Sunday, May 8, 2016

জীৱন যুঁজৰ অক্লান্ত সৈনিক জ্যোতি ধাৱালে


প্ৰেগনেন্সি কিটৰ বগা বাৰ ডালত দুডাল ৰেখা সুষ্পষ্ট ভাৱে জিলিকি উঠিছিল। ২৮ বছৰীয়া জ্যোতি আনন্দত আত্মহাৰা হৈ পৰিছিল। তাইৰ বাবে জীৱনৰ এটা অতি আপুৰুগীয়া, আকাংক্ষিত খবৰ। তাই মাতৃ হ’বলৈ ওলাইছে। সেয়া আছিল ২০০৪ চনৰ কথা।
অতি আগ্ৰহেৰে তাই স্বামীক জনাইছিল এই ভাল খবৰটো। তাই আশা কৰিছিল, স্বামীও তাইৰ সমানেই আনন্দত জঁপিয়াই উঠিব। কিন্তু তাইক হতভম্ব কৰি স্বামীয়ে তাইক কৈ দিলে, “এই সন্তানটো তুমি জন্ম দিব নোৱৰা। তুমি গৰ্ভপাত কৰোৱাব লাগিব”।
সেইদিনা জ্যোতিৰ মূৰত সৰগ ভাঙি পৰিছিল। স্বামীয়ে তাইক জোৰ কৰি চিকিত্সকৰ ওচৰলৈ লৈ গৈ গৰ্ভপাত কৰোৱাইছিলস্বামীৰ এই ৰূপ দেখি তাইৰ সমগ্ৰ সত্বা কঁপি উঠিছিল। কিয় এনে ব্যৱহাৰ কৰিছে তেওঁ? কিয় মানুহজনে দুয়োৰে যুগ্ম জীৱনৰ প্ৰতীক, তাইৰ পেটৰ সন্তানটোক মাৰি পেলাব বিচাৰে? তাইৰ এইবোৰ প্ৰশ্নৰ কোনো উত্তৰ নাছিল।
জ্যোতি ভাঙি পৰিছিল। মানুহজনৰ ওপৰত তাইৰ খং উঠিছিল। তেওঁক ওচৰ চাপিবলৈ দিব বিচৰা নাছিল তাই। কিন্তু মানুহজনে মন গ’লেই হিংস্ৰ পশুৰ দৰে সকলো বাধা নেওচি প্ৰায় তাইৰ ওপৰত জঁপিয়াই পৰি তেওঁৰ কামনা চৰিতাৰ্থ কৰি গৈছিল। বিবাহিত হৈয়ো তাই ধৰ্ষিতা যেন অনুভৱ কৰিছিল। প্ৰথম সন্তানৰ ক্ষেত্ৰত হোৱা তিক্ত অভিজ্ঞতাৰ পিছত জ্যোতিয়ে আৰু সন্তান বিচৰা নাছিল। তাই মানুহজনক সাৱধানতা অৱলম্বন কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল। কিন্তু মানুহজনে তাইৰ কোনো কথাই শুনিব বিচৰা নাছিল। নিজৰ স্বামীৰ হাততে প্ৰায়ে ধৰ্ষিতা হোৱা জ্যোতিয়ে কিছুদিনৰ পিছতে গম পাইছিল, তাই আকৌ সন্তান সম্ভৱা হৈছে।
এইবাৰো খবৰটো পায়েই মানুহজনে তাইক গৰ্ভপাত কৰিবলৈ নিৰ্দেশ দিছিল। তাই মুক, মৌন শিলৰ দৰে হৈ পৰিছিল। তাইক জোৰ কৰি আকৌ চিকিত্সকৰ ওচৰলৈ লৈ গৈ গৰ্ভপাত কৰা হৈছিল। দ্বিতীয় গৰ্ভপাতৰ পিছত দুৰ্বল হৈ পৰা জ্যোতিৰ শৰীৰৰ ওপৰত স্বামীৰ উত্পীড়ন আগৰ দৰেই চলি গৈছিল।
জ্যোতিয়ে যেতিয়া তৃতীয় বাৰৰ বাবে গৰ্ভধাৰণ কৰিলে, তাই কথাটো স্বামীৰ পৰা গোপনে ৰাখিলে। তাই এইবাৰ কোনোপধ্যে গৰ্ভপাত কৰিবলৈ বিচৰা নাছিললাহে লাহে গৰ্ভপাতৰ বাবে সুৰক্ষিত সময় অতিক্ৰম হ’বলৈ লৈছিল। তেনে সময়তে স্বামীয়ে কথাটো গম পাই তাইৰ ওপৰত অগ্নিশৰ্মা হৈ পৰিছিল। তাইৰ হেজাৰ কাকূতি মিনতিকো অগ্ৰাহ্য কৰি তাইক আকৌ চিকিত্সকৰ ওচৰলৈ লৈ গৈছিল গৰ্ভপাতৰ বাবে। চিকিত্সকেও জনাইছিল এই সময়ত গৰ্ভপাত কৰাটো খুব বিপদজনক। কিন্তু মানুহজনে সেইবোৰ কথাত কেৰেপ নকৰিলে। আকৌ জ্যোতিৰ শৰীৰৰ ওপৰত চিকিত্সকৰ অস্ত্ৰ চলিল। সেইবাৰ গৰ্ভপাতৰ সময়ত প্ৰচুৰ ৰক্তক্ষৰণ হৈ জ্যোতিৰ জীৱনেই সংকটাপন্ন হৈ পৰিছিল। তাইক পেছাদাৰী দাতাৰ পৰা তেজ দিবলগীয়া হৈছিল।
জীৱনৰ এই কুটিল সন্ধিক্ষণত জ্যোতি মানসিকভাৱে ভাঙি পৰিছিল। তাইৰ জীয়াই থকাৰ ইচ্ছাই হেৰাই গৈছিল। এজন আবেগ, অনুভূতিহীন স্বামীৰ উত্পীড়ন আৰু অত্যাচাৰত তাই দিশহাৰা হৈ পৰিছিল। মানসিকভাৱে সৰ্বশ্ৰান্ত হৈ তাই বলিয়াৰ দৰে আচৰণ কৰিবলৈ লৈছিল। এদিন তাই তিনিবাৰকৈ গৰ্ভপাত কৰা প্ৰমাণ থকা সকলো কাগজ পত্ৰ খঙৰ ভমকত নষ্ট কৰি পেলাইছিল।
চতুৰ্থ বাৰ যেতিয়া তাই মাক হ’বলৈ ওলাল, তাইৰ মনত এক দৃঢ় সংকল্প জাগিল যে এই সন্তানক তাই মৰিবলৈ নিদিয়ে। যিকোনো মূল্যৰ বিনিময়ত হ’লেও তাই সন্তানটোক জন্ম দিব। পাষাণ হৃদয়ৰ স্বামীয়ে এইবাৰো গৰ্ভপাত কৰোৱাবলৈ জোৰ কৰি তাইক চিকিত্সকৰ ওচৰলৈ লৈ গৈছিল। কিন্তু এইবাৰ চিকিত্সকে তাইৰ তেজ পৰীক্ষা কৰি ভয় খাই উঠিছিল। শাৰীৰিক আৰু মনসিকভাৱে বিদ্ধস্ত হৈ পৰা জ্যোতিক চিকিত্সকে জনাইছিল তাইৰ দেহত সংগোপনে আহি বাস কৰিছে এক মাৰাত্মক ব্যাধি। তৃতীয়বাৰ গৰ্ভপাতৰ সময়ত অপৰিচিত দাতাৰ পৰা লোৱা তেজৰ জৰিয়তে তাইৰ দেহত প্ৰৱেশ কৰিছে ভয়ংকৰ বীজাণু। তাই হৈ পৰিছে “HIV পজিটিভ”।
জ্যোতিৰ মূৰত সৰগ ভাঙি পৰিল। তৃতীয়বাৰৰ গৰ্ভপাতৰ সময়ত চিকিত্সালয়ৰ গাফিলতিৰ বাবে কোনোবা পেছাদাৰী ৰক্তদাতাৰ তেজৰ পৰা তাইৰ দেহলৈ HIV বীজাণু সংক্ৰমিত হোৱা বুলি জানিও স্বামীয়ে তাইৰ লগত নিদাৰুণ ব্যৱহাৰ কৰিবলৈ ল’লে। তাই স্বামীৰ হাতে ভৰিয়ে ধৰি প্ৰাৰ্থনা কৰিলে এইবাৰযেন তাইক গৰ্ভপাত কৰিবলৈ বাধ্য নকৰে। তাই যিহেতু HIV পজিটিভ, সন্তানটো হয়তো তেনে হৈয়েই উপজিব আৰু এনেয়ো বেছি দিন জীয়াই নাথাকিব। এইবাৰ মানুহজনে তাইৰ কথা ৰাখিলে। তাইৰ সন্তানটোৱে পৃথিৱীৰ পোহৰ দেখিবলৈ পালে।
জ্যোতিৰ শিশুকালো সুখৰ নাছিল। তাইৰ শৈশৱ আছিল তেজীমলাৰ সাধুৰ দৰে। নিচেই সৰু হৈ থাকোঁতেই তাইক মাকে এৰি গুচি গৈছিল। বায়ু সেনাৰ বিষয়া দেউতাকে দ্বিতীয় বিবাহ কৰাইছিল আৰু জ্যোতি মাহীমাকৰ হাতত ডাঙৰ দীঘল হৈছিল। মাহীমাকৰ আন এজনী ছোৱালী জন্ম হোৱাৰ পিছত জ্যোতি ঘৰখনত এলাগি হৈ পৰিছিল। মাহীমাকে তাইক চকুপাৰি দেখিব নোৱাৰিছিল। তাইৰ ওপৰত চলিছিল মাহীমাকৰ নিৰ্যাতন। দুৰ্ভাগ্যই লগ নেৰা ছোৱালীজনীয়ে সৰু হৈ থাকোঁতে এটা মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ নিজৰ শ্ৰৱণশক্তি বহু পৰিমাণে হেৰুৱাই পেলাইছিল। তাই চাইৰেণ বা ৰেলৰ উকিৰ দৰে তীব্ৰ শব্দহে শুনিব পাৰিছিল। সৰুতেই কাণ গধুৰ হৈ পৰা জ্যোতিয়ে কথা কওঁতেও অসুবিধা পাইছিল। তাই কেইবাটাও বৰ্ণ উচ্চাৰণ কৰিব নোৱৰা বাবে তাইৰ কথা আনে বুজি পোৱাত অসুবিধা হৈছিল। সকলোৱে কিছু পৰিমাণে কলা, ভালদৰে কথা ক’ব নোৱৰা ছোৱালীজনী কিবা অভিশাপৰ ফল বুলিয়েই ভাবিবলৈ লৈছিল।
জ্যোতি নৱম শ্ৰেণীত থাকোঁতে হঠাতে এদিন তাই নিজৰ জন্মদাত্ৰী মাকক লগ পাইছিল। কিন্তু ইমান দিনৰ পিছত মাকৰ সৈতে হোৱা দেখা দেখি তাইৰ বাবে সুখকৰ নহ’ল। জন্মদাত্ৰী মাকৰ পৰা আশা কৰি থকা মৰম আৰু সঁহাৰি নাপাই তাই মানসিক ভাৱে ভাঙি পৰিছিল। তাইৰ পঢ়া শুনাত মন নবহা হৈছিল আৰু ফলশ্ৰুতিত তাই স্কুলৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিলস্কুলীয়া শিক্ষাৰো তাইৰ তাতেই সামৰণি পৰিছিল পিছলৈ পৰিস্থিতিৰ লগত সংগ্ৰাম কৰি জ্যোতিয়ে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ পৰা পৰীক্ষা দি নিজৰ শিক্ষা জীৱন আগবঢ়াই নিছিল।
জীৱনৰ সেই কঠিন সময়তে তাইৰ জীৱনলৈ এজন মানুহৰ আগমন ঘটিছিল। সেই মানুহজনৰ মৰম আৰু আদৰত তাই বিচাৰি পাইছিল জীয়াই থকাৰ উত্সাহ আৰু প্ৰেৰণা। সৰুৰে পৰা ঘৰখনত মৰম চেনেহ আদৰৰ অভাৱ অনুভৱ কৰি অহা জ্যোতি এই মানুহজনৰ প্ৰেমত পৰিল আৰু সেইজনৰ লগত বিবাহ পাশত আৱদ্ধ হ’ল।
বিয়াৰ পিছত জ্যোতিয়ে আৱিষ্কাৰ কৰিলে তাই ভাল পাই বিয়াত বহা মানুহজনৰ অন্য এটা ৰূপ। মানুহজনে কোনোদিনে তাইৰ আৱেগ, অনুভূতিবোৰ বুজিবলৈ চেষ্টা নকৰিলে। মাথোন তাইৰ শৰীৰটো এটা খেলা পুতলাৰ দৰে মন গ’লেই উপভোগ কৰিলে। অথচ তাইৰ গৰ্ভত স্থিতি লোৱা প্ৰতিটো সন্তানকে নিৰ্মম ভাৱে হত্যা কৰি গ’ল, চতুৰ্থ সন্তানটোৰ বাহিৰে। এটা দুৰাৰোগ্য ব্যাধিৰ যন্ত্ৰণা আৰু এটা সন্তানৰ মাতৃ হোৱাৰ আকুলতাৰে জ্যোতিয়ে পাৰ কৰিছিল চতুৰ্থ সন্তানটো গৰ্ভত ধাৰণ কৰা সেই দিনকেইটা।
অতি আচৰিতভাৱে জ্যোতিৰ চতুৰ্থ সন্তানটোৰ গাত HIV বীজাণু পোৱা নগ’ল। জ্যোতিয়ে এটা সুস্থ ল’ৰা সন্তানৰ জন্ম দিলে। তাই আশা কৰিলেযে এই সন্তানটোৱে তাইৰ ভাগিব ধৰা ঘৰখন আকৌ জোৰা লগাব। তাইৰ মানুহজনে তাইৰ লগত এখন সুখৰ সংসাৰ গঢ়ি তুলিব।
কিন্তু জ্যোতিৰ এই সপোন ভাঙিবলৈ বেছি দিন নালাগিল। সন্তানটোৰ জন্মৰ পিছতে এদিন তাইৰ স্বামীয়ে হৃদয়হীন ভাৱে জনালে যে তেওঁ তাইৰ পৰা বিবাহ বিচ্ছেদ বিচাৰে, কাৰণ তেওঁৰ আন এগৰাকী নাৰীৰ লগত সম্পৰ্ক গঢ়ি উঠিছে। আৰ্থিক ভাৱে সম্বলহীন, স্বামীৰ ওপৰতে সম্পূৰ্ণভাৱে নিৰ্ভৰশীল জ্যোতিৰ বাবে সেয়া আছিল বিনামেঘে বজ্ৰপাত। কণমানি সন্তানটোক বুকুত বান্ধি তাই জীৱনৰ লগত যুঁজিবলৈ বুকুত বল বান্ধিলে। কিন্তু নিষ্ঠুৰ স্বামীয়ে তাইৰ বুকুৰ পৰা আজুৰি লৈ গ’ল তাইৰ একমাত্ৰ সন্তানক। মানুহজনে নিজাববীয়াকৈ তৈয়াৰ কৰিলে বিবাহ বিচ্ছেদৰ সকলো চৰ্ত। জ্যোতিক জোৰ কৰি বাধ্য কৰোৱা হ’ল এখন আইনী কাগজত চহী কৰিবলৈ, য’ত লিখা আছিল তাই নিজৰ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে সন্তানটোৰ ৰক্ষণাবেক্ষণৰ সমষ্ট দায়িত্ব স্ব-ইচ্ছাই দান কৰিছে সন্তানটোৰ পিতৃক !
২০০৮ চনত বিবাহ বিচ্ছেদ হোৱাৰ পিছত জ্যোতিৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিল। তাই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি জন্ম দিয়া সন্তানটো সতিনীৰ হাতত পৰিলএগৰাকী মাহীমাকৰ ক্ৰুড়তাৰ লগত ভালদৰে পৰিচিত জ্যোতিয়ে হাহাকাৰ কৰি উঠিল। মাতৃ হৈয়ো মাতৃত্বৰ পৰা বঞ্চিত হোৱা জ্যোতিয়ে যেন দিনতে আন্ধাৰ দেখিলে। বহুতে তাইক গাৰ্হস্থ্য হিংসা প্ৰতিকাৰ আইনৰ সুবিধালৈ স্বামীৰ বিৰুদ্ধে গোচৰ তৰিবলৈ পৰামৰ্শ দিলে। কিন্তু তাইযে আগতে তিনিবাৰকৈ গৰ্ভপাত কৰোৱা সকলো নথি পত্ৰ এদিন খঙতে নষ্ট কৰি পলাইছিল। তাই পঢ়ি নোচোৱাকৈ চহী কৰি দিছিল বিবাহ বিচ্ছেদৰ কাগজত, যিখনৰ জৰিয়তে তাই নিজৰ সন্তানটোক দেখা কৰাৰো অধিকাৰ হেৰুৱাইছিল। পূৰ্ব স্বামীৰ পৰা সকলো সহায় সুবিধাৰ পৰা বঞ্চিত জ্যোতিয়ে নিজৰ ভৰিত থিয় দিয়াৰ বাবে মন বান্ধিলেতাই বহুত কষ্টৰ মূৰত এটা IT কোম্পানীত মুৰটো গুজিলে।
তিনিবছৰ জীৱনৰ লগত যুঁজি সংগ্ৰাম কৰাৰ পিছত ২০১১ চনত জ্যোতিৰ জীৱনলৈ আন এজন পুৰুষৰ আগমণ ঘটিল। ছ’ছিয়েল নেটৱৰ্কিং ছাইট ফে’চবুকৰ জৰিয়তে চিনাকী হোৱা বিবেক নামৰ যুৱকজনে তাইক জীয়াই থকাৰ প্ৰেৰণা দিলে। সকলো পুৰুষকে ঘিণ কৰিবলৈ লোৱা জ্যোতিয়ে বিবেকৰ মাজত বিচাৰি পালে এজন সহৃদয় বন্ধু আৰু উদাৰ মনৰ সহানুভূতিশীল পুৰুষক। জীয়াই থকাৰ সকলো উত্সাহ উদ্দীপনা হেৰুৱাই পেলোৱা জ্যোতিক বিবেকে সংগ্ৰাম কৰি আগুৱাই যোৱাৰ সাহস দিলে। বিবেকৰ সাহসতে জ্যোতিয়ে HIV আৰু AIDS আক্ৰান্ত সকলৰ অধিকাৰ আৰু সামাজিক নিৰাপত্তাৰ বাবে বক্তৃতা দিয়া আৰু লেখা মেলা কৰা আৰম্ভ কৰিলে। নিজে HIV পজিটিভ হোৱাৰ বাবে নিজৰ জীৱন সংগ্ৰামৰ আদৰ্শৰে বহুজনকে অনুপ্ৰাণিত কৰি সোনকালেই জ্যোতি ধাৱালেৰ নাম জনপ্ৰিয় হৈ উঠিল।
২০১৩ চনত প্ৰায় আঢ়ৈ বছৰীয়া বন্ধুত্বৰ পিছত বিবেক আৰু জ্যোতিৰ সম্পৰ্ক প্ৰেমত পৰিণত হ’ল। দুয়ো বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত ল’লে। কিন্তু বিবেকৰ পৰিয়ালে কথাটো সহজভাৱে ল’ব নোৱাৰিলে। এজনী ‘HIV পজিটিভ’, বিবাহ বিচ্ছেদ হোৱা মহিলাৰ লগত তেওঁলোকৰ সম্পূৰ্ণ স্বাভাৱিক পুত্ৰ বিবেকৰ বিবাহ পৰিয়ালটোৰ বাবে অকল্পনীয় আছিল। সমাজত আজিও ‘HIV পজিটিভ’ লোক সকলক অষ্পৃশ্য বুলি গণ্য কৰা হয়। আনহাতে এই বিবাহৰ ফলশ্ৰুতিত ‘HIV নিগেটিভ’ বিবেক মাৰাত্মক বীজাণু বিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। বিবেকে তেওঁৰ পিতৃ মাতৃক বুজালে কিদৰে আধুনিক চিকিত্সাৰ দ্বাৰা HIV পজিটিভ ব্যক্তি এজনেও সুস্থজীৱন যাপন কৰিব পাৰে, কিদৰে কিছুমান সাৱধানতা অৱলম্বন কৰিলে এজন সংগী HIV  পজিটিভ হ’লেও বৈবাহিক জীৱন যাপন কৰিব পৰা যায়। অৱশেষত বিবেকৰ পিতৃ মাতৃয়ে নিজৰ পুত্ৰৰ জ্যোতিৰ প্ৰতি থকা প্ৰেমৰ গভীৰতা উপলব্ধি কৰি এই বিবাহত সন্মতি দিলে।
দ্বিতীয় বিবাহে জ্যোতিৰ জীৱন সম্পূৰ্ণ ভাৱে সলনি কৰি দিলে। বিবেকে তাইক ইতিবাচক ভাৱেৰে জীৱনটো নতুনকৈ গঢ়িবলৈ প্ৰেৰণা যোগালে। পূৰ্বৰ সকলো তিক্ত অভিজ্ঞতা পাহৰি, তাইক দুখ দিয়া, প্ৰতাৰণা কৰা সকলোকে ক্ষমা কৰি দি এক নতুন জীৱনৰ বাটত অগ্ৰসৰ হ’বলৈ বিবেকে তাইক সাহস দিলেবিবেকৰ সহযোগে জ্যোতিৰ সৃজনিশীলতাক এক নতুন মাত্ৰা প্ৰদান কৰিলে। এগৰাকী সমাজ কৰ্মী আৰু মেডিয়া প্ৰফেছনেল হিচাপে জ্যোতিয়ে নিজৰ এক নতুন পৰিচয় ডাঙি ধৰিলে।
এতিয়া দুকুৰি বছৰীয়া জ্যোতি ধাৱালে দেশৰ সমাজসেৱী সংগঠন সমূহৰ মাজত এক পৰিচিত নাম হৈ পৰিছে। HIV  পজিটিভ আৰু AIDS  আক্ৰান্ত ৰোগী সকলক ইতিবাচক ভাৱেৰে জীৱন যাপনৰ কৌশল আয়ত্ব কৰাত তেওঁ সহযোগ কৰি আহিছে। তেওঁৰ এই কাৰ্য দেশে বিদেশে সমাদৃত হৈছে আৰু দেশ বিদেশৰ বহুতো বেচৰকাৰী সংস্থাই তেওঁক সমৰ্থন আৰু সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে। পাকিস্তানৰ ‘বেদাৰ’ নামৰ বেচৰকাৰী সংস্থাটোৱে তেওঁক ব্ৰেণ্ড এম্বাছাডৰ হিচাপে নিযুক্ত কৰিছে। আনহাতে মেডিয়াৰ জৰিয়তে মহিলা সকলক সচেতন আৰু সজাগ কৰাৰ কামতো তেওঁ ব্যস্ত হৈ পৰিছে। তেওঁ বৰ্তমান Black Swan Entertainment  নামৰ কোম্পানীটোত ক্ৰিয়েটিভ মেনেজাৰ আৰু জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কৰ্মৰত হৈ আছে। এই কোম্পানীটোৰ জৰিয়তে তেওঁ দুৰদৰ্শনৰ বাবে “স্ত্ৰীশক্তি” নামৰ এখন বিপুল ভাৱে সমাদৃত ধাৰাবাহিক প্ৰস্তুত কৰিছিল।    
জ্যোতি ধাৱালেৰ অভাৱনীয় সাফল্যৰ এক কাৰক হ’ল সকলো শ্ৰেণীৰ মানুহৰ লগত গঢ়ি উঠা তেওঁৰ সংষ্পৰ্শ আৰু সহৃদয়তা। ছ’ছিয়েল নেটৱৰ্কিং ছাইট ‘ফেচবুক’ৰ জৰিয়তে তেওঁ দৈনিক অসংখ্য মানুহৰ লগত মত বিনিময় কৰে, তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়ে আৰু আৰ্ত সকলক ইতিবাচক দৃষ্টিভংগীৰে জীয়াই থাকিবলৈ উত্সাহিত কৰে। HIV পজিটিভ হিচাপে চিনাক্ত হোৱাৰ দহ বছৰ পিছতো অক্লান্ত ভাৱে জীৱন যুঁজত আগুৱাই গৈ থকা জ্যোতি ধাৱালে হৈ পৰিছে লক্ষ লক্ষ মানুহৰ জীয়াই থকাৰ প্ৰেৰণা।
জ্যোতি ধাৱালেৰ অবিস্মৰণীয় কাহিনী ইণ্টাৰনেটৰ এটা ৱেব ছাইটত পঢ়াৰ পিছত মই তেওঁলৈ ফে’চবুকত বাৰ্তা পঠিয়াইছিলোঁ। মই আশা নকৰাকৈয়ে তেওঁৰ পৰা বাৰ্তাৰ উত্তৰৰ লগতে আহিছিল এটা Friend Requestএতিয়া জ্যোতি ধাৱালেৰ নাম মোৰ ফে’চবুকৰ বন্ধুৰ তালিকাত আছে। তেওঁক মই সুধিছিলোঁ, “জীৱনৰ অটল গহ্বৰৰ পৰা উঠি আপুনি লাভ কৰা এই সাফল্যৰ মূল কাৰক কি”? তেওঁ উত্তৰ দিলে, “Rising above HATE and REVENGE. Learning the art of COMPASSION and FORGIVENESSঘৃণা আৰু প্ৰতিশোধৰ ভাৱনাৰ পৰা ওপৰলৈ উঠি ক্ষমা আৰু সহৃদয়তাক আকোঁৱালি লোৱাটোৱেই তেওঁৰ সাফল্যৰ মূলমন্ত্ৰ।
আমি জীৱনত বহুবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হওঁ, যেতিয়া কোনো এক ব্যক্তিয়ে আমাক প্ৰতাৰণা কৰে, কাৰোবাৰ বঞ্চনাৰ বাবে আমাৰ সপোন ভাঙি টুকুৰা টুকুৰ হয়। কিন্তু সেই পৰিস্থিতিৰ বাবে সেইজন ব্যক্তিৰ প্ৰতি মনত ঘৃণা আৰু প্ৰতিশোধৰ ভাৱ পোষণ কৰি ৰখাতকৈ সেই ব্যক্তিজনক ক্ষমা কৰি দি জীৱনৰ বাটত আগুৱাই যোৱাতহে জীৱনৰ সাৰ্থকতা থাকে। ক্ষমা আৰু সহৃদয়তাৰ ভাৱনাৰ পৰা মনত সুখ পোৱা যায়। জ্যোতি ধাৱালে সেয়েহে সুখক এইদৰে বৰ্ণনা কৰিছে, “Happiness is from within. You don’t get it from others. If you want to be happy, BE! Don’t let the situations, consequences or the surroundings affect you. Motivation also comes from following people who inspires you. Once you find inspiration in life, happiness will follow of its own accord”

মাডাৰ টেৰেছা আৰু ৰাজকুমাৰী ডায়েনাক জ্যোতি ধাৱালে তেওঁৰ জীৱনৰ আদৰ্শ হিচাপে গণ্য কৰে। মাদাৰ টেৰেছাই তেওঁক চৰ্তহীন ভাৱে ভাল পাবলৈ আৰু ৰাজকুমাৰী ডায়েনাই চৰ্তহীন ভাৱে বিলাই দিবলৈ শিকাইছে। সেয়ে তেওঁ এই দুটা কাম আনৰ বাবে সদায় কৰি যাবলৈ বিচাৰে। 

Monday, May 2, 2016

লাজৰীণা বাজাজ



আজিৰ পৰা প্ৰায় দহ বছৰ আগৰ কথা।

ভাৰতৰ ৰাজধানী দিল্লীৰ নিকটৱৰ্তী নয়দাত একমাত্ৰ ডেৰ মহীয়া পুত্ৰ আৰু স্বামীৰে সৈতে ২৭ বছৰীয়া লাজৰীণা বাজাজ নামৰ মহিলা এগৰাকীয়ে এক সুখী বৈবাহিক জীৱন যাপন কৰিছিল। তেওঁ নিজেও দিল্লীৰ এটা প্ৰতিস্থানত মানৱ সম্পদ বিভাগত কৰ্মৰত আছিল।

সেইদিনা দিনটো আছিল যথেষ্ট গৰম। সন্ধিয়াৰ পৰা লাজৰীনাৰ গাটো ভাল লাগি থকা নাছিল। সেয়েহে পৰিয়ালটোৱে সেইদিনা সোনকালে নিশাৰ আহাৰ কৰিছিল। আহাৰৰ পিছত পিছত শুবলৈ যো জা কৰাৰ সময়তে অকস্মাত লাজৰীণাৰ মূৰ ঘূৰাল, তেওঁ বিচনাত পৰি গ’ল। হঠাতে তেওঁ শৰীৰৰ ভিতৰত আচৰিত ধৰণৰ অস্থিৰতা অনুভৱ কৰিলে। তেওঁ এনে অনুভৱ কৰিলে যেন তেওঁৰ শৰীৰৰ অংগসমূহ ক্ৰমাৎ শিথিল হবলৈ ধৰিছে আৰু সেইবোৰ লৰচৰ কৰিব নোৱৰা হৈছে। ৰাতিটো ছটফটাই থাকি ৰাতিপুৱাই তেওঁ চিকিত্সকৰ ওচৰ পালেগৈ ।   

চিকিত্সকে কেইবাটাও পৰীক্ষা কৰিলে। তেওঁৰ চিকিত্সা আৰম্ভ হ’ল। ৰিপোৰ্টবোৰ চাই চিকিৎসকে পোনপেটীয়াকৈ জনালে যে লাজৰীণাক চিকিত্সালয়লৈ অনাত যথেষ্ট পলম হৈছে, কাৰণ তেওঁ বেলচ্‍ পালছি নামৰ এবিধ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। এই ৰোগৰ পৰিণতি হ’ল পক্ষাঘাত বা পেৰালাইছিছ। এই বেমাৰটোত আক্ৰান্ত হ’লে মাত্ৰ ৩০ৰ পৰা ৪০ শতাংশ মানুহহে পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব পাৰে।

লাজৰীণাৰ মূৰত যেন আকাশ ভাঙি পৰিল। ডেৰমহীয়া পুত্ৰ আকৰ্ষৰ কথা ভাবি তেওঁ উচুপি উঠিল। পক্ষাঘাতৰ দৰে পৰিণতিৰ কথা শুনি তেওঁৰ স্বামী আৰু পৰিয়ালবৰ্গ মৰ্মাহত হ’লসকলোৰে মনত মাত্ৰ এটাই প্ৰশ্ন জাগিল, লাজৰীণা পুনৰ সুস্থ হব নে নহয় ? তেওঁ পুনৰ স্বাভাৱিক মানুহৰ দৰে  চলা-ফুৰা কৰিব পাৰিবনে? যদি সুস্থ হয়ো তাৰবাবে কিমান দিনৰ প্ৰয়োজন হ'ব? এই চিকিত্সাত কিমান ধনৰ প্ৰয়োজন হ’ব? সেই দুৰ্ভাগ্যৰ মুহূৰ্তত তেওঁক স্বামী আৰু স্বামীৰ পৰিয়ালবৰ্গয়ো তেওঁক বোজা বুলি ভাবিবলৈ ল’লে। উপায় নাপাই তেওঁ পিতৃগৃহত আশ্ৰয় ল’বলগীয়া হ’ল।

পিছে লাজৰীণা বিতত নহ’ল। তেওঁ চিকিত্সকক জনালে যে তেওঁ সুস্থ হ’বলৈ বিচাৰে। তেওঁ আগৰ দৰে চলা-ফুৰা কৰিব বিচাৰে, দৌৰিব বিচাৰে, স্কুটি আৰু গাড়ী চলাবলৈ বিচাৰে। তেওঁৰ মনৰ দৃঢ়তা দেখি চিকিত্সকেও তবধ মানিলে। কেবাইমাহো ধৰি লাজৰীণাৰ চিকিৎসা চলিল। ঔষধৰ সমান্তৰালকৈ ফিজিঅ’ থেৰাপী আৰু বিশেষ ব্যায়ামো চলি থাকিল।

চিকিত্সা আৰু মনৰ জোৰত তেওঁ লাহে লাহে সুস্হ হবলৈ ধৰিলে। প্ৰায় দুবছৰৰ চিকিত্সাৰ পিছত লাজৰীণাই দৃঢ় মনোবলেৰে পক্ষাঘাতক জয় কৰিলে। তেওঁ লাহে লাহে খোজ কাঢ়িব পৰা হ’ল। অসাৰ হ’বলৈ ধৰা শৰীৰৰ অংগ সমূহলৈ লাহে লাহে প্ৰাণ ঘূৰি আহিল। পক্ষাঘাতৰ পৰা মুক্তি পোৱাৰ আনন্দত তেওঁৰ মনটো জঁপিয়াই উথিল।

কিন্তু লাজৰীণাক বিপদে এৰা দিয়া নাছিল।

পক্ষাঘাতৰ পৰা সকাহ পোৱাৰ সময়তে চিকিত্সকে আৱিষ্কাৰ কৰিলে লাজৰীণাৰ দেহত আন এক মাৰাত্মক ব্যাধি আৰম্ভ হৈছে, স্তন কেঞ্চাৰ। দুবছৰ ধৰি পক্ষাঘাতৰ যন্ত্ৰনাত ভূগি থাকি, জীৱনৰ লগত সংগ্ৰাম কৰি কৰি কোনোমতে সকাহ পাবলৈ ধৰা লাজৰীণাক জীৱনে আকৌ এবাৰ প্ৰত্যাহ্বান জনালে। কিছু সময়ৰ বাবে তেওঁৰ এনে লাগিল যেন তেওঁৰ সকলো চেষ্টা অথলে গ’ল। সুস্থ, নিৰোগী জীৱন এটা যেন তেওঁৰ ভাগ্যত নাছিলতেওঁ অনুভৱ কৰিলে, জীৱনে তেওঁক বাৰে বাৰে প্ৰতাৰণা কৰিবলৈ লৈছে। এনেদৰেই হয়তো এদিন সকলো শেষ হৈ যাব। নিৰাশা আৰু অনিশ্চয়তাৰ সেই সন্ধিক্ষণত লাজৰীণাই সিদ্ধান্ত ল’লে যে তেওঁ কেতিয়াও হাৰ নামানে। তেওঁ পুনৰ একেই সাহস, উৎসাহ আৰু ইচ্ছাশক্তিৰে এই নতুন বিপদৰ বিৰুদ্ধে যুদ্ধ কৰি যাব।

দুবছৰ ধৰি দিল্লীত লাজৰীণাৰ চিকিত্সা চলিল। অদম্য সাহসেৰে যুঁজি লাজৰীণাই কৰ্কট ৰোগৰ দৰে ভয়াবহ বেমাৰকো পৰাভূত কৰিলে। দুবছৰ ধৰি দৰৱ, পথ্য, ৰেডিয়েছন, কেমোথেৰাপিৰে তেওঁ আৰোগ্যৰ পথলৈ আহিল।

কিন্তু দুৰ্ভাগ্যই লাজৰীণাৰ পিছ নেৰিলে। চাৰি বছৰ ধৰি দুটাকৈ মাৰাত্মক ব্যাধিৰ সৈতে যুঁজি যুঁজি ভাগৰি পৰা তেওঁৰ দেহত মেদবহুলতা বা অ’বেছিটিৰ সমস্যাই দেখা দিলে। একেৰাহে চাৰি বছৰ ধৰি প্ৰায় শৰ্যাশায়ী হৈ থকাৰ ফলত আৰু চিকিত্সাৰ সময়ত ব্যৱহাৰ কৰা দৰৱৰ পাৰ্শ্বক্ৰিয়াৰ বাবে তেওঁৰ দেহৰ ওজন আচৰিত ভাৱে বাঢ়িবলৈ ল’লে। চাৰিবছৰত ওজন বাঢ়ি ৫৫ কিল’গ্ৰামৰ পৰা ৯৬ কিল’গ্ৰাম হ’লগৈ। আইনাত নিজৰ চেহেৰা চাবলৈ তেওঁ ভয় খোৱা হ’ল। চিকিত্সকে সাৱধান কৰি দিলে, ওজন নকমালে তেওঁ উচ্চ ৰক্তচাপ, মধুমেহ, বাত বিষ আদি ৰোগত ভূগিব লগীয়া হ’বলাজৰীণায়ো ওজন কমাবৰ বাবে আধুনিক চিকিত্সাৰ উপৰিও আয়ুৰ্বেদিক, হোমিঅ’পেথী, প্ৰাকৃতিক চিকিত্সা আদি নানা বিধৰ চিকিত্সাও আৰম্ভ কৰি দিলে। কিন্তু এইবোৰ চিকিত্সাই বিশেষ কাম নিদিলে। বৰ্ধিত ওজনৰ বাবে তেওঁ হতাশ হৈ পৰিল।

লাজৰীণাই বুজি পাইছিল যে ওজন কমাবৰ বাবে তেওঁ নিজেই কিবা এটা কৰিব লাগিব। স্কুলৰ থকা সময়ত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত কেৰাটে চেম্পিয়ন আছিল। চিকিৎসকৰ পৰামৰ্শমতে তেওঁ ইতিমধ্যেই ব্যায়াম কৰা আৰু দৌৰা আৰম্ভ কৰি দিছিল। সেই সময়তে তেওঁ পুত্ৰ আকৰ্ষৰ জন্মদিনত উপহাৰ দিবৰ বাবে চাইকেল কিনিবলৈ দোকানলৈ যাওঁতে ধুনীয়া ৰেচিং চাইকেল এখন নিজৰ বাবেও কিনি আনিলে। সেইদিনাৰ পৰা লাজৰীণাৰ আৰম্ভ হ’ল অন্য এক যাত্ৰা।  নিতৌ পূৱা-গধূলি তেওঁ চাইকেল চলাবলৈ আৰম্ভ কৰিলে।

নিতৌ চাইকেল চলাবলৈ লোৱাৰ পিছত লাহে লাহে তেওঁৰ ওজন কমি গৈ এসময়ত স্বাভাৱিক হৈ পৰিল। এসময়ত বাধ্যত পৰি চাইকেল চলোৱা লাজৰীণাৰ চাইক্লিং চখত পৰিণত হৈছিল। ওজন স্বাভাৱিক কৰি ৰাখিবৰ বাবে ইমান সস্তীয়া সাধনটোৰ বাদে আন বিকল্প তেওঁ বিচাৰি পোৱা নাছিল। প্ৰথমতে পুত্ৰ আকৰ্ষৰ লগত নয়দাৰ আবাসিক অঞ্চলত চাইকেল চলাবলৈ আৰম্ভ কৰা লাজৰীণাই এসময়ত চাইকেল চলাই নয়ডাৰ সীমা পাৰ হৈ দিল্লীৰ বিভিন্ন অঞ্চল পাইছিলগৈ।
লাহে লাহে তেওঁৰ চাইকেল চলোৱাৰ সময় আৰু সদায় অতিক্ৰম কৰা দূৰত্ব ক্ৰমাৎ বৃদ্ধি হৈছিল কেতিয়াবা নয়ডাৰ পৰা গ্ৰেটাৰ নয়ডা, নয়ডাৰ পৰা দিল্লী আৰু কেতিয়াবা নয়ডাৰ পৰা গাজিয়াবাদ আদি ইখন চহৰৰ পৰা আনখন চহৰলৈ তীব্ৰ গতিৰে চাইক্লিং কৰি ঘূৰি ফুৰাটো তেওঁৰ দৈনন্দিন কাৰ্যসূচীত পৰিণত হ'ল।

২০১৪ চনত লাজৰীণাৰ জীৱনত এক সোণালী পৰিৱৰ্তনৰ সূচনা হ’ল। সেই বছৰতে এদিন লাজৰীনাই ঘৰৰ কাম বন শেষ কৰাৰ পিছত চাইক্লিঙৰ বাবে ওলাইছিল। সেইদিনা তেওঁ নয়ডাৰ পৰা ইণ্ডিয়া গেট হৈ দক্ষিণ দিল্লীৰ ৰাস্তাত প্ৰৱেশ কৰিছিল। জৱহৰলাল নেহৰু ষ্টেডিয়ামৰ ওচৰ পাওঁতে তেওঁ কিছুসংখ্যক চাইকেল আৰোহী ষ্টেডিয়ামৰ ভিতৰলৈ সোমাই যোৱা আৰু কিছুসংখ্যকে ষ্টেডিয়ামৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যোৱা দেখিলে।

একো নাভাবি তেওঁ নিজৰ চাইকেলৰ দিশ ষ্টেডিয়ামৰ পিনে পোনাই দিলে। ভিতৰলৈ গৈ গম পালে যে দিল্লী খেল প্ৰাধিকৰণৰ তৰফৰ পৰা এখন চাইক্লিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পেছাদাৰ চাইক্লিষ্টসকলে প্ৰতিযোগিতাত ভাগ লবৰ বাবে আবেদন পত্ৰ পূৰণ কৰি আছিল।

লাজৰীনাৰো প্ৰতিযোগিতাত ভাগ ল’বলৈ মন গ’ল। কিন্তু একে সময়তে মনলৈ প্ৰশ্ন আহিল, পেছাদাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত তেওঁৰ দৰে চাইক্লিষ্টে ভাগ লব লাগে নে নালাগে? আগতে কেতিয়াও চাইক্লিং প্ৰতিযোগিতাত ভাগ লোৱাৰ কথা তেওঁ ভবাই নাছিলএই বিষয়ে ভালদৰে চিন্তা কৰিব লাগিব, স্বামীৰ পৰামৰ্শ লব লাগিব - এনেবাৰ প্ৰশ্নই তেওঁক বাৰে বাৰে দোমোজাত পেলালে। তেনেতে এজন লোকে সুধিলে যে তেওঁ আবেদন পত্ৰ পালে নে নাই। তেওঁ নাই পোৱা বুলি কোৱাত লোকজনে এখন আবেদন পত্ৰ আনি তেওঁৰ হাতত তুলি দিলে আৰু লাজৰীণাই যি হয় হ’ব বুলি ভাবি আবেদন পত্ৰখন পূৰাই জমা কৰি দিলে।

২০১৪ ৰ জুনত দিল্লীত অনুষ্ঠিত ৰাজ্যিক ৪০ কি.মি. প্লোটোন ৰাইডাৰ্চ ৰেচত অপ্ৰত্যাশিত ভাৱে সকলো পেছাদাৰী প্ৰতিযোগীক চেৰ পেলাই লাজৰীণা বিজয়ী হয়। সেয়া তেওঁৰ জীৱনৰ এক অনন্য অভিজ্ঞতা আছিল। সেই সাফল্যই তেওঁক ভৱিষ্যতে এগৰাকী চাইক্লিষ্ট হোৱাৰ বাবে উৎসাহিত কৰিলে। তাৰ পিছৰ পৰা তেওঁ এটাৰ পিছত আনটো প্ৰতিযোগিতা জিকিবলৈ ধৰিলে। যোৱা দুটা বছৰত তেওঁ প্ৰায় বাৰটা চাইক্লিং ৰেচত ভাগ লৈ জয়ী হৈছে। ২০১৫ ৰ ডিচেম্বৰত মৰ্যদাপূৰ্ণ গুড়গাওঁ-দিল্লী গ্ৰেণ্ড ফাণ্ডো টাইম ট্ৰায়েলৰ ৪৪ কি.মি. ৰেচত তেওঁ প্ৰথম স্থান দখল কৰে। ২০১৬ ৰ আৰম্ভণীতে অনুষ্ঠিত কেবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেচত লাজৰীনাই দ্বিতীয় স্হান দখল কৰিছে। এতিয়ালৈকে তেওঁ ৬টা সোণৰ, তিনিটা ৰূপৰ লগতে ১০ টাতকৈ অধিক মেডেল আজুৰি আনিছে।

কিন্তু সদায় মনত এগৰাকী যুঁজাৰুৰ ভাব পোষণ কৰি থকা লাজৰীণা বাজাজ পিছে এই সাফল্যতো সন্তুষ্ট নহয়। তেওঁৰ সপোন হ'ল চাইক্লিঙৰ ক্ষেত্ৰখনত অকল ভাৰততে নহয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা লাভ কৰাএছিয়ান গেমছ্‍, অলিম্পিকৰ দৰে আন্তৰ্জাতিক প্ৰতিযোগিতাত ভাৰতৰ বাবে তেওঁ মেডেল জয় কৰাৰ সপোন দেখেএগৰাকী শীৰ্ষস্থানীয় চাইক্লিষ্ট ৰূপে নিজৰ পৰিচয় গঢ়িব বিচাৰে তেওঁ। ইয়াৰ উপৰিও তেওঁ মানুহৰ মাজত বিশেষকৈ মেদবহুলতাত ভোগা আক্ৰান্ত মহিলাসকলৰ মাজত চাইক্লিঙৰ বিষয়ে সজাগতা সৃষ্টি কৰি নিয়মিতভাৱে চাইকেল চলাবলৈ উত্সাহিত কৰি আহিছেতেওঁৰ মতে ছোৱালীবোৰে পেচাগত চাইক্লিঙৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। কেৱল শাৰীৰিকভাৱে সুস্হ হৈ থকাই নহয় ইয়াৰ দ্বাৰা তেওঁলোকে স্পৰ্টছ কেৰিয়াৰৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব। লাজৰীণাই তেওঁৰ সন্তান আকৰ্ষকো এগৰাকী সফল চাইক্লিষ্ট হোৱাতো বিচাৰে।


জীৱনত সামান্য বাধা বিঘিনীতে ভাঙি পৰা মানুহৰ বাবে লাজৰীণা বাজাজ এক জীৱন্ত অনুপ্ৰেৰণা হৈ পৰিছে। জীৱনৰ অনেক ঘাত প্ৰতিঘাত নেওচি এগৰাকী সফল চাইক্লিষ্টৰ ৰূপত জীৱনৰ অৰ্থ বিচাৰি পোৱা  লাজৰীণা নিজক লৈ সন্তুষ্ট। ভগৱানৰ প্ৰতিও তেওঁৰ কোনো অভিযোগ নাই। তেওঁ বিশ্বাস কৰে যে অদৃষ্টজনে যি কৰে ভালৰ কাৰণেই কৰে। বিপদ আৰু সমস্যা আমাক দুৰ্বল কৰিবৰ বাবে নহয় বৰঞ্চ অধিক সক্ষম আৰু শক্তিশালী কৰিবৰ বাবেহে আমাৰ জীৱনলৈ আহে। আমি পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আৰু যুঁজি জিকিবলৈ শিকিব লাগে। ভগৱানে আমাৰ ক্ষমতাক চিনি পায় আৰু সঠিক সময়ত আমাক আমাৰ লক্ষ্যত উপনীত কৰায়। লাজৰীণাৰ জীৱন কাহিনীৰ পৰা আমি এক কথাই শিকিব পাৰোঁ যে মানুহে কেতিয়াও, কোনো পৰিস্থিতিতে নিৰাশ হ’ব নালাগে, বৰং কেৱল নিজৰ ওপৰত আস্থা ৰাখি জীৱনৰ বাটত আগুৱাই যাব লাগে। ইতিবাচক চিন্তাৰে জীৱনৰ ঘাত প্ৰতিঘাত সমূহ অতিক্ৰম কৰি যোৱাতহে জীৱনৰ সফলতা নিৰ্ভৰ কৰে।