Monday, May 2, 2016

লাজৰীণা বাজাজ



আজিৰ পৰা প্ৰায় দহ বছৰ আগৰ কথা।

ভাৰতৰ ৰাজধানী দিল্লীৰ নিকটৱৰ্তী নয়দাত একমাত্ৰ ডেৰ মহীয়া পুত্ৰ আৰু স্বামীৰে সৈতে ২৭ বছৰীয়া লাজৰীণা বাজাজ নামৰ মহিলা এগৰাকীয়ে এক সুখী বৈবাহিক জীৱন যাপন কৰিছিল। তেওঁ নিজেও দিল্লীৰ এটা প্ৰতিস্থানত মানৱ সম্পদ বিভাগত কৰ্মৰত আছিল।

সেইদিনা দিনটো আছিল যথেষ্ট গৰম। সন্ধিয়াৰ পৰা লাজৰীনাৰ গাটো ভাল লাগি থকা নাছিল। সেয়েহে পৰিয়ালটোৱে সেইদিনা সোনকালে নিশাৰ আহাৰ কৰিছিল। আহাৰৰ পিছত পিছত শুবলৈ যো জা কৰাৰ সময়তে অকস্মাত লাজৰীণাৰ মূৰ ঘূৰাল, তেওঁ বিচনাত পৰি গ’ল। হঠাতে তেওঁ শৰীৰৰ ভিতৰত আচৰিত ধৰণৰ অস্থিৰতা অনুভৱ কৰিলে। তেওঁ এনে অনুভৱ কৰিলে যেন তেওঁৰ শৰীৰৰ অংগসমূহ ক্ৰমাৎ শিথিল হবলৈ ধৰিছে আৰু সেইবোৰ লৰচৰ কৰিব নোৱৰা হৈছে। ৰাতিটো ছটফটাই থাকি ৰাতিপুৱাই তেওঁ চিকিত্সকৰ ওচৰ পালেগৈ ।   

চিকিত্সকে কেইবাটাও পৰীক্ষা কৰিলে। তেওঁৰ চিকিত্সা আৰম্ভ হ’ল। ৰিপোৰ্টবোৰ চাই চিকিৎসকে পোনপেটীয়াকৈ জনালে যে লাজৰীণাক চিকিত্সালয়লৈ অনাত যথেষ্ট পলম হৈছে, কাৰণ তেওঁ বেলচ্‍ পালছি নামৰ এবিধ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। এই ৰোগৰ পৰিণতি হ’ল পক্ষাঘাত বা পেৰালাইছিছ। এই বেমাৰটোত আক্ৰান্ত হ’লে মাত্ৰ ৩০ৰ পৰা ৪০ শতাংশ মানুহহে পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব পাৰে।

লাজৰীণাৰ মূৰত যেন আকাশ ভাঙি পৰিল। ডেৰমহীয়া পুত্ৰ আকৰ্ষৰ কথা ভাবি তেওঁ উচুপি উঠিল। পক্ষাঘাতৰ দৰে পৰিণতিৰ কথা শুনি তেওঁৰ স্বামী আৰু পৰিয়ালবৰ্গ মৰ্মাহত হ’লসকলোৰে মনত মাত্ৰ এটাই প্ৰশ্ন জাগিল, লাজৰীণা পুনৰ সুস্থ হব নে নহয় ? তেওঁ পুনৰ স্বাভাৱিক মানুহৰ দৰে  চলা-ফুৰা কৰিব পাৰিবনে? যদি সুস্থ হয়ো তাৰবাবে কিমান দিনৰ প্ৰয়োজন হ'ব? এই চিকিত্সাত কিমান ধনৰ প্ৰয়োজন হ’ব? সেই দুৰ্ভাগ্যৰ মুহূৰ্তত তেওঁক স্বামী আৰু স্বামীৰ পৰিয়ালবৰ্গয়ো তেওঁক বোজা বুলি ভাবিবলৈ ল’লে। উপায় নাপাই তেওঁ পিতৃগৃহত আশ্ৰয় ল’বলগীয়া হ’ল।

পিছে লাজৰীণা বিতত নহ’ল। তেওঁ চিকিত্সকক জনালে যে তেওঁ সুস্থ হ’বলৈ বিচাৰে। তেওঁ আগৰ দৰে চলা-ফুৰা কৰিব বিচাৰে, দৌৰিব বিচাৰে, স্কুটি আৰু গাড়ী চলাবলৈ বিচাৰে। তেওঁৰ মনৰ দৃঢ়তা দেখি চিকিত্সকেও তবধ মানিলে। কেবাইমাহো ধৰি লাজৰীণাৰ চিকিৎসা চলিল। ঔষধৰ সমান্তৰালকৈ ফিজিঅ’ থেৰাপী আৰু বিশেষ ব্যায়ামো চলি থাকিল।

চিকিত্সা আৰু মনৰ জোৰত তেওঁ লাহে লাহে সুস্হ হবলৈ ধৰিলে। প্ৰায় দুবছৰৰ চিকিত্সাৰ পিছত লাজৰীণাই দৃঢ় মনোবলেৰে পক্ষাঘাতক জয় কৰিলে। তেওঁ লাহে লাহে খোজ কাঢ়িব পৰা হ’ল। অসাৰ হ’বলৈ ধৰা শৰীৰৰ অংগ সমূহলৈ লাহে লাহে প্ৰাণ ঘূৰি আহিল। পক্ষাঘাতৰ পৰা মুক্তি পোৱাৰ আনন্দত তেওঁৰ মনটো জঁপিয়াই উথিল।

কিন্তু লাজৰীণাক বিপদে এৰা দিয়া নাছিল।

পক্ষাঘাতৰ পৰা সকাহ পোৱাৰ সময়তে চিকিত্সকে আৱিষ্কাৰ কৰিলে লাজৰীণাৰ দেহত আন এক মাৰাত্মক ব্যাধি আৰম্ভ হৈছে, স্তন কেঞ্চাৰ। দুবছৰ ধৰি পক্ষাঘাতৰ যন্ত্ৰনাত ভূগি থাকি, জীৱনৰ লগত সংগ্ৰাম কৰি কৰি কোনোমতে সকাহ পাবলৈ ধৰা লাজৰীণাক জীৱনে আকৌ এবাৰ প্ৰত্যাহ্বান জনালে। কিছু সময়ৰ বাবে তেওঁৰ এনে লাগিল যেন তেওঁৰ সকলো চেষ্টা অথলে গ’ল। সুস্থ, নিৰোগী জীৱন এটা যেন তেওঁৰ ভাগ্যত নাছিলতেওঁ অনুভৱ কৰিলে, জীৱনে তেওঁক বাৰে বাৰে প্ৰতাৰণা কৰিবলৈ লৈছে। এনেদৰেই হয়তো এদিন সকলো শেষ হৈ যাব। নিৰাশা আৰু অনিশ্চয়তাৰ সেই সন্ধিক্ষণত লাজৰীণাই সিদ্ধান্ত ল’লে যে তেওঁ কেতিয়াও হাৰ নামানে। তেওঁ পুনৰ একেই সাহস, উৎসাহ আৰু ইচ্ছাশক্তিৰে এই নতুন বিপদৰ বিৰুদ্ধে যুদ্ধ কৰি যাব।

দুবছৰ ধৰি দিল্লীত লাজৰীণাৰ চিকিত্সা চলিল। অদম্য সাহসেৰে যুঁজি লাজৰীণাই কৰ্কট ৰোগৰ দৰে ভয়াবহ বেমাৰকো পৰাভূত কৰিলে। দুবছৰ ধৰি দৰৱ, পথ্য, ৰেডিয়েছন, কেমোথেৰাপিৰে তেওঁ আৰোগ্যৰ পথলৈ আহিল।

কিন্তু দুৰ্ভাগ্যই লাজৰীণাৰ পিছ নেৰিলে। চাৰি বছৰ ধৰি দুটাকৈ মাৰাত্মক ব্যাধিৰ সৈতে যুঁজি যুঁজি ভাগৰি পৰা তেওঁৰ দেহত মেদবহুলতা বা অ’বেছিটিৰ সমস্যাই দেখা দিলে। একেৰাহে চাৰি বছৰ ধৰি প্ৰায় শৰ্যাশায়ী হৈ থকাৰ ফলত আৰু চিকিত্সাৰ সময়ত ব্যৱহাৰ কৰা দৰৱৰ পাৰ্শ্বক্ৰিয়াৰ বাবে তেওঁৰ দেহৰ ওজন আচৰিত ভাৱে বাঢ়িবলৈ ল’লে। চাৰিবছৰত ওজন বাঢ়ি ৫৫ কিল’গ্ৰামৰ পৰা ৯৬ কিল’গ্ৰাম হ’লগৈ। আইনাত নিজৰ চেহেৰা চাবলৈ তেওঁ ভয় খোৱা হ’ল। চিকিত্সকে সাৱধান কৰি দিলে, ওজন নকমালে তেওঁ উচ্চ ৰক্তচাপ, মধুমেহ, বাত বিষ আদি ৰোগত ভূগিব লগীয়া হ’বলাজৰীণায়ো ওজন কমাবৰ বাবে আধুনিক চিকিত্সাৰ উপৰিও আয়ুৰ্বেদিক, হোমিঅ’পেথী, প্ৰাকৃতিক চিকিত্সা আদি নানা বিধৰ চিকিত্সাও আৰম্ভ কৰি দিলে। কিন্তু এইবোৰ চিকিত্সাই বিশেষ কাম নিদিলে। বৰ্ধিত ওজনৰ বাবে তেওঁ হতাশ হৈ পৰিল।

লাজৰীণাই বুজি পাইছিল যে ওজন কমাবৰ বাবে তেওঁ নিজেই কিবা এটা কৰিব লাগিব। স্কুলৰ থকা সময়ত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত কেৰাটে চেম্পিয়ন আছিল। চিকিৎসকৰ পৰামৰ্শমতে তেওঁ ইতিমধ্যেই ব্যায়াম কৰা আৰু দৌৰা আৰম্ভ কৰি দিছিল। সেই সময়তে তেওঁ পুত্ৰ আকৰ্ষৰ জন্মদিনত উপহাৰ দিবৰ বাবে চাইকেল কিনিবলৈ দোকানলৈ যাওঁতে ধুনীয়া ৰেচিং চাইকেল এখন নিজৰ বাবেও কিনি আনিলে। সেইদিনাৰ পৰা লাজৰীণাৰ আৰম্ভ হ’ল অন্য এক যাত্ৰা।  নিতৌ পূৱা-গধূলি তেওঁ চাইকেল চলাবলৈ আৰম্ভ কৰিলে।

নিতৌ চাইকেল চলাবলৈ লোৱাৰ পিছত লাহে লাহে তেওঁৰ ওজন কমি গৈ এসময়ত স্বাভাৱিক হৈ পৰিল। এসময়ত বাধ্যত পৰি চাইকেল চলোৱা লাজৰীণাৰ চাইক্লিং চখত পৰিণত হৈছিল। ওজন স্বাভাৱিক কৰি ৰাখিবৰ বাবে ইমান সস্তীয়া সাধনটোৰ বাদে আন বিকল্প তেওঁ বিচাৰি পোৱা নাছিল। প্ৰথমতে পুত্ৰ আকৰ্ষৰ লগত নয়দাৰ আবাসিক অঞ্চলত চাইকেল চলাবলৈ আৰম্ভ কৰা লাজৰীণাই এসময়ত চাইকেল চলাই নয়ডাৰ সীমা পাৰ হৈ দিল্লীৰ বিভিন্ন অঞ্চল পাইছিলগৈ।
লাহে লাহে তেওঁৰ চাইকেল চলোৱাৰ সময় আৰু সদায় অতিক্ৰম কৰা দূৰত্ব ক্ৰমাৎ বৃদ্ধি হৈছিল কেতিয়াবা নয়ডাৰ পৰা গ্ৰেটাৰ নয়ডা, নয়ডাৰ পৰা দিল্লী আৰু কেতিয়াবা নয়ডাৰ পৰা গাজিয়াবাদ আদি ইখন চহৰৰ পৰা আনখন চহৰলৈ তীব্ৰ গতিৰে চাইক্লিং কৰি ঘূৰি ফুৰাটো তেওঁৰ দৈনন্দিন কাৰ্যসূচীত পৰিণত হ'ল।

২০১৪ চনত লাজৰীণাৰ জীৱনত এক সোণালী পৰিৱৰ্তনৰ সূচনা হ’ল। সেই বছৰতে এদিন লাজৰীনাই ঘৰৰ কাম বন শেষ কৰাৰ পিছত চাইক্লিঙৰ বাবে ওলাইছিল। সেইদিনা তেওঁ নয়ডাৰ পৰা ইণ্ডিয়া গেট হৈ দক্ষিণ দিল্লীৰ ৰাস্তাত প্ৰৱেশ কৰিছিল। জৱহৰলাল নেহৰু ষ্টেডিয়ামৰ ওচৰ পাওঁতে তেওঁ কিছুসংখ্যক চাইকেল আৰোহী ষ্টেডিয়ামৰ ভিতৰলৈ সোমাই যোৱা আৰু কিছুসংখ্যকে ষ্টেডিয়ামৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যোৱা দেখিলে।

একো নাভাবি তেওঁ নিজৰ চাইকেলৰ দিশ ষ্টেডিয়ামৰ পিনে পোনাই দিলে। ভিতৰলৈ গৈ গম পালে যে দিল্লী খেল প্ৰাধিকৰণৰ তৰফৰ পৰা এখন চাইক্লিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পেছাদাৰ চাইক্লিষ্টসকলে প্ৰতিযোগিতাত ভাগ লবৰ বাবে আবেদন পত্ৰ পূৰণ কৰি আছিল।

লাজৰীনাৰো প্ৰতিযোগিতাত ভাগ ল’বলৈ মন গ’ল। কিন্তু একে সময়তে মনলৈ প্ৰশ্ন আহিল, পেছাদাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত তেওঁৰ দৰে চাইক্লিষ্টে ভাগ লব লাগে নে নালাগে? আগতে কেতিয়াও চাইক্লিং প্ৰতিযোগিতাত ভাগ লোৱাৰ কথা তেওঁ ভবাই নাছিলএই বিষয়ে ভালদৰে চিন্তা কৰিব লাগিব, স্বামীৰ পৰামৰ্শ লব লাগিব - এনেবাৰ প্ৰশ্নই তেওঁক বাৰে বাৰে দোমোজাত পেলালে। তেনেতে এজন লোকে সুধিলে যে তেওঁ আবেদন পত্ৰ পালে নে নাই। তেওঁ নাই পোৱা বুলি কোৱাত লোকজনে এখন আবেদন পত্ৰ আনি তেওঁৰ হাতত তুলি দিলে আৰু লাজৰীণাই যি হয় হ’ব বুলি ভাবি আবেদন পত্ৰখন পূৰাই জমা কৰি দিলে।

২০১৪ ৰ জুনত দিল্লীত অনুষ্ঠিত ৰাজ্যিক ৪০ কি.মি. প্লোটোন ৰাইডাৰ্চ ৰেচত অপ্ৰত্যাশিত ভাৱে সকলো পেছাদাৰী প্ৰতিযোগীক চেৰ পেলাই লাজৰীণা বিজয়ী হয়। সেয়া তেওঁৰ জীৱনৰ এক অনন্য অভিজ্ঞতা আছিল। সেই সাফল্যই তেওঁক ভৱিষ্যতে এগৰাকী চাইক্লিষ্ট হোৱাৰ বাবে উৎসাহিত কৰিলে। তাৰ পিছৰ পৰা তেওঁ এটাৰ পিছত আনটো প্ৰতিযোগিতা জিকিবলৈ ধৰিলে। যোৱা দুটা বছৰত তেওঁ প্ৰায় বাৰটা চাইক্লিং ৰেচত ভাগ লৈ জয়ী হৈছে। ২০১৫ ৰ ডিচেম্বৰত মৰ্যদাপূৰ্ণ গুড়গাওঁ-দিল্লী গ্ৰেণ্ড ফাণ্ডো টাইম ট্ৰায়েলৰ ৪৪ কি.মি. ৰেচত তেওঁ প্ৰথম স্থান দখল কৰে। ২০১৬ ৰ আৰম্ভণীতে অনুষ্ঠিত কেবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেচত লাজৰীনাই দ্বিতীয় স্হান দখল কৰিছে। এতিয়ালৈকে তেওঁ ৬টা সোণৰ, তিনিটা ৰূপৰ লগতে ১০ টাতকৈ অধিক মেডেল আজুৰি আনিছে।

কিন্তু সদায় মনত এগৰাকী যুঁজাৰুৰ ভাব পোষণ কৰি থকা লাজৰীণা বাজাজ পিছে এই সাফল্যতো সন্তুষ্ট নহয়। তেওঁৰ সপোন হ'ল চাইক্লিঙৰ ক্ষেত্ৰখনত অকল ভাৰততে নহয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা লাভ কৰাএছিয়ান গেমছ্‍, অলিম্পিকৰ দৰে আন্তৰ্জাতিক প্ৰতিযোগিতাত ভাৰতৰ বাবে তেওঁ মেডেল জয় কৰাৰ সপোন দেখেএগৰাকী শীৰ্ষস্থানীয় চাইক্লিষ্ট ৰূপে নিজৰ পৰিচয় গঢ়িব বিচাৰে তেওঁ। ইয়াৰ উপৰিও তেওঁ মানুহৰ মাজত বিশেষকৈ মেদবহুলতাত ভোগা আক্ৰান্ত মহিলাসকলৰ মাজত চাইক্লিঙৰ বিষয়ে সজাগতা সৃষ্টি কৰি নিয়মিতভাৱে চাইকেল চলাবলৈ উত্সাহিত কৰি আহিছেতেওঁৰ মতে ছোৱালীবোৰে পেচাগত চাইক্লিঙৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। কেৱল শাৰীৰিকভাৱে সুস্হ হৈ থকাই নহয় ইয়াৰ দ্বাৰা তেওঁলোকে স্পৰ্টছ কেৰিয়াৰৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব। লাজৰীণাই তেওঁৰ সন্তান আকৰ্ষকো এগৰাকী সফল চাইক্লিষ্ট হোৱাতো বিচাৰে।


জীৱনত সামান্য বাধা বিঘিনীতে ভাঙি পৰা মানুহৰ বাবে লাজৰীণা বাজাজ এক জীৱন্ত অনুপ্ৰেৰণা হৈ পৰিছে। জীৱনৰ অনেক ঘাত প্ৰতিঘাত নেওচি এগৰাকী সফল চাইক্লিষ্টৰ ৰূপত জীৱনৰ অৰ্থ বিচাৰি পোৱা  লাজৰীণা নিজক লৈ সন্তুষ্ট। ভগৱানৰ প্ৰতিও তেওঁৰ কোনো অভিযোগ নাই। তেওঁ বিশ্বাস কৰে যে অদৃষ্টজনে যি কৰে ভালৰ কাৰণেই কৰে। বিপদ আৰু সমস্যা আমাক দুৰ্বল কৰিবৰ বাবে নহয় বৰঞ্চ অধিক সক্ষম আৰু শক্তিশালী কৰিবৰ বাবেহে আমাৰ জীৱনলৈ আহে। আমি পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আৰু যুঁজি জিকিবলৈ শিকিব লাগে। ভগৱানে আমাৰ ক্ষমতাক চিনি পায় আৰু সঠিক সময়ত আমাক আমাৰ লক্ষ্যত উপনীত কৰায়। লাজৰীণাৰ জীৱন কাহিনীৰ পৰা আমি এক কথাই শিকিব পাৰোঁ যে মানুহে কেতিয়াও, কোনো পৰিস্থিতিতে নিৰাশ হ’ব নালাগে, বৰং কেৱল নিজৰ ওপৰত আস্থা ৰাখি জীৱনৰ বাটত আগুৱাই যাব লাগে। ইতিবাচক চিন্তাৰে জীৱনৰ ঘাত প্ৰতিঘাত সমূহ অতিক্ৰম কৰি যোৱাতহে জীৱনৰ সফলতা নিৰ্ভৰ কৰে।

2 comments: