়দাত একমাত্ৰ ডেৰ মহীয়া পুত্ৰ আৰু স্বামীৰে সৈতে ২৭ বছৰীয়া লাজৰীণা বাজাজ নামৰ মহিলা এগৰাকীয়ে এক সুখী বৈবাহিক জীৱন যাপন কৰিছিল। তেওঁ নিজেও দিল্লীৰ এটা প্ৰতিস্থানত মানৱ সম্পদ বিভাগত কৰ্মৰত আছিল।

সেইদিনা দিনটো আছিল যথেষ্ট গৰম। সন্ধিয়াৰ পৰা লাজৰীনাৰ গাটো ভাল লাগি থকা নাছিল। সেয়েহে পৰিয়ালটোৱে সেইদিনা সোনকালে নিশাৰ আহাৰ কৰিছিল। আহাৰৰ পিছত পিছত শুবলৈ যো জা কৰাৰ সময়তে অকস্মাত লাজৰীণাৰ মূৰ ঘূৰাল, তেওঁ বিচনাত পৰি গ’ল। হঠাতে তেওঁ শৰীৰৰ ভিতৰত আচৰিত ধৰণৰ অস্থিৰতা অনুভৱ কৰিলে। তেওঁ এনে অনুভৱ কৰিলে যেন তেওঁৰ শৰীৰৰ অংগসমূহ ক্ৰমাৎ শিথিল হবলৈ ধৰিছে আৰু সেইবোৰ লৰচৰ কৰিব নোৱৰা হৈছে। ৰাতিটো ছটফটাই থাকি ৰাতিপুৱাই তেওঁ চিকিত্সকৰ ওচৰ পালেগৈ ।   

চিকিত্সকে কেইবাটাও পৰীক্ষা কৰিলে। তেওঁৰ চিকিত্সা আৰম্ভ হ’ল। ৰিপোৰ্টবোৰ চাই চিকিৎসকে পোনপেটীয়াকৈ জনালে যে লাজৰীণাক চিকিত্সালয়লৈ অনাত যথেষ্ট পলম হৈছে, কাৰণ তেওঁ বেলচ্‍ পালছি নামৰ এবিধ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। এই ৰোগৰ পৰিণতি হ’ল পক্ষাঘাত বা পেৰালাইছিছ। এই বেমাৰটোত আক্ৰান্ত হ’লে মাত্ৰ ৩০ৰ পৰা ৪০ শতাংশ মানুহহে পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব পাৰে।

লাজৰীণাৰ মূৰত যেন আকাশ ভাঙি পৰিল। ডেৰমহীয়া পুত্ৰ আকৰ্ষৰ কথা ভাবি তেওঁ উচুপি উঠিল। পক্ষাঘাতৰ দৰে পৰিণতিৰ কথা শুনি তেওঁৰ স্বামী আৰু পৰিয়ালবৰ্গ মৰ্মাহত হ’লসকলোৰে মনত মাত্ৰ এটাই প্ৰশ্ন জাগিল, লাজৰীণা পুনৰ সুস্থ হব নে নহয় ? তেওঁ পুনৰ স্বাভাৱিক মানুহৰ দৰে  চলা-ফুৰা কৰিব পাৰিবনে? যদি সুস্থ হয়ো তাৰবাবে কিমান দিনৰ প্ৰয়োজন হ'ব? এই চিকিত্সাত কিমান ধনৰ প্ৰয়োজন হ’ব? সেই দুৰ্ভাগ্যৰ মুহূৰ্তত তেওঁক স্বামী আৰু স্বামীৰ পৰিয়ালবৰ্গয়ো তেওঁক বোজা বুলি ভাবিবলৈ ল’লে। উপায় নাপাই তেওঁ পিতৃগৃহত আশ্ৰয় ল’বলগীয়া হ’ল।

পিছে লাজৰীণা বিতত নহ’ল। তেওঁ চিকিত্সকক জনালে যে তেওঁ সুস্থ হ’বলৈ বিচাৰে। তেওঁ আগৰ দৰে চলা-ফুৰা কৰিব বিচাৰে, দৌৰিব বিচাৰে, স্কুটি আৰু গাড়ী চলাবলৈ বিচাৰে। তেওঁৰ মনৰ দৃঢ়তা দেখি চিকিত্সকেও তবধ মানিলে। কেবাইমাহো ধৰি লাজৰীণাৰ চিকিৎসা চলিল। ঔষধৰ সমান্তৰালকৈ ফিজিঅ’ থেৰাপী আৰু বিশেষ ব্যায়ামো চলি থাকিল।

চিকিত্সা আৰু মনৰ জোৰত তেওঁ লাহে লাহে সুস্হ হবলৈ ধৰিলে। প্ৰায় দুবছৰৰ চিকিত্সাৰ পিছত লাজৰীণাই দৃঢ় মনোবলেৰে পক্ষাঘাতক জয় কৰিলে। তেওঁ লাহে লাহে খোজ কাঢ়িব পৰা হ’ল। অসাৰ হ’বলৈ ধৰা শৰীৰৰ অংগ সমূহলৈ লাহে লাহে প্ৰাণ ঘূৰি আহিল। পক্ষাঘাতৰ পৰা মুক্তি পোৱাৰ আনন্দত তেওঁৰ মনটো জঁপিয়াই উথিল।

কিন্তু লাজৰীণাক বিপদে এৰা দিয়া নাছিল।

পক্ষাঘাতৰ পৰা সকাহ পোৱাৰ সময়তে চিকিত্সকে আৱিষ্কাৰ কৰিলে লাজৰীণাৰ দেহত আন এক মাৰাত্মক ব্যাধি আৰম্ভ হৈছে, স্তন কেঞ্চাৰ। দুবছৰ ধৰি পক্ষাঘাতৰ যন্ত্ৰনাত ভূগি থাকি, জীৱনৰ লগত সংগ্ৰাম কৰি কৰি কোনোমতে সকাহ পাবলৈ ধৰা লাজৰীণাক জীৱনে আকৌ এবাৰ প্ৰত্যাহ্বান জনালে। কিছু সময়ৰ বাবে তেওঁৰ এনে লাগিল যেন তেওঁৰ সকলো চেষ্টা অথলে গ’ল। সুস্থ, নিৰোগী জীৱন এটা যেন তেওঁৰ ভাগ্যত নাছিলতেওঁ অনুভৱ কৰিলে, জীৱনে তেওঁক বাৰে বাৰে প্ৰতাৰণা কৰিবলৈ লৈছে। এনেদৰেই হয়তো এদিন সকলো শেষ হৈ যাব। নিৰাশা আৰু অনিশ্চয়তাৰ সেই সন্ধিক্ষণত লাজৰীণাই সিদ্ধান্ত ল’লে যে তেওঁ কেতিয়াও হাৰ নামানে। তেওঁ পুনৰ একেই সাহস, উৎসাহ আৰু ইচ্ছাশক্তিৰে এই নতুন বিপদৰ বিৰুদ্ধে যুদ্ধ কৰি যাব।

দুবছৰ ধৰি দিল্লীত লাজৰীণাৰ চিকিত্সা চলিল। অদম্য সাহসেৰে যুঁজি লাজৰীণাই কৰ্কট ৰোগৰ দৰে ভয়াবহ বেমাৰকো পৰাভূত কৰিলে। দুবছৰ ধৰি দৰৱ, পথ্য, ৰেডিয়েছন, কেমোথেৰাপিৰে তেওঁ আৰোগ্যৰ পথলৈ আহিল।

কিন্তু দুৰ্ভাগ্যই লাজৰীণাৰ পিছ নেৰিলে। চাৰি বছৰ ধৰি দুটাকৈ মাৰাত্মক ব্যাধিৰ সৈতে যুঁজি যুঁজি ভাগৰি পৰা তেওঁৰ দেহত মেদবহুলতা বা অ’বেছিটিৰ সমস্যাই দেখা দিলে। একেৰাহে চাৰি বছৰ ধৰি প্ৰায় শৰ্যাশায়ী হৈ থকাৰ ফলত আৰু চিকিত্সাৰ সময়ত ব্যৱহাৰ কৰা দৰৱৰ পাৰ্শ্বক্ৰিয়াৰ বাবে তেওঁৰ দেহৰ ওজন আচৰিত ভাৱে বাঢ়িবলৈ ল’লে। চাৰিবছৰত ওজন বাঢ়ি ৫৫ কিল’গ্ৰামৰ পৰা ৯৬ কিল’গ্ৰাম হ’লগৈ। আইনাত নিজৰ চেহেৰা চাবলৈ তেওঁ ভয় খোৱা হ’ল। চিকিত্সকে সাৱধান কৰি দিলে, ওজন নকমালে তেওঁ উচ্চ ৰক্তচাপ, মধুমেহ, বাত বিষ আদি ৰোগত ভূগিব লগীয়া হ’বলাজৰীণায়ো ওজন কমাবৰ বাবে আধুনিক চিকিত্সাৰ উপৰিও আয়ুৰ্বেদিক, হোমিঅ’পেথী, প্ৰাকৃতিক চিকিত্সা আদি নানা বিধৰ চিকিত্সাও আৰম্ভ কৰি দিলে। কিন্তু এইবোৰ চিকিত্সাই বিশেষ কাম নিদিলে। বৰ্ধিত ওজনৰ বাবে তেওঁ হতাশ হৈ পৰিল।

লাজৰীণাই বুজি পাইছিল যে ওজন কমাবৰ বাবে তেওঁ নিজেই কিবা এটা কৰিব লাগিব। স্কুলৰ থকা সময়ত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত কেৰাটে চেম্পিয়ন আছিল। চিকিৎসকৰ পৰামৰ্শমতে তেওঁ ইতিমধ্যেই ব্যায়াম কৰা আৰু দৌৰা আৰম্ভ কৰি দিছিল। সেই সময়তে তেওঁ পুত্ৰ আকৰ্ষৰ জন্মদিনত উপহাৰ দিবৰ বাবে চাইকেল কিনিবলৈ দোকানলৈ যাওঁতে ধুনীয়া ৰেচিং চাইকেল এখন নিজৰ বাবেও কিনি আনিলে। সেইদিনাৰ পৰা লাজৰীণাৰ আৰম্ভ হ’ল অন্য এক যাত্ৰা।  নিতৌ পূৱা-গধূলি তেওঁ চাইকেল চলাবলৈ আৰম্ভ কৰিলে।

নিতৌ চাইকেল চলাবলৈ লোৱাৰ পিছত লাহে লাহে তেওঁৰ ওজন কমি গৈ এসময়ত স্বাভাৱিক হৈ পৰিল। এসময়ত বাধ্যত পৰি চাইকেল চলোৱা লাজৰীণাৰ চাইক্লিং চখত পৰিণত হৈছিল। ওজন স্বাভাৱিক কৰি ৰাখিবৰ বাবে ইমান সস্তীয়া সাধনটোৰ বাদে আন বিকল্প তেওঁ বিচাৰি পোৱা নাছিল। প্ৰথমতে পুত্ৰ আকৰ্ষৰ লগত নয়দাৰ আবাসিক অঞ্চলত চাইকেল চলাবলৈ আৰম্ভ কৰা লাজৰীণাই এসময়ত চাইকেল চলাই নয়ডাৰ সীমা পাৰ হৈ দিল্লীৰ বিভিন্ন অঞ্চল পাইছিলগৈ।
লাহে লাহে তেওঁৰ চাইকেল চলোৱাৰ সময় আৰু সদায় অতিক্ৰম কৰা দূৰত্ব ক্ৰমাৎ বৃদ্ধি হৈছিল কেতিয়াবা নয়ডাৰ পৰা গ্ৰেটাৰ নয়ডা, নয়ডাৰ পৰা দিল্লী আৰু কেতিয়াবা নয়ডাৰ পৰা গাজিয়াবাদ আদি ইখন চহৰৰ পৰা আনখন চহৰলৈ তীব্ৰ গতিৰে চাইক্লিং কৰি ঘূৰি ফুৰাটো তেওঁৰ দৈনন্দিন কাৰ্যসূচীত পৰিণত হ'ল।

২০১৪ চনত লাজৰীণাৰ জীৱনত এক সোণালী পৰিৱৰ্তনৰ সূচনা হ’ল। সেই বছৰতে এদিন লাজৰীনাই ঘৰৰ কাম বন শেষ কৰাৰ পিছত চাইক্লিঙৰ বাবে ওলাইছিল। সেইদিনা তেওঁ নয়ডাৰ পৰা ইণ্ডিয়া গেট হৈ দক্ষিণ দিল্লীৰ ৰাস্তাত প্ৰৱেশ কৰিছিল। জৱহৰলাল নেহৰু ষ্টেডিয়ামৰ ওচৰ পাওঁতে তেওঁ কিছুসংখ্যক চাইকেল আৰোহী ষ্টেডিয়ামৰ ভিতৰলৈ সোমাই যোৱা আৰু কিছুসংখ্যকে ষ্টেডিয়ামৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যোৱা দেখিলে।

একো নাভাবি তেওঁ নিজৰ চাইকেলৰ দিশ ষ্টেডিয়ামৰ পিনে পোনাই দিলে। ভিতৰলৈ গৈ গম পালে যে দিল্লী খেল প্ৰাধিকৰণৰ তৰফৰ পৰা এখন চাইক্লিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পেছাদাৰ চাইক্লিষ্টসকলে প্ৰতিযোগিতাত ভাগ লবৰ বাবে আবেদন পত্ৰ পূৰণ কৰি আছিল।

লাজৰীনাৰো প্ৰতিযোগিতাত ভাগ ল’বলৈ মন গ’ল। কিন্তু একে সময়তে মনলৈ প্ৰশ্ন আহিল, পেছাদাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত তেওঁৰ দৰে চাইক্লিষ্টে ভাগ লব লাগে নে নালাগে? আগতে কেতিয়াও চাইক্লিং প্ৰতিযোগিতাত ভাগ লোৱাৰ কথা তেওঁ ভবাই নাছিলএই বিষয়ে ভালদৰে চিন্তা কৰিব লাগিব, স্বামীৰ পৰামৰ্শ লব লাগিব - এনেবাৰ প্ৰশ্নই তেওঁক বাৰে বাৰে দোমোজাত পেলালে। তেনেতে এজন লোকে সুধিলে যে তেওঁ আবেদন পত্ৰ পালে নে নাই। তেওঁ নাই পোৱা বুলি কোৱাত লোকজনে এখন আবেদন পত্ৰ আনি তেওঁৰ হাতত তুলি দিলে আৰু লাজৰীণাই যি হয় হ’ব বুলি ভাবি আবেদন পত্ৰখন পূৰাই জমা কৰি দিলে।

২০১৪ ৰ জুনত দিল্লীত অনুষ্ঠিত ৰাজ্যিক ৪০ কি.মি. প্লোটোন ৰাইডাৰ্চ ৰেচত অপ্ৰত্যাশিত ভাৱে সকলো পেছাদাৰী প্ৰতিযোগীক চেৰ পেলাই লাজৰীণা বিজয়ী হয়। সেয়া তেওঁৰ জীৱনৰ এক অনন্য অভিজ্ঞতা আছিল। সেই সাফল্যই তেওঁক ভৱিষ্যতে এগৰাকী চাইক্লিষ্ট হোৱাৰ বাবে উৎসাহিত কৰিলে। তাৰ পিছৰ পৰা তেওঁ এটাৰ পিছত আনটো প্ৰতিযোগিতা জিকিবলৈ ধৰিলে। যোৱা দুটা বছৰত তেওঁ প্ৰায় বাৰটা চাইক্লিং ৰেচত ভাগ লৈ জয়ী হৈছে। ২০১৫ ৰ ডিচেম্বৰত মৰ্যদাপূৰ্ণ গুড়গাওঁ-দিল্লী গ্ৰেণ্ড ফাণ্ডো টাইম ট্ৰায়েলৰ ৪৪ কি.মি. ৰেচত তেওঁ প্ৰথম স্থান দখল কৰে। ২০১৬ ৰ আৰম্ভণীতে অনুষ্ঠিত কেবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেচত লাজৰীনাই দ্বিতীয় স্হান দখল কৰিছে। এতিয়ালৈকে তেওঁ ৬টা সোণৰ, তিনিটা ৰূপৰ লগতে ১০ টাতকৈ অধিক মেডেল আজুৰি আনিছে।

কিন্তু সদায় মনত এগৰাকী যুঁজাৰুৰ ভাব পোষণ কৰি থকা লাজৰীণা বাজাজ পিছে এই সাফল্যতো সন্তুষ্ট নহয়। তেওঁৰ সপোন হ'ল চাইক্লিঙৰ ক্ষেত্ৰখনত অকল ভাৰততে নহয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা লাভ কৰাএছিয়ান গেমছ্‍, অলিম্পিকৰ দৰে আন্তৰ্জাতিক প্ৰতিযোগিতাত ভাৰতৰ বাবে তেওঁ মেডেল জয় কৰাৰ সপোন দেখেএগৰাকী শীৰ্ষস্থানীয় চাইক্লিষ্ট ৰূপে নিজৰ পৰিচয় গঢ়িব বিচাৰে তেওঁ। ইয়াৰ উপৰিও তেওঁ মানুহৰ মাজত বিশেষকৈ মেদবহুলতাত ভোগা আক্ৰান্ত মহিলাসকলৰ মাজত চাইক্লিঙৰ বিষয়ে সজাগতা সৃষ্টি কৰি নিয়মিতভাৱে চাইকেল চলাবলৈ উত্সাহিত কৰি আহিছেতেওঁৰ মতে ছোৱালীবোৰে পেচাগত চাইক্লিঙৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। কেৱল শাৰীৰিকভাৱে সুস্হ হৈ থকাই নহয় ইয়াৰ দ্বাৰা তেওঁলোকে স্পৰ্টছ কেৰিয়াৰৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব। লাজৰীণাই তেওঁৰ সন্তান আকৰ্ষকো এগৰাকী সফল চাইক্লিষ্ট হোৱাতো বিচাৰে।


জীৱনত সামান্য বাধা বিঘিনীতে ভাঙি পৰা মানুহৰ বাবে লাজৰীণা বাজাজ এক জীৱন্ত অনুপ্ৰেৰণা হৈ পৰিছে। জীৱনৰ অনেক ঘাত প্ৰতিঘাত নেওচি এগৰাকী সফল চাইক্লিষ্টৰ ৰূপত জীৱনৰ অৰ্থ বিচাৰি পোৱা  লাজৰীণা নিজক লৈ সন্তুষ্ট। ভগৱানৰ প্ৰতিও তেওঁৰ কোনো অভিযোগ নাই। তেওঁ বিশ্বাস কৰে যে অদৃষ্টজনে যি কৰে ভালৰ কাৰণেই কৰে। বিপদ আৰু সমস্যা আমাক দুৰ্বল কৰিবৰ বাবে নহয় বৰঞ্চ অধিক সক্ষম আৰু শক্তিশালী কৰিবৰ বাবেহে আমাৰ জীৱনলৈ আহে। আমি পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আৰু যুঁজি জিকিবলৈ শিকিব লাগে। ভগৱানে আমাৰ ক্ষমতাক চিনি পায় আৰু সঠিক সময়ত আমাক আমাৰ লক্ষ্যত উপনীত কৰায়। লাজৰীণাৰ জীৱন কাহিনীৰ পৰা আমি এক কথাই শিকিব পাৰোঁ যে মানুহে কেতিয়াও, কোনো পৰিস্থিতিতে নিৰাশ হ’ব নালাগে, বৰং কেৱল নিজৰ ওপৰত আস্থা ৰাখি জীৱনৰ বাটত আগুৱাই যাব লাগে। ইতিবাচক চিন্তাৰে জীৱনৰ ঘাত প্ৰতিঘাত সমূহ অতিক্ৰম কৰি যোৱাতহে জীৱনৰ সফলতা নিৰ্ভৰ কৰে।