গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা প্ৰায় কুৰি
কিল’মিটাৰ দূৰত গাৰোপাহাৰৰ পাদদেশৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন অতি ভিতৰুৱা গাওঁ
ঠাকুৰভিলা। গাওঁখনত
আধুনিক শিক্ষা, চিকিত্সাৰ অভাৱত এতিয়াও মানুহে ভূত প্ৰেত, ডাইনীক বিশ্বাস কৰে। মানুহৰ
বেমাৰ আজাৰ হ’লে এতিয়াও বেজ, কবিৰাজ, দেওধানীৰ ওচৰ চাপে। যাউতি যুগীয়া কুসংস্কাৰ
আৰু অন্ধবিশ্বাসৰ চাদৰে আৱৰি ৰাখিছে সেই গাওঁখন আৰু ওচৰ পাজৰৰ বহুতো অঞ্চল।
সেই গাওঁখনতে ১৯৪৯ চনত দুখীয়া কৃষক কলিয়া
ৰাভাৰ ঘৰত তেওঁৰ পত্নী সাগৰবালাৰ গৰ্ভত এজনী মৰমলগা বগা বৰণৰ ছোৱালীৰ জন্ম হৈছিল।
মাক দেউতাকে মৰমতে বগী বুলি মাতিছিল। সৰুৰে পৰা বগী আছিল তজবজীয়া, সকলো কামতে
পাৰ্গত। তাইক গাওঁখনৰ সকলো মানুহে তাইক বৰ মৰম কৰিছিল।
বগীৰ বয়স ছয় বছৰ হোৱাৰ সময়তে তাইৰ পিতৃ
বিয়োগ ঘটে। পিতৃৰ অবিহনে ঘৰখনৰ সকলো দায়িত্ব মাকৰ মূৰৰ ওপৰত আহি পৰে। মাকে
ৰাতিপুৱাই ওলাই গৈ মানুহৰ ঘৰে ঘৰে কাম কৰি সন্ধিয়া ঘৰলৈ উভতি আহে। ঘৰৰ সমষ্ট কাম
কাজৰ দায়িত্ব মূৰ পাতি ল’ব লগীয়া হ’ল বৰ জীয়ৰী বগীয়ে। ৰাতিপুৱা বগী স্কুললৈ গৈছিল। স্কুলৰ পৰা আহি
মাছ মাৰি আহি ঘৰৰ ভাত পানী ৰন্ধা, ঘৰ চফা কৰা, কাপোৰ ধোৱা আদি কাম কৰিছিল।
সন্ধিয়াহে কেতিয়াবা কিতাপ মেলিবলৈ সময় পাইছিল। ৰাতি ভাত পানী খাই শুই আকৌ পুৱতি
নিশাতে উঠি ধান বানিছিল। মুঠতে সাৰে থকা সময়খিনিত এখন্তেকো বগীৰ জিৰণি নাছিল।
বগীয়ে প্ৰাথমিক বিদ্যালয়ৰ দেওনা পাৰ হৈ অলপ
দূৰত থকা মজলীয়া বিদ্যালয়ত নাম লগালে। তাতেই চিনাকী হ’ল চণ্ডীচৰণ ৰাভা নামৰ এজন
যুৱকৰ লগত। ইপিনে মাকেও গাভৰু জীয়েকক বিয়া
দিবলৈ পাত্ৰৰ সন্ধান কৰিছিল। পোন্ধৰ বছৰ বয়সতে দুখীয়া কৃষকৰ ল’ৰা চণ্ডীচৰণ ৰাভাৰ
লগত বগীৰ বিয়া হৈ হ’ল। বিয়াৰ পিছত নতুন পৰিৱেশত বগী জনাজাত হ’ল তাইৰ ভাল নামটোৰে।
বীৰুবালা ৰাভা।
বিয়াৰ কিছুদিন পিছত বীৰুবালাৰ জীৱনলৈ আহিল
এটা ধুনীয়া ল’ৰা। বৰ মৰমেৰে তাৰ নাম ৰাখিলে ধৰ্মেশ্বৰ। লাহে লাহে মাক দেউতাকৰ মৰমৰ
মাজত ধৰ্মেশ্বৰ ডাঙৰ হৈ আহিল। সি যেতিয়া পঞ্চম শ্ৰেণী পালে হঠাতে সি নৰিয়াত পৰিল।
মাজে মাজে সি মুৰ্চা যায়, কথা বতৰা অসংলগ্ন হয়, কি কৰে নিজেই ক’ব নোৱাৰে। ওচৰত
দেখুৱাবলৈ কোনো ডাক্তৰ বা হস্পিতালো নাই। গাওঁৰ মানুহে কোৱা কুই কৰিলে ধৰ্মেশ্বৰৰ
গাত ভূত লম্ভিছে। কিন্তু মাক বীৰুবালাই এইবোৰ কথা মানি ল’বলৈ টান পালে বহুত কষ্ট কৰি
পইচা যোগাৰ কৰি ধৰ্মেশ্বৰক গুৱাহাটী মেডিকেল কলেজ হষ্পিতাললৈ লৈ গ’ল। ডাক্তৰে চাই
চিতি ক’লে সি স্নায়ু ৰোগত ভূগিছে। ডাক্তৰে দৰৱ দিলে। সেই দৰৱ খুৱায়ো একো বিশেষ একো
লাভ নহ’ল। বাৰে বাৰে তাক গুৱাহাটীলৈ নিয়াও সম্ভৱ নাছিল। সকলোৱে কৈছিল, তাৰ বেমাৰ
বেজেহে ভাল কৰিব পাৰিব। এনে বেমাৰত ডাক্তৰী ঔষধৰ কাম নাই। উপায় নাপাই পৰিয়ালটো গাৱঁতে
থকা মঙল চোৱা দেওধনী আৰু বেজৰ ওচৰ চাপিলে।
দেওধনীয়ে মঙল চাই ক’লে, ধৰ্মেশ্বৰৰ গাত পৰী
লম্ভিছে। ধৰ্মেশ্বৰৰ গাত লম্ভা পৰীজনী গৰ্ভৱতী হৈ আছে। সেই পৰীজনীৰ গৰ্ভৰ সন্তানটো
জন্ম নোহোৱালৈকেহে ধৰ্মেশ্বৰ জীয়াই থাকিব। দুই এদিনতে পৰীজনীয়ে সন্তান এটা জন্ম
দিব আৰু সন্তানটোৰ জন্মৰ তিনিদিনৰ পিছতে ধৰ্মেশ্বৰ মৰি যাব। এই কথা শুনি মাক
বীৰুবালাই হিয়া ঢাকুৰি কান্দিলে। ধৰ্মেশ্বৰৰ আসন্ন মৃত্যুৰ বাতৰিয়ে বীৰুবালাক বৰকৈ
ব্যাকুল কৰিলে।
কিন্তু ধৰ্মেশ্বৰ নমৰিল। কিন্তু দিনে দিনে
তাৰ মূৰৰ বিকৃতি বাঢ়ি যাবলৈ ধৰিলে। সি যেতিয়া নৱম শ্ৰেণী পালে, সি সম্পূৰ্ণভাৱে পগলা
গ’ল। তাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হ’ল। অৱশেষত
ৰাইজে তাক হাত- ভৰি বান্ধি জন্তুৰ দৰে গৰালত থব লগীয়া হ'ল ।
ধৰ্মেশ্বৰৰ এনে অৱস্থা দেখি মাক বীৰুবালাও বাউলী হৈ পৰিছিল। উপায়হীন হৈ প্ৰশাসনৰ
সহযোগত চিকিৎসাৰ বাবে এদিন ধৰ্মেশ্বৰক শ্বিলঙলৈ পঠাই দিয়া হ’ল। ডেকা
পুতেকক জন্তুৰ দৰে ধৰি বান্ধি লৈ যোৱা দৃশ্য মাকৰ বাবে অসহনীয় হৈ পৰিছিল।
বৰপুত্ৰৰ অসহনীয় বেথাৰ মাজতে বীৰুবালাৰ
জীৱনলৈ নতুন বিপৰ্যয় নামি আহিল। হঠাতে স্বামীও অসুখীয়া হৈ পৰিল। স্বামীকো গাঠিৰ ধন
ভাঙি চহৰত ডাক্তৰৰ ওচৰলৈ নিবলগীয়া হ’ল। ডাক্তৰে পৰীক্ষা কৰি জানিবলৈ দিলে স্বামী
দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈছে। তেওঁৰ কৰ্কট ৰোগ হৈছে। ডাক্তৰে এই কথাও জনালে যে
কৰ্কট ৰোগৰ পৰিণতি হ’ল আসন্ন মৃত্যু। পৰিয়ালটোত এটাৰ পিছত এটাকৈ নামি অহা বিপৰ্যয়ৰ
বাবে বীৰুবালা অসহায় হৈ পৰিল। সেই সময়ত তেওঁৰ প্ৰয়োজন আছিল গাৱঁৰ মানুহৰ সহায় আৰু
সহানুভূতি। কিন্তু বীৰুবালাক আচৰিত কৰি গাৱঁৰ কুসংস্কাৰপূৰ্ণ মনৰ মানুহবোৰে কোনোবা
বেজৰ প্ৰৰোচনাত ঘোষণা কৰিলে পৰিয়ালটোৰ এনে অমংগল এজনী ডাইনীৰ বাবে হৈছে। আৰু নিজৰ
বৰপুত্ৰক পাগল কৰা, স্বামীক অসুস্থ কৰা ডাইনীজনী হ’ল আন কোনো নহয়, স্বয়ং বীৰুবালা।
বীৰুবালাৰ মূৰত সৰগ ভাঙি পৰিল। সেই অন্ধ
সংস্কাৰপূৰ্ণ গাওঁখনত কাৰোবাক ডাইনী অভিহিত কৰা মানে কি হ’ব পাৰে তেওঁ ভালদৰেই
জানে। কোনো মানুহৰ অপায় অমংগলৰ বাবে কাৰোবাক ডাইনী সজাই মাৰ পিট কৰাতো সেইখন গাৱঁত
সাধাৰণ কথা। ডাইনী অভিহিত মানুহে কেতিয়াবা গঞাৰ ৰোষত পৰি প্ৰাণ পৰ্যন্ত বিসৰ্জন
দিবলগীয়া হয়। কিন্তু বীৰুবালা বিতত নহ’ল। তেওঁ মন ঠিৰাং কৰিলে সমাজে তেওঁক ডাইনী
বুলি অভিহিত কৰিলেও তেওঁ ইয়াৰ বিৰুদ্ধে যুঁজ দিব। তেওঁ মানুহক সুধিব, কোনোবা মাইকী
মানুহে ডাইনী হৈ নিজে জন্ম দিয়া সন্তানক পগলা কৰিব বা নিজৰ স্বামীক ৰুগীয়া কৰিব
পাৰে নেকি? বীৰুবালাই এই কাৰ্যত স্বামীৰ সমৰ্থন পালে। দুয়ো মিলি এই ডাইনী সজোৱা
কামৰ তীব্ৰ বিৰোধিতা কৰিলে। এই কথাটোক লৈ গাৱঁৰ মানুহৰ লগত বীৰুবালাৰ পৰিয়ালটোৰ
বাক বিতণ্ডাও হয়।
১৯৯৯ চনৰ কথা। গোৱালপাৰা জিলাৰ
লক্ষীপুৰৰ দদান মন্দিৰৰ প্ৰাংগনত এখন ৰাজহুৱা সভা অনুস্থিত হৈছিল। সভাত সেই অঞ্চলৰ
৫ গৰাকী মহিলা যুৱতীক ডাইনী সজাই অভিযুক্ত কৰা হৈছিল । কিন্তু সেই সভাত বীৰুবালা
ৰাভাই সেই ৰ্দুভগীয়া মহিলাৰ পক্ষে থিয় হৈ গৰজি উঠিছিল। “তেওঁলোক
ডাইনী কেতিয়াও হ’ব নোৱাৰে, এয়া
অন্ধবিশ্বাস” বুলি তেওঁ ৰাইজৰ আগত সাহসেৰে প্ৰতিবাদ কৰিছিল । সেইখন সভাতে বীৰুবালা ৰাভাই সাহসেৰে
কৈছিল, “মোৰ ল’ৰা ধৰ্মেশ্বৰক দেওধনীয়ে মংগল চাই তিনিদিনৰ ভিতৰতে মৰিব বুলি কৈছিল।
কিন্তু ক’ত, সি আজিলৈকে জীয়াই আছে। দেওধনীৰ কথা যদি সঁচা হ’লহেতেন, সি কেতিয়াবাই
মৰিব লাগিছিল। এইবোৰ বেজ, দেওধনী সৱ ভণ্ড”। কিন্তু উপস্থিত ৰাইজে বীৰুবালাৰ কথাত
পতিয়ন নগ’ল। বৰং ৰাজহুৱা সভাত এইদৰে মাত মতাৰ অপৰাধত বীৰুবালা ৰাভাৰ পৰিয়ালটোক
এঘৰীয়া কৰা হ’ল।
সঁচা কথা কোৱা বাবেই এইদৰে অন্যায় ভাৱে
ৰাইজৰ ৰোষৰ বলি হ’বলগীয়া হোৱা কথাটোৱে বীৰুবালাৰ সাহস দুগুনে বঢ়াই তুলিলে। সমাজে এঘৰীয়া
কৰিলেও এইগৰাকী সাহসী নাৰী পিছ হুহকি নগ’ল। বৰং সম্পূৰ্ণ নিজৰ উচ্ছাহেৰে ইখনৰ পিছত
সিখন গাৱলৈ গৈ, কেতিয়াবা বহু দুৰ বাট অকলে খোজ কাঢ়ি ডাইনী অন্ধবিশ্বাস যে
অযুক্তিকৰ ধাৰণা, এই কথা বুজাই গ’ল। য’তেই মানুহে কাৰোবাক অন্যায়,
অবিচাৰ কৰি ডাইনী সজোৱাৰ খবৰ পায়, তাতেই হাজিৰ হয়গৈ বীৰুবালা ৰাভা। লাহে লাহে বীৰুবালা
গাৱঁৰ দুখীয়া, অৱলা নাৰীসকলৰ সাহসৰ প্ৰতীক হৈ পৰিল। বহুতো মহিলা তেওঁক সংগ দিবলৈ
আগবাঢ়ি আহিল। অসম মহিলা সমতা সমিতিয়ে বীৰুবালা ৰাভাক সহায়, সহযোগ আবধঢ়ালে। মানুহৰ
অন্যায়, অবিচাৰত নিজৰ সৰ্বস্ব হেৰুওৱা মানুহবোৰ আহি বীৰুবালাৰ সাহস আৰু সামৰ্থ আৰু
বৃদ্ধি কৰিলে। লাহে লাহে তেওঁৰ কথা ৰাইজৰ কিছুমানে বুজিবলৈ আৰম্ভ কৰিলে। তেনে
ৰাইজৰ সহযোগত তেওঁ ওচৰ পাজৰ গাৱঁৰ বহুতো মানুহক ৰাইজে ডাইনী সজাই মাৰি পেলোৱাৰ পৰা
ৰক্ষা কৰিলে। লাহে লাহে অন্ধ বিশ্বাস, কু-সংস্কাৰত পোত গৈ থকা সমাজৰ মানুহে বুজি উঠিল
যে ডাইনী বুলি একো নাই। ঠাকুৰভিলা আৰু ওচৰ পাজৰৰ গাওঁবোৰত বীৰুবালা ৰাভাই এক বৈপ্লৱিক
পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ল।
অসমৰ এখন অতি পিছপৰা গাৱঁত এগৰাকী সাহসী
মহিলাৰ নিজাববীয়া উদ্যোগত সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ নিৰ্মূল কৰাৰ প্ৰয়াসে লাহে
লাহে বিদ্বত সমাজৰ সৃষ্টি আকৰ্ষণ কৰিলে। ২০০৫ চনত বীৰুবালা ৰাভাই প্ৰজেক্ট থাউজেণ্ড উইমেনৰ মনোনয়নত শান্তিৰ ন’বেল বঁটাৰ
বাবে মনোনীত প্ৰথম অসমীয়া হোৱাৰ যোগ্যতা অৰ্জন কৰে ।
বীৰুবালা ৰাভাৰ সাহস, সততা, দৃঢ়তা
দেখি অসমৰ বহু অঞ্চলৰ যুৱক, যুৱতী, পুৰুষ, মহিলা একে
উদ্দেশ্যতে কাম কৰি যাবলৈ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে
যাত্ৰাত বীৰুবালা ৰাভাৰ সতীৰ্থ হৈ পৰিছে। ২০১২ চনত আনুষ্ঠানিক ভাবে জন্ম হয়
মিছন বীৰুবালাৰ । বীৰুবালা
ৰাভাৰ আৰ্দশৰে পুৰিপুষ্ট মিছন বীৰুবালাৰ ৰ্বত্তমান সদস্যৰ সংখ্যা ৮০০ ৰো অধিক ।
ইতিমধ্যে ইয়াৰ প্ৰায় ১০০ সদস্যই অসমৰ মুঠ ১৪ খন জিলাত অন্ধবিশ্বাস অথবা ডাইনী
সন্দৰ্ভত সজাগতা সভা কৰ্মশালা অনুষ্ঠিত কৰি সেৱা আগবঢাইছে। উল্লেখযোগ্য যে মিছন
বীৰুবালাই ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি, দুধনৈ মহাবিদ্যালয়, চাবুৱা ডি
ডি আৰ কলেজ, ডিব্ৰু মহাবিদ্যালয়, ফিল’বাৰী
কনিষ্ঠ মহাবিদ্যালয় আৰু ছেৰফাংগুৰি মিছন বীৰুবালাৰ কোষ (Working Cell) গঠন কৰিছে। মিছন
বীৰুবালাৰ কোষৰ সদস্যই গাঁৱৰ সচেতন শিক্ষিত ব্যক্তি, প্ৰশাসনৰ
সহযোগত অসমৰ বিভিন্ন ঠাইত গৈ জনসজাগতামূলক সভা, বাটৰ নাট পাতি অন্ধবিশ্বাস দূৰ
কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। মিছন বীৰুবালা হৈ পৰিছে ডাইনী প্ৰথাৰ
ভুক্তভোগী অসহায় মানুহৰ বাবে আশাৰ কিৰণ।
ইতিমধ্যে বহু সন্মানেৰে বিভূষিত হৈছে
বীৰুবালা ৰাভা। ২০১০ চনত
ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লিমিটেডৰ পৰা “ৰিয়েল হিৰ” খিতাপ, তাই আহোম
যুৱ পৰিষদৰ পৰা “বীৰাংগনা মুলা গাভৰু” বঁটা, “জয়মতী” বঁটা, “সমাজ প্ৰাণ
সৰ্বেশ্বৰ দত্ত স্মাৰক” বঁটা তেওঁ লাভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা
সন্মানীয় ডক্তৰেট উপাধিও লাভ কৰিছে পঞ্চম শ্ৰেণীতে শিক্ষা জীৱন সামৰা বীৰুবালা
ৰাভাই। আজিও ডাইনী
প্ৰথাৰ বিৰুদ্ধে যুঁজৰ অক্লান্ত ভাৱে যুঁজি গৈছে বীৰুবালা ৰাভাই। বীৰুবালা
ৰাভাৰ এই প্ৰয়াসে পিছপৰা, কুসংস্কাৰপূৰ্ণ সমাজক প্ৰগতিৰ নতুন বাট দেখুৱাইছে।