Monday, January 23, 2017

দাৰিদ্ৰতাৰ অন্ধকূপৰ পৰা সফলতাৰ শিখৰলৈ মধুসুদন ৰাওৰ সংগ্ৰামী যাত্ৰা



হাইদৰাবাদৰ আটাইতকৈ সম্ভ্ৰান্ত অঞ্চলৰ এটা সুবিশাল অট্টালিকাত মধুসুদন ৰাৱে বাস কৰে। তেওঁ অন্ধ্ৰপ্ৰদেশৰ ২০ টাকৈ কোম্পানীৰ মালিক। তেওঁ দলিত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ অন্ধ্ৰপ্ৰদেশ শাখাৰ অধ্যক্ষ। এই কথা জানিব পাৰিলে সকলোৱে আচৰিত হয় যে, সমাজত আজি অতি উচ্চ স্থানত অধিস্থিত মধুসুদন ৰাও এসময়ত আছিল অতি পিছপৰা সম্প্ৰদায়ৰ সমাজৰ এজন অৱহেলিত, নিষ্পেষিত ব্যক্তি। দাৰিদ্ৰতাৰ অন্ধকূপৰ পৰা সফলতাৰ শিখৰলৈ আৰোহন কৰা মধুসুদন ৰাওৰ জীৱন কাহিনী এক ৰূপকথাতকৈ কোনোগুণে কম নহয়।
অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাত পলকুৰু গাঁৱত পিছপৰা সম্প্ৰদায় এটাত অতি দৰিদ্ৰ পৰিয়ালত মধুসুদন ৰাওৰ জন্ম হৈছিল। দেউতাকৰ নাম পেৰেয়া আৰু মাকৰ নাম ৰামুলম্মা। দেউতাক আছিল জমিদাৰৰ ঘৰত কাম বন কৰা এজন ক্ৰীতদাসমাকেও জমিদাৰৰ ঘৰত আলধৰা কাম কৰিছিল। ঘৰত আঠটা ল’ৰা ছোৱালীৰ মাজত পঞ্চম সন্তান আছিল মধুসুদন।
অতি দুখীয়া আৰু পিছপৰা সম্প্ৰদায়ৰ হোৱা বাবে মধুসুদনৰ ল’ৰালিকাল অতি কষ্টত পাৰ হৈছিল। দুবেলা দুমুঠি খাবলৈ পৰিয়ালটোৱে অনবৰতে সংগ্ৰাম কৰিবলগীয়া হৈছিল। এটা সৰু, জৰাজীৰ্ণ পঁজাত তেওঁলোকে বাস কৰিছিল। মধুসুদনে সৰু কালত মাক দেউতাকক দেখাই পোৱা নাছিল। নিচেই পুৱাই দুয়ো কামলৈ ওলাই গৈছিল আৰু নিশা ঘৰলৈ উভতিছিল। তেওঁলোক নিশা ঘৰত থকা সময়ত সৰু ল’ৰা ছোৱালী কেইটা শুয়েই থাকিছিল
মধুসুদনহঁতৰ দলিত পৰিয়ালটো সমাজৰ মানুহে একেবাৰে নিম্নস্তৰৰ বুলি গণ্য কৰিছিল। দেউতাকে সমাজত মূৰ তুলি কথা ক’ব নোৱাৰিছিল, চুৰিয়া আঠুৰ ওপৰত পিন্ধিবলগীয়া হৈছিল। সমস্ত জীৱন ধৰি দেউতাকে এজন জমিদাৰৰ ওচৰত ক্ৰীতদাস হিচাপে কাম কৰিছিল। মধুসুদনৰ ককাক আৰু আজোককাকেও জমিদাৰৰ ঘৰত ক্ৰীতদাসৰ কাম কৰিছিল। সেই সময়ত জমিদাৰৰ খেতিপথাৰ, তেওঁলোকক জন্তুৰ চোৱাচিটা, ঘৰৰ চাফ-চিকুণ কৰা কাম দেউতাকৰ দৰে শ্ৰমিকে কৰিছিল। জমিদাৰে কাম ভাল পালে পইচা পায়, নহলে নাইআঠটাকৈ লৰা ছোৱালী থকা ঘৰখনত সকলোকে পেট ভৰাই খাবলৈ অসুবিধা হৈছিলসেইকাৰণে মধুসুদনৰ মাকেও পৰিশ্ৰম কৰিবলগীয়া হৈছিল। মাকেও জমিদাৰৰ ঘৰত কাম কৰিছিল আৰু তাত কাম নাথাকিলে আন কামৰ সন্ধান কৰিছিল। পৰিস্থিতি ইমানেই বেয়া আছিল যে অতি কম বয়সতে ডাঙৰজনী ছোৱালীক লগত লৈ মাকে ধঁপাতৰ ফেক্টৰীত কাম কৰিবলগীয়া হৈছিল। মাক জীয়েকে নিতৌ ১২ কিলোমিটাৰ খোজকাঢ়ি ধঁপাত ফেক্টৰীলৈ গৈছিল আৰু ঘণ্টাৰ পিছত ঘণ্টা কাম কৰি পুনৰ খোজকাঢ়ি ঘৰলৈ উভতি আহিছিল। ইমান কষ্ট স্বীকাৰ কৰাৰ পিছতো বহু সময়ত দৰিদ্ৰ পৰিয়ালটো ভোকতেই থাকিবলগীয়া হৈছিল।
মধুসুদন ৰাওৰ জীৱন সেই সময়ত সলনি হবলৈ আৰম্ভ কৰিছিল যেতিয়া তেওঁক পঢ়া-লিখাৰ বাবে বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। দৰিদ্ৰ দেউতাকে আঠোটাকৈ সন্তানৰ ভিতৰত দুজনকহে তেওঁ বিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈ সমৰ্থ আছিলমধুসুদনৰ পূৰ্বে তেওঁৰ ককায়েক মাধৱক বিদ্যালয়লৈ পঠোৱা হৈছিল। পিছত নিৰ্বাচন কৰা হৈছিল মধুসুদনকমাধৱ আৰু মধুসুদন, দুয়ো ভায়েক চৰকাৰী বিদ্যালয়লৈ যাব ধৰিলে। দুয়ো মনোযোগ দি পঢ়া-শুনা কৰিলে। মধুসুদনে সদায়ে পৰীক্ষাত ভাল নম্বৰ লাভ কৰিছিল।
বিদ্যালয়লৈ গ’লেও দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নোপোৱাৰ বাবে মাধৱ আৰু মধুসুদন নিশকতীয়া হৈ যাবলৈ ধৰিলে। সেই সময়ত গাঁৱৰ ওচৰৰ এখন চৰকাৰী ছচিয়েল ৱেলফেয়াৰ হোষ্টেলৰ ৱাৰ্ডেন লক্ষ্মী নৰস্যাৰ বাবে মাধৱ আৰু মধুসুদনৰ জীৱনলৈ এক পৰিৱৰ্তন আহিল। লক্ষ্মী নৰস্যাই মধুসুদনৰ দেউতাকক দুয়োকে সেই হোষ্টেলত ভৰ্তি কৰাবলৈ সৈমান কৰালে পঢ়া শুনাত ভাল হোৱাৰ বাবে অতি ডাল দৰিদ্ৰ পৰিয়ালৰ দুয়ো ভাইৰ বাবে হোষ্টেলত বিনামূলীয়াকৈ থকা-খোৱাৰ সুবিধা দিয়া হল। ককায়েক মাধৱৰ দৰে মধুসুদনো হোষ্টেলত থাকিবলৈ আৰম্ভ কৰিলে।
হোষ্টেলত দিনত তিনিবাৰকৈ পেট পূৰাই খাবলৈ পোৱাটোৱেই মাধৱ আৰু মধুসুদনৰ বাবে  পৰম সৌভাগ্যৰ কথা আছিলখাদ্য বেয়া হলেও দুয়ো কেতিয়াও আপত্তি কৰা নাছিল খাবলৈ পোৱাটোৱেই তেওঁলোকৰ বাবে ডাঙৰ কথা আছিল। হোষ্টেলৰ ৱাৰ্ডেন আৰু দায়িত্বত থকা শিক্ষকে চোকা ছাত্ৰ মধুসুদনক বহুত সহায় কৰিছিল। ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ বাবে তেওঁলোকে নিৰৱচ্ছিন্নভাৱে তেওঁলোকে তেওঁক  উৎসাহিত কৰিছিল। মধুসুদনে সদায়ে শ্ৰেণীত প্ৰথম পাঁচজনৰ ভিতৰত স্থান লাভ কৰিছিল।
সমাজ কল্যাণ বিভাগৰ ছাত্ৰাবাসত থাকি মাধৱ আৰু মধুসুদনে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সুখ্যাতিৰে পাছ কৰিলে। ককায়েক মাধৱে অভিযান্ত্ৰিক মহাবিদ্যালয়ত অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত হৈছিল। মধুসুদনেও অভিযন্তা হ’ব বিচাৰিছিল। কিন্তু দুজনকৈ ল’ৰাৰ বাবে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খৰছ বহন কৰাটো পৰিয়ালৰ বাবে সম্ভৱপৰ নাছিল। বহুতেই পৰামৰ্শ দিছিল যে মধুসুদনে অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ সলনি পলিটেকনিক কৰিলে খৰছো কম হব, চাকৰিও সোনকালে পাই যাব। সেই সময়ত পৰিয়ালটোৰ বাবে চাকৰি এটাৰ বৰ প্ৰয়োজন আছিল। উপায় নাপাই মধুসুদনে অভিযন্তা হোৱাৰ সপোন বাদ দি শ্ৰীভেংকেটেশ্বৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে আৰু দুবছৰ তিৰুপতিত আৰু এবছৰ ঔংগলত অধ্যয়ন কৰি পলিটেকনিক ডিপ্লমা অৰ্জন কৰিলে।
মধুসুদনে কনিষ্ঠ অভিযন্তাৰ ডিপ্লোমা লাভ কৰাৰ লগে লগে পৰিয়ালৰ সকলোৰে প্ৰত্যাশা বৃদ্ধি হল। মাক-দেউতাক আৰু ভায়েক-ককায়েকে আশা কৰিলে যে মধুসুদনে ভাল চাকৰি লাভ কৰিব আৰু তেওঁৰ উপাৰ্জনেৰে ঘৰখনৰ পৰা দৰিদ্ৰতা আঁতৰি যাব । চাকৰিৰ বাবে মধুসুদনে বিভিন্ন ঠাইত আবেদন কৰিলে। দুৱাৰে দুৱাৰে গৈ চাকৰি বিচাৰিলে কেইবাঠাইতো সাক্ষাত্কাৰত অৱতীৰ্ণ হ’লকিন্তু বহু চেষ্টাৰ পিছতো মধুসুদনে চাকৰি পাবলৈ সমৰ্থ নহ সেই সময়ত চাকৰি পাবলৈ আৱশ্যক হৈছিল কোনোবা জনা শুনা মানুহৰ লগত থকা চিনাকী বা টকা পইছা। তেওঁৰ ওচৰত ইয়াৰ এটাও নাছিল।  তদুপৰি সামাজিক বৈষম্যৰ বাবে তেওঁৰ দৰে দলিত সম্প্ৰদায়ৰ এজন দুখীয়া যুৱকৰ বাবে চাকৰি লাভ কৰাটো কঠিন আছিল। নিৰক্ষৰ মাক দেউতাকৰ পৰিয়ালত ডাঙৰ দীঘল হোৱা বাবেও তেওঁ চাকৰিৰ বাবে অযোগ্য বিবেচিত হৈছিল।
জীৱনৰ সেই কঠিন দিনবোৰত মধুসুদন উদাস আৰু ভাৰাক্ৰান্ত হৈ পৰিছিল। তেওঁৰ পঢ়া-শুনাৰ বাবে পৰিয়ালৰ সকলোৱে অত্যন্ত কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল। মাক-দেউতাক, ভায়েক-ভনীয়েক সকলোৱে ভাবিছিল যে উত্তীৰ্ণ হোৱাৰ পিছতে মধুসুদনে ভাল চাকৰি এটা পাব,  উপাৰ্জন কৰিবতেওঁৰ ওপৰতে আছিল সকলোৰে ভৰসা। তেনে পৰিস্থিতিত তেওঁ হাত সাৱটি ঘৰত বহি থাকিব নোৱাৰিলেযিকোনো কাম কৰি দুপইছা উপাৰ্জন কৰাৰ কথা তেওঁ চিন্তা কৰিলে।
মধুসুদনে সিদ্ধান্ত গ্ৰহণ কৰিলেযে তেওঁ চাকৰিৰ কাৰণে বহি নাথাকে। বৰং তেওঁ অন্য ভায়েক ভনীয়েক হঁতৰ দৰে কঠোৰ শাৰীৰিক শ্ৰম কৰিব। তেওঁৰ এজন ভিনিহীয়েকে হায়দৰাবাদত মিস্ত্ৰীৰ কাম কৰিছিল। মধুসুদনেও ভিনিহীয়েকৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ মিস্ত্ৰীৰ সহায়কৰ কাম শিকিলে। মাটি আৰু শিল ধুৱা কাম শিকিলে। চিমেণ্ট, বালি আৰু শিল মিহলি কৰি মচলা বনাই পকীঘৰ সাজিব শিকিলে। নতুন পকীঘৰৰ মজিয়াত পানী দিয়া কাম কৰিলেমিস্ত্ৰী এজনে কৰা  সকলো কামেই তেওঁ কৰিলে।
যিহেতু মজদুৰীৰ পৰা দৈনিক বেছি উপাৰ্জন কৰিব নোৱাৰি, সেই বাবেই তেওঁ অন্য কাম বিচাৰিবলৈ আৰম্ভ কৰি দিলে। দিনটো মজদুৰী কৰাৰ বিনিময়ত তেওঁ ৫০ টকাকৈ পাইছিলতেওঁ খবৰ কৰি জানিব পাৰিলে যে দিনটো মজদুৰি কৰাৰ পিছত নিশা চকীদাৰৰ কাম কৰিলে দিনে অতিৰিক্ত ১২০ টকা উপাৰ্জন কৰিব পাৰি তেতিয়া তেওঁ নিশাও চকীদাৰৰ কাম কৰিবলৈ আৰম্ভ কৰি দিলে এজন শিক্ষিত আৰু ডিপ্লোমাধাৰী কনিষ্ঠ অভিযন্তা হৈয়ো দিনটো মজদুৰী আৰু ৰাতি চকীদাৰৰ কাম কৰি তেওঁ পৰিয়ালৰ বাবে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিলে।
          নিজৰ ওপৰত বিশ্বাস আৰু কষ্ট কৰাৰ মানসিকতা থাকিলে মানুহক ভাগ্যয়ো সহায় কৰে।  মধুসুদনৰ জীৱনলৈকো এদিন সোণালী সুযোগ আহিল। এদিন মজদুৰ হিচাপে তেওঁ টেলিফোনৰ খুঁটাৰ বাবে গাত খান্দি আছিলএজন অভিযন্তাই তেওঁৰ কাম চাই আছিল। এসময়ত অভিযন্তাজন তেওঁৰ ওচৰলৈ আহি সুধিলে- “তুমি এজন শিক্ষিত যুৱক নেকি”?
“হয়, মই পলিটেকনিক কৰিছোঁ”মধুসুদনে উত্তৰ দিলে।
“তোমাৰ কাম কৰাৰ ধৰণ দেখিয়েই মই বুজিব পাৰিছিলো যে তুমি পঢ়া শুনা কৰিছা। অন্য মজদুৰ হলে এইদৰে জোখমাখ কৰি গাত নাখান্দে। মই মাত্ৰ তোমাকেই মাথোঁ দেখিছো যিয়ে জোখ-মাপ কৰি বিজ্ঞানসন্মতভাৱে গাত খান্দিছা”
          প্ৰশংসা শুনি মধুসুদনৰ মনত আনন্দ লাগিল। তেওঁ হাতজোৰ কৰি ক’লে, “বহুত ধন্যবাদ ছাৰ”।
“মোৰ লগত চাকৰি কৰিবা” অপ্ৰত্যাশিত ভাৱে অভিযন্তাজনৰ মুখত এই প্ৰশ্ন শুনাৰ পিছত মধুসুদন আনন্দবিহ্বল হৈ পৰিল।
তেওঁ অভিযন্তাজনৰ ভৰিত পৰি ক’লে, “ছাৰ, মোক চাকৰি এটাৰ সঁচাকৈয়ে বৰ প্ৰয়োজন। মোৰ পৰিয়ালে মোৰ ওপৰতে আশা ৰাখিছে। মই মাথোঁ চাকৰিৰ অপেক্ষাত আছোঁ”।
সেই অভিযন্তাজনে তেওঁক নিজক কাৰ্যালয়লৈ লৈ গল। “চাকৰিৰ বাবে তুমি এটা সাক্ষাত্কাৰ দিব লাগিব। সাক্ষাত্কাৰত উত্তীৰ্ণ হ’লেহে চাকৰিটো পাবা”। অভিযন্তাজনে ক’লে।
মধুসুদনৰ সাক্ষাৎকাৰ আৰম্ভ হল। এফালে সাক্ষাৎকাৰ চলি আছে, আনফালে কাৰ্যালয়টোত এজন মূল ঠিকাদাৰৰ সৈতে তলতীয়া ঠিকাদাৰৰ মাজত কোনো এটা ঠিকাৰ ভাগ বতৰাক কেন্দ্ৰ কৰি বাদ বিবাদ চলি আছে। তলতীয়া ঠিকাদাৰক কাম এটাৰ বাবে বেছি ধন লাগে। কথাবোৰ মধুসুদনৰ কাণত পৰিল।
মধুসুদনে কওঁ নকওঁকৈ ক’লে, “এই কামটো মই বহুত কম পইছাত কৰি দিব পাৰিম। মই মজদুৰৰ পৰিয়ালৰ পৰাই আহিছোঁ, নিজেও মজদুৰি কৰিছোঁ। সেই কাৰণে মজদুৰৰ পৰা কাম উলিওৱাত মই পাকৈত”।
“তুমি সেইবোৰ চিন্তা কৰিব নালাগে। সাক্ষাত্কাৰত মনোযোগ দিয়া”। সাক্ষাত্কাৰ গ্ৰহণ কৰি থকা বিষয়া জনে তেওঁক ধমক দিলে।
কিন্তু ঠিকাদাৰ আৰু উপ ঠিকাদাৰৰ কাজিয়া বাঢ়ি গ’ল। শেষত ঠিকাদাৰজনক মতাই অনা হ’ল“এওঁ মধুসুদন ৰাও। এওঁ কামটো কম পইছাতে কৰি দিব পাৰিব বুলি কৈছে”বিষয়া জনে মধুসুদনলৈ আঙুলিয়াই ঠিকাদাৰজনক ক’লে। ঠিকাদাৰজন সৈমান হ’ল। মধুসুদনে ঠিকাৰ কামটো পালে।
ঠিকাৰ কামটো পালে ঠিকেই কিন্তু মজদুৰক আগতীয়াকৈ পইচা দিবলৈ আৰু কাম আৰম্ভ কৰিবলৈ হাতত তেওঁৰ এটকাও নাছিল। মধুসুদনে সকলো ভাই-ভগ্নীৰপৰা সহায় বিচাৰিলে। এগৰাকী ভনীয়েকে তেওঁক সাঁচতীয়া ৯০০ টকা হাতত দিলে। সেই ৯০০ টকা আছিল মধুসুদনৰ জীৱনৰ বাবে আটাইতকৈ অমূল্য আৰু যুগান্তকাৰী মূলধনএই ধন লৈ তেওঁ মজদূৰৰ ওচৰলৈ গল আৰু কাম কৰিবলৈ মান্তি কৰিলেমাত্ৰ ৯০০ টকাৰ মূলধনেৰে মধুসুদনৰ পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হৈ গল। প্ৰথম ঠিকাতে তেওঁৰ ২০ হাজাৰ টকা উপাৰ্জন হল। সেই উপাৰ্জনে তেওঁৰ জীৱন সলনি কৰি দিলে।
তাৰ পিছত মধুসুদনে পিছলৈ উভতি চাবলগীয়া হোৱা নাই। মধুসুদনৰ কামত সন্তুষ্ট হৈ ঠিকাদাৰজনে মধুসুদনক আৰু কেইবাটাও কাম নতুন ঠিকাৰ কাম হাতত দিলে। কামৰ বাবে নগদ এক লাখ টকা তেওঁক আগতীয়াকৈ দিলে। ইয়াৰ পূৰ্বে তেওঁ কেতিয়াও এক লাখ টকা একেলগে দেখা নাছিলতেওঁ বহুত আনন্দিত হৈ পৰিছিলযেতিয়া গাঁৱলৈ গৈ মা-দেউতাৰ হাতত এক লাখ টকা তুলি দিছিল, তেওঁলোক বিতত হৈ পৰিছিল। তেওঁলোকে বিশ্বাসেই কৰিব পৰা নাছিল। সকলোৱে আচৰিত হৈ সুধিছিল, “ইমান টকা কৰপৰা আহিল? তই কি কৰিলি? ৰপৰা আনিলি ইমান টকা?” যেতিয়া তেওঁ কিদৰে এই টকা উপাৰ্জন কৰিলে ক’লে, আটাইৰে চকুৰে অশ্ৰু নিগৰি আহিছিল। এই ধনৰ বাবে তেওঁৰ এজনী ভনীয়েকৰ বিয়া সম্ভৱ হৈছিল। ভনীয়েকক বিয়া দিয়াৰ পিছত তেওঁ পুনৰ হায়দৰাবাদলৈ উভতি আহি কামত মনোনিৱেশ কৰিলেঠিকা পাই গ, উপাৰ্জন বাঢ়ি গল।
লাহে লাহে সকলোতে পৰিৱৰ্তন আৰম্ভ হৈ গল। দাৰিদ্ৰ্য দূৰ হল। মধুসুদন দোপত দোপে আগবাঢ়ি গ’লকিন্তু এনে সময়তে আন এটা ঘটনা সংঘটিত হ, যিয়ে মধুসুদনৰ হাত পুনৰ খালী কৰি দিলেতেওঁ যিসকল লোকক বিশ্বাস কৰিছিল, তেওঁলোকেই প্ৰবঞ্চনা আৰু বিশ্বাসঘাতকতা  কৰিলে। কেইজনমান সতীৰ্থই কোৱা বাবে তেওঁলোকৰ সৈতে মিলি তেওঁ এটা কোম্পানী আৰম্ভ কৰিছিলকোম্পানীৰ কামো প্ৰত্যাশিত ধৰণেই আগুৱাইছিল। কিন্তু সতীৰ্থসকলে তেওঁক এনেদৰে প্ৰবঞ্চনা কৰিলে যে তেওঁৰ সমস্ত কষ্টোপাৰ্জিত ধন নিমিষতে শেষ হৈ গ’ল তেওঁৰ মূৰত যেন আকৌ কোনোবাই ৰামটাঙোণ পৰিল।
জীৱনৰ সেই কঠিন মুহূৰ্তত তেওঁ ঠিকা আৰু ব্যৱসায় পৰিহাৰ কৰি চাকৰি কৰাটোৱেই ভাল হ’ব বুলি ঠিৰাং কৰিলেমধুসুদনে এক অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চাকৰি আৰম্ভ কৰিলে। সেই চাকৰিটোৰ সময়তে মধুসুদনে বিবাহপাশত আৱদ্ধ হল। আমোদজনক কথাটো হল মধুসুদনৰ পত্নী পদ্মলতাই মধুসুদনৰ আগত এটা চৰ্ত দিছিল যে তেওঁ কেতিয়াও ব্যৱসায় কৰিব নোৱাৰিব, মাত্ৰ চাকৰিতেই মনোনিৱেশ কৰিব লাগিব ব্যৱসায়ত মধুসুদনে সন্মুখীন হোৱা চৰম বিপৰ্যয়ৰ কথা জানিব পাৰিয়েই পত্নীয়ে এই চৰ্ত ৰাখিছিল। তেওঁ চৰ্তত সন্মতি প্ৰকাশ কৰিলে।
কিন্তু চাকৰিয়ে মধুসুদনক বান্ধি ৰাখিব নোৱাৰিলে। তেওঁৰ মনটোৱে বাৰে বাৰে তেওঁক ব্যৱসায়ৰ দিশে আকৰ্ষিত কৰি থাকিলতেওঁ বিশ্বাস কৰিছিল যে এজন সফল ব্যৱসায়ী হবলৈ তেওঁৰ গাত সকলো গুণ আছে আৰু চাকৰি কৰি থাকিলেএই গুণসমূহ এদিন অনাহকত মৰহি যাব।
পত্নীক নোকোৱাকৈয়ে মধুসুদনে এটা কোম্পানী আৰম্ভ কৰি দিলে। কোম্পানীটোৱে ঠিকা পাবলৈ আৰম্ভ কৰিলে আৰু তেওঁ কামত নিয়োজিত হৈ পৰিল। ইয়াৰ মাজতে পত্নীয়ে ঘৰলৈ অহা এখন চিঠি পঢ়ি জানিব পাৰিলে যে মধুসুদন পুনৰ ব্যৱসায়ত লাগিছে। পত্নী খঙত অগ্নিশৰ্মা হ’ল, মধুসুদনক ব্যৱসায় বন্ধ কৰি পুনৰ চাকৰিত মনোনিৱেশ কৰিবলৈ কলে। মধুসুদনে পত্নীক বুজালে, তেওঁলোক দুয়ো মিলি চাকৰি কৰি এবছৰত যিমান উপাৰ্জন কৰে, তাতকৈ বেছি টকা তেওঁ ব্যৱসায় কৰি এমাহতে উপাৰ্জন কৰিব পাৰিব। অৱশেষত পত্নী সৈমান হ’ল। তেওঁৰ ব্যৱসায়ৰ প্ৰতি থকা আকৰ্ষণ পত্নীয়ে অনুভৱ কৰিব পাৰিলে। পত্নীয়ে তেওঁৰ সকলো কামতে সংগ দিবলৈ ল’লে। পত্নীৰ সহায় আৰু সহযোগে তেওঁক আৰু দ্ৰুতগতিত আগবাঢ়ি যাবলৈ সহায় কৰিলে।
মধুসুদনে তাৰ পিচত আৰু পিচলৈ উভতি চাবলগীয়া হোৱা নাই। ইটোৰ পিছত সিটোকৈ তেওঁ এতিয়ালৈ ২০টা কোম্পানী আৰম্ভ কৰিলে। সেইবোৰৰ ভিঅতৰত তথ্য প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি ফুড প্ৰছেচিঙলৈ বহু ধৰণৰ কোম্পানীনিজৰ কোম্পানীসমূহৰ বাবে মধুসুদন ৰাও কেৱল ভাৰততেই নহয়, বৰং বিশ্বৰ বহু দেশত প্ৰসিদ্ধ হৈ পৰিছে। তেওঁ দলিত ইণ্ডিয়ান চেম্বাৰ অব্ কমাৰ্চৰ অন্ধ্ৰপ্ৰদেশ শাখাৰো অধ্যক্ষ। ২০টাকৈ কোম্পানী তেওঁ অকলে কেনেকৈ চম্ভালে সেয়াও এক বিস্ময়। তেওঁ কোৱা মতে তেওঁ অকলশৰীয়া নহয়। পৰিয়ালৰ লোকসকলে তেওঁক সহায় কৰে। ভাতৃসকলেও তেওঁৰ হৈ কাম চম্ভালে। তদুপৰি কোম্পানীৰ সকলো বিষয়া কৰ্মচাৰীয়ে নিস্থাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰে। তেওঁ প্ৰতিটো কোম্পানীতে একোজন বিশেষজ্ঞ মুৰব্বী হিচাপে আছে। সকলোৱে নিজৰ কাম কৰি গৈছে। প্ৰতিদিনে তেওঁ আটাইবোৰ মুৰব্বীৰ সৈতে কথা পাতে আৰু সকলো সময়তে ব্যৱসায়িক সুযোগৰ সন্ধান কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰে। সকলোৰে প্ৰতি থকা বিশ্বাসে তেওঁক  ২০ টাকৈ কোম্পানী নিয়ন্ত্ৰণ কৰাৰ বাবে সুবিধা কৰি দিছে।
মধুসুদন ৰাৱে কয়, ‘মা-দেউতা মোৰ বাবে প্ৰেৰণা। তেওঁলোকে দিনটোত ১৮ ঘণ্টালৈকে কাম কৰাটো মই দেখিছো। তেওঁলোকৰ দৰে ময়ো ১৮ ঘণ্টা কাম কৰো। মোৰ কোম্পানীত কাম কৰা সকলোৱেই অতি নিস্থা আৰু সততাৰে মনোযোগ দি কাম কৰে। কোনেও তেওঁ কিমান ঘণ্টা কাম কৰে সেইটো হিচাপ নকৰেলক্ষ্য পূৰণ নোহোৱালৈকে কোনেও জিৰণী নলয়।
নিৰক্ষৰ, দৰিদ্ৰ আৰু সমগ্ৰ জীৱন জুৰি আনৰ ক্ৰীতদাস হৈ জীৱন কটোৱা নিজৰ পিতৃ মাতৃকে তেওঁ প্ৰেৰণাৰ উৎস বুলি বিবেচনা কৰে। তেওঁলোকৰ পৰাই তেওঁ প্ৰেৰণা লাভ কৰিছে তেওঁৰ ভাষাত, “যেতিয়াই মই সমস্যাৰ মাজত সোমাই পৰোঁ, তেতিয়াই মই পিতৃ-মাতৃক মনত পেলাও। মই অনুভৱ কৰিব পাৰো মোৰ কোনো সমস্যাই মোক পিতৃ-মাতৃৰ সমস্যাতকৈ ডাঙৰ হব নোৱাৰে। তেওঁলোকে যি দুখ সহ্য কৰিবলগীয়া হৈছিল তাৰ তুলনাত মোৰ দুখ একোৱেই নহয়। এয়াই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা”।
 তেওঁৰ সফলতাৰ গোপন মন্ত্ৰ কি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মধুসুদনে কয় যে, ‘মানুহ, সামগ্ৰী আৰু মুদ্ৰা (Man, Material & Money)... এই তিনিটাৰ যিজনে সফল ব্যৱহাৰ কৰিছে, তেওঁক সফলতাৰ পৰা কোনেও বাধা দি ৰাখিব নোৱাৰে। মোৰ সফলতাৰ গোপন মন্ত্ৰ হ’ল মানুহ, সামগ্ৰী আৰু মুদ্ৰাৰ সঠিক ব্যৱহাৰ আৰু প্ৰয়োগ”।


No comments:

Post a Comment